দক্ষিণ কামৰূপ,21 মেঃ 25 মে'ৰ পৰা দেশৰজুৰি আৰম্ভ হ'ব ঘৰুৱা বিমানসেৱা । বিমানসেৱা আৰম্ভ কৰাৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰে । বিমানবন্দৰত উপস্থিত হোৱা যাত্ৰীসকলে মানিব লাগিব বিভিন্ন নিয়ম । কৰ'ণা সংক্ৰমণ ৰোধৰ বাবে বিমান বন্দৰত 1 মিটাৰ দূৰে দূৰে দিয়া হৈছে ঘূৰণীয়া চিহ্ন । এই চিহ্নত থিয় দিহে যাত্ৰী সকলে অহা-যোৱা কৰিব পাৰিব । সমান্তৰালকৈ বহা ঠাইসমূহতো দিয়া হৈছে বগা চিহ্ন । ইয়াৰ উপৰিও এক বিশেষ মেচিনযোগে বিমানবন্দৰত প্ৰৱেশ কৰা যাত্ৰীসমূহৰ দেহ ছেনিটাইজ কৰা হ'ব । যাত্ৰীসকলে টিকটৰ উপৰিও I-card সমূহ কেমেৰাৰ আগতহে সুৰক্ষা কৰ্মীসকলক দেখুৱাব লাগিব ।
উল্লেখ্য যে, কোভিড 19ৰ বাবে যোৱা 24 মাৰ্চৰ পৰা বন্ধ হৈ আছিল দেশ সকলো বিমান বন্দৰ । 20 মে'ত অসামৰিক বিমান পৰিৱহন মন্ত্ৰী হৰদীপ সিং পুৰীয়ে ২৫মে'ৰ পৰা ঘৰুৱা বিমানসমূহৰ চলাচল আৰম্ভ হ'ব বুলি টুইটাৰযোগে ঘোষণা কৰে ।
লগতে পঢ়ক- দেৰগাঁৱৰ চিকাৰীঘাটত উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল