ETV Bharat / state

অভিনন্দনক আদৰিবলৈ সাজু গুৱাহাটীবাসী - wagah

হাতে হাতে পতাকা লৈ ফাঁচীবজাৰৰ ৰাজপথত ওলাই আহিল ৰাইজ

স্বদেশলৈ বীৰদৰ্পে উভতিভ অভিনন্দন !!
author img

By

Published : Mar 1, 2019, 4:43 PM IST

গুৱাহাটী,১ মাৰ্চঃসমগ্ৰ ভাৰতবৰ্ষৰ লগতে গুৱাহাটীবাসীও সাজু হৈছে অভিনন্দনক অভিনন্দন জনাবলৈ । মহানগৰীৰ ফাঁচী বজাৰৰ বাসিন্দা সকলে শুকুৰবাৰে বিয়লি অভিনন্দন ভাৰতলৈ ঘূৰি অহাৰ লগে লগে ফটকা ফুটাই আৰু ৰাইজৰ মাজত মিঠাই বিলাই বিজয় উৎসৱ পালন কৰিব।

অভিনন্দনক আদৰিবলৈ সাজু গুৱাহাটীবাসী
ইতিমধ্যে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে ফাঁচী বজাৰবাসীয়ে। ৰাষ্ট্ৰীয় পতাকা আৰু ফটকা লৈ ৰাজপথলৈ ওলাই আহিছে ফাঁচী বজাৰৰ শতাধিক ৰাইজ । এতিয়া অপেক্ষা মাত্ৰ অভিনন্দনৰ মাতৃভূমিলৈ আগমনৰ।

উল্লেখ্য যে ভাৰতৰ MiG- 21 যুদ্ধ বিমানেৰে পাকিস্তানৰ অত্যাধুনিক F-16 যুদ্ধ বিমানৰ সৈতে মোকাবিলা কৰি পাকিস্তানী সৈন্যৰ হাতত ধৰা পৰিছিল উইং কামাণ্ডাৰগৰাকী । পাকিস্তানী F-16 ৰ সৈতে হোৱা "Aerial Dogfight"ত পাকিস্তানৰ ভূমিত ভূ-পতিত হৈছিল উইং কামাণ্ডাৰ অভিনন্দন বৰ্থমান ।

সম্পূৰ্ণ দুটা দিন পাকিস্তানত যুদ্ধবন্দী হিচাপে থকাৰ পাচত পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানে বৃহস্পতিবাৰে ঘোষণা কৰে অভিনন্দনৰ মুক্তিৰ কথা ।

Intro:অভিনন্দন আজি ঘূৰি আহিব মাতৃভূমিলৈ। অভিনন্দনক অভিনন্দন জনাবলৈ সাজু মহানগৰবাসী।

Body:ভাৰতীয় বায়ু সেনাৰ উইং কামাণ্ডেণ্ট অভিনন্দনক পাকিস্তানে আজি ঘূৰাই দিব ভাৰতক। যোৱা দুদিন ধৰি পাকিস্তানত বন্দী হৈ থকা ভাৰতীয় বায়ু সেনাৰ উইং কামাণ্ডেণ্ট গৰাকীৰ মাতৃভূমিলৈ আগমনৰ বতৰাই উৎফুল্লিত কৰি তুলিছে সমগ্ৰ ভাৰতবাসীক। সমগ্ৰ ভাৰতবৰ্ষৰ লগতে গুৱাহাটীবাসীও অভিনন্দনক অভিনন্দন জনাবলৈ সাজু হৈছে। মহানগৰীৰ ফাঁচী বজাৰৰ বাসিন্দা সকলে আজি বিয়লি অভিনন্দন ভাৰতলৈ ঘূৰি অহাৰ লগে লগে ফটকা ফুটাই আৰু ৰাইজৰ মাজত মিঠাই বিলাই বিজয় উৎসৱ পালন কৰিব। ইতিমধ্যে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে ফাঁচী বজাৰবাসীয়ে। ৰাষ্ট্ৰীয় পতাকা আৰু ফটকা লৈ ৰাজপথলৈ ওলাই আহিছে ফাঁচী বজাৰৰ ৰাইজৰ। এতিয়া অপেক্ষা মাত্ৰ অভিনন্দনৰ মাতৃভূমিলৈ আগমনৰ।

বাইট : ফাঁচী বজাৰৰ স্থানীয় নাগৰিক

Conclusion:জম্মু কাশ্মীৰৰ ফুলৱামাত পাকিস্তানী সন্ত্ৰসবাদী সংগঠনৰ ভাৰতীয় সেনাৰ ওপৰত আক্ৰমণৰ পিছতে ভাৰতে পাকিস্তানত থকা উগ্ৰপন্থী সংগঠনৰ শিবিৰত আক্ৰমণ চলাইছিল। পাকিস্তানৰ উগ্ৰপন্থী শিবিৰত আক্ৰমণ চলাবলৈ যোৱা ভাৰতীয় বায়ু সেনাৰ উইং কামাণ্ডেণ্ট অভিনন্দনক পাকিস্তানী সেনাই আটক কৰিছিল।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.