ETV Bharat / state

গুৱাহাটীৰ ভূমিৰ নথি জালিয়াতি গোচৰত গ্ৰেপ্তাৰ হৈছে ইজনৰ পিছত সিজন অভিযুক্ত

author img

By ETV Bharat Assamese Team

Published : Dec 2, 2023, 10:54 PM IST

গুৱাহাটীৰ ভূমিৰ নথি জালিয়াতি গোচৰত শনিবাৰে পুনৰ গ্ৰেপ্তাৰ হ’ল উপ-পঞ্জীয়কৰ কাৰ্যালয়ৰ এজন চকীদাৰ ৷ ভৰত ডেকা নামৰ চকীদাৰজনক গ্ৰেপ্তাৰ কৰিছে মহানগৰ আৰক্ষীৰ চাইবাৰ কোষে ৷

Guwahati Land Record Fraud Case Update
ভূমিৰ নথি জালিয়াতি গোচৰত গ্ৰেপ্তাৰ

গুৱাহাটী, 2 ডিচেম্বৰ : গুৱাহাটীৰ ভূমিৰ নথি জালিয়াতিৰ গোচৰত গ্ৰেপ্তাৰ হৈছে ইজনৰ পিছত সিজন অভিযুক্ত ৷ শনিবাৰে পুনৰ গ্ৰেপ্তাৰ হ’ল উপ-পঞ্জীয়কৰ কাৰ্যালয়ৰ এজন চকীদাৰ ৷ মহানগৰ আৰক্ষীৰ চাইবাৰ কোষে ভূমি জালিয়াতিৰ গোচৰত ভৰত ডেকা নামৰ চকীদাৰ জনক গ্ৰেপ্তাৰ কৰিছে ৷ ইয়াৰ লগে লগে আৰক্ষীৰ চাইবাৰ কোষে ভূমিৰ নথি জালিয়াতিৰ গোচৰত গ্ৰেপ্তাৰ কৰা অভিযুক্তৰ সংখ্যা মুঠ 13 লৈ বৃদ্ধি পালে ৷

ইয়াৰে 6 জন গুৱাহাটীৰ উপ-পঞ্জীয়কৰ কাৰ্যালয়ৰ কৰ্মচাৰী ৷ প্ৰথমে মণ্ডল, দালালসহ গুৱাহাটী উপ-পঞ্জীয়কৰ কাৰ্যালয়ৰ কৰ্মচাৰী 5 জনক গ্ৰেপ্তাৰ কৰাৰ পাছতে আৰু 6 জনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৷ এই কৰ্মচাৰীসকলৰ ভিতৰত এজন গৃহৰক্ষী জোৱানো আছে ৷ পংকজ দাস নামৰ এই গৃহৰক্ষী জোৱানজন বিগত দহ বছৰে উপ-পঞ্জীয়কৰ কাৰ্যালয়ত ৰেকৰ্ড ৰুমৰ সুৰক্ষাৰ দায়িত্বত নিয়োজিত হৈ আছিল ৷

মহানগৰ আৰক্ষীৰ চাইবাৰ কোষে ভূমিৰ নথি জালিয়াতিৰ গোচৰত কামৰূপ মহানগৰ জিলাৰ উপ-পঞ্জীয়কৰ কাৰ্যালয়ৰ 'এক্সট্ৰা ৰাইটাৰ' সদয় কুমাৰ ডেকা (39), আন এগৰাকী এক্সট্ৰা ৰাইটাৰ' দেৱাশিস বৰুৱা (37), দিছপুৰ ৰাজহ চক্ৰৰ ঠিকা ভিত্তিক ডাটা এন্ট্ৰি অপাৰেটৰ দীপাংকৰ জ্যোতি কলিতা (38), উপ-পঞ্জীয়কৰ কাৰ্যালয়ৰ গৃহৰক্ষী জোৱান পংকজ দাস (36), উপ-পঞ্জীয়কৰ কাৰ্যালয়ৰ পিয়ন নয়ন কলিতা (39) আৰু আন এগৰাকী পিয়ন নিৰঞ্জন কলিতা (48 ) ক গ্ৰেপ্তাৰ কৰিছে ৷ এই চক্ৰটোৱে একাংশ অধিবক্তাৰ সৈতে মিলি ভূ-মাফিয়া চক্ৰক মাটিৰ তথ্য আদি প্ৰদান কৰাৰ লগতে জালিয়াতি কৰাত সহযোগ কৰি আহিছিল ৷

চাইবাৰ কোষৰ দলে নিশা পিয়ন নিৰঞ্জন কলিতাৰ নলবাৰীৰ ঘৰতো তালাচী চলাইছে ৷ ইফালে মহানগৰ আৰক্ষীয়ে গুৱাহাটীৰ ভূ-মাফিয়াৰ বিৰুদ্ধে তীব্ৰ অভিযান অব্যাহত ৰাখিছে ৷ এই অভিযানৰ অংশ হিচাপে যোৱা 26 নৱেম্বৰৰ নিশা গুৱাহাটীৰ লালুংগাঁৱত আৰক্ষীৰ এনকাউণ্টাৰত আহত হৈছে ৰমেন মদাহি নামৰ এটা ভূ-মাফিয়া এটা ৷ উল্লেখ্য যে আৰক্ষীয়ে ভূ-মাফিয়া তাপস চৌধুৰী, দিছপুৰ ৰাজহ চক্ৰৰ অস্থায়ী ডাটা এন্ট্ৰি অপাৰেটৰ ধ্ৰুবজ্যোতি বর্মন, লাটমণ্ডল বাপধন দাস, উপ-পঞ্জীয়কৰ কাৰ্যালয়ৰ কনিষ্ঠ সহায়ক নিতুল দাস আৰু এনকাউণ্টাৰত আহত ৰমেন মদাহিক গ্ৰেপ্তাৰ কৰিছে ৷

লগতে পঢ়ক : ভয়ংকৰ ভৱিষ্যতৰ দিশে অসম : দ্ৰুত গতিত বাঢ়িছে এইডছ আক্ৰান্তৰ সংখ্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.