ETV Bharat / state

উত্তাল প্ৰতিবাদ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ

author img

By

Published : Dec 5, 2019, 12:05 PM IST

Updated : Dec 5, 2019, 12:35 PM IST

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদমুখৰ হৈ পৰিছে সমগ্ৰ ৰাজ্য ৷ বিজেপি চৰকাৰে বিধেয়ক গৃহিত কৰাৰ দিশে আগবঢ়াৰ সময়তে ৰাজ্যজুৰি দল সংগঠনৰ প্ৰতিবাদত কঁপিছে ৰাজ্য ৷ বৃহস্পতিবাৰে দিছপুৰ লাষ্টগেটত ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৷

উত্তাল প্ৰতিবাদ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ
উত্তাল প্ৰতিবাদ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ

গুৱাহাটী, 5 ডিচেম্বৰঃ কোনো কাৰণত নাগৰিকত্ব সংশোধনী বিধেয়ক মানি লোৱা নহ'ব ৷ বৃহস্পতিবাৰে পুৱাৰ পৰা দিছপুৰ লাষ্ট গেটত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেব বিৰোধী আন্দোলন। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেইবা শতাধিক কৰ্মীয়ে চৰকাৰ বিৰোধী শ্ল'গানেৰে উত্তাল কৰিলে পৰিৱেশ। কোনো কাৰণতে অবৈধ নাগৰিকৰ বোজা গ্ৰহণ নকৰে অসমে । মোদী চৰকাৰৰ কেবিনেটত নাগৰিকত্ব সংশোধনী বিধেয়ক অনুমোদন লাভ কৰাৰ পিছত এই বিধেয়কখন অহা ৯ ডিচেম্বৰত লোকসভাত আৰু ১০ ডিচেম্বৰত ৰাজ্যসভাত উত্থাপন কৰিব কেন্দ্ৰ চৰকাৰে। কেবিনেট নাগৰিকত্ব সংশোধনী বিধেয়ক অনুমোদন লাভ কৰাৰ পিছৰে পৰা ৰাজ্যত অধিক ভয়াৱহ ৰূপ লৈছে নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী আন্দোলনে। বিভিন্ন দল-সংগঠনৰ লগতে অখিল গগৈৰ নেতৃত্বত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজপথ কঁপাইছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে।

Guwahati kmss protest against cab assam.
কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লাষ্ট গেটত উত্তাল প্ৰতিবাদ

বৃহস্পতিবাৰে বিধানসভাৰ শীতকালীন অধিবেশন চলি থকাৰ মাজতে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে লাষ্ট গেটত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি পৰিৱেশ উত্তাল কৰি তোলে। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈয়ে প্ৰতিবাদস্থলীৰ পৰা ৰাজ্যৰ সকলো দল-সংগঠনক নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে একগোট হৈ প্ৰতিবাদ কৰিবলৈ আহ্বান জনায়। অখিলে বিজেপি চৰকাৰক নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰাৰ দাবী জনাই কয় যদি এই বিতৰ্কিত বিলখন বিজেপিয়ে গৃহীত কৰে তেন্তে পৰিস্থিতি অধিক ভয়াৱহ হ'ব। নাগৰিকত্ব সংশোধনী বিধেয়ক লোকসভা আৰু ৰাজ্যসভাত যদি গৃহীত হয় তেন্তে কৃষক মুক্তি সংগ্ৰাম সমিতি ইয়াৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়লৈ যাব বুলি মন্তব্য কৰে ৷

ৰাজ্যজুৰি দল সংগঠনৰ প্ৰতিবাদত কঁপিছে ৰাজ্য

ইফালে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী আন্দোলন চলি থকাৰ মাজতে জিলা প্ৰশাসন আৰু মহানগৰ আৰক্ষীয়ে সকলোধৰণৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা পৰিলক্ষিত হয়।

লগতে চাওকঃ5 ডিচেম্বৰত কেবৰ বিৰোধিতাৰে লাষ্টগেট কপাব কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে

Last Updated : Dec 5, 2019, 12:35 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.