ETV Bharat / state

APSC language controvercy: কেবিনেটৰ সিদ্ধান্তৰ প্ৰতি সমৰ্থন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

অন্ত পৰিল অসম লোকসেৱা আয়োগৰ ভাষা বিষয়ক বিতৰ্কৰ(Assam Public Service Commission)৷ গুৱাহাটী উচ্চ ন্যায়ালয়ে প্ৰদান কৰিলে চূড়ান্ত ৰায় ৷

author img

By

Published : Oct 21, 2022, 1:01 PM IST

Assam government decision to remove Assamese paper from APSC
APSC language controvercy: কেবিনেটৰ সিদ্ধান্তৰ প্ৰতি সমৰ্থন উচ্চ ন্যায়ালয়ৰ

গুৱাহাটী, 21 অক্টোবৰ: অৱশেষত গুৱাহাটী উচ্চ ন্যায়ালয়ে অসম লোকসেৱা আয়োগৰ ভাষা বিষয়ক প্ৰশ্নকাকতৰ বিষয়টোত প্ৰদান কৰিলে চূড়ান্ত ৰায়(Assam Public Service Commission) । শুক্ৰবাৰে উচ্চ ন্যায়ালয়ে অসম লোকসেৱা আয়োগৰ ভাষা বিষয়ক প্ৰশ্নকাকত সন্দৰ্ভত চূড়ান্ত ৰায় প্ৰদান কৰিছে । অসম লোকসেৱা আয়োগৰ ভাষা বিষয়ক প্ৰশ্নকাকতক লৈ ৰাজ্যিক কেবিনেটে গ্ৰহণ কৰা সিদ্ধান্তক উচ্চ ন্যায়ালয়ে মোহৰ মাৰিলে ।

উল্লেখ্য যে যোৱা বছৰ বঙাইগাঁৱত অনুষ্ঠিত কেবিনেট বৈঠকত অসম লোকসেৱা আয়োগৰ পৰীক্ষা সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। অসম লোকসেৱা আয়োগৰ পৰীক্ষাত কোনোধৰণৰ ভাষা বিষয়ৰ কাকত নাথাকিব বুলি কেবিনেট বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল(Assam government decision to remove Assamese paper from APSC) । কেবিনেটৰ এই সিদ্ধান্তৰ পাছতে ৰাজ্যজুৰি বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছিল ৷

অসম লোকসেৱা আয়োগৰ পৰীক্ষা(APSC Examination)ৰ পৰা ভাষা বিষয়ক প্ৰশ্নকাকত নোহোৱা কৰি ৰাজ্যিক কেবিনেটে গ্ৰহণ কৰা সিদ্ধান্তৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছিল ৰাজ্যৰ সচেতন মহল ৷ সাহিত্যিক, বুদ্ধিজীৱী, দলসংগঠনে চৰকাৰী সিদ্ধান্তৰ বিৰুদ্ধাচৰণ কৰা পৰিলক্ষিত হৈছিল ৷ চৰকাৰে অসমীয়া বিষয়টো অসম লোকসেৱা আয়োগৰ প্ৰশ্নকাকতৰ পৰা বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাত অসম সাহিত্য সভায়ো উদ্বেগ প্ৰকাশ কৰিছিল(Assam Sahitya Sabha on APSC) ।

এই সিদ্ধান্তৰ বিৰোধিতা কৰি দাখিল কৰা এক ৰাজহুৱা স্বাৰ্থজনিত আৱেদনৰ ভিত্তিত উচ্চ ন্যায়ালয়ে আজি ৰায়দান কৰে ৷ অসম লোকসেৱা আয়োগৰ পৰীক্ষাত কোনোধৰণৰ ভাষা বিষয়ৰ কাকত নাথাকিব বুলি কেবিনেট বৈঠকত গ্ৰহণ কৰা সিদ্ধান্তক অনুমতি প্ৰদান কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে(Gauhati high court) । ইপিনে তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ চৰকাৰৰ দিনত অনুষ্ঠিত হোৱা 2020 বৰ্ষত ভাষা বিষয়ক প্ৰশ্নকাকত অবিহনে অনুষ্ঠিত অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ বাবেও উচ্চ ন্যায়ালয়ে আজি অনুমতি প্ৰদান কৰে(Ex CM Sarbananda Sonowal) ।

উচ্চ ন্যায়ালয়ে অনুমতি প্ৰদান কৰাৰ পাছত তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ চৰকাৰৰ দিনত ভাষা বিষয়ক পৰীক্ষা অবিহনে অনুষ্ঠিত অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ ক্ষেত্ৰত থকা বাধা আঁতৰিল । কেবিনেটত সিদ্ধান্ত গ্ৰহণৰ পাছতে চৰকাৰৰ হঠকাৰী সিদ্ধান্ত প্ৰত্যাহাৰ কৰাৰ বাবে বিভিন্ন দল-সংগঠনে দাবী জনোৱাৰ লগতে অসম তথা অসমীয়া ভাষা বিৰোধী কোনো সিদ্ধান্ত নলবলৈ চৰকাৰক ৰাজ্যখনৰ বিভিন্ন দল-সংগঠনে সকীয়াই দিয়া পৰিলক্ষিত হৈছিল ৷ চৰকাৰী সিদ্ধান্তত ন্যায়ালয়ে অনুমোদন জনোৱাৰ পাছত ৰাজ্যৰ দল-সংগঠনবোৰে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া আগন্তক সময়ত হ'ব অত্যন্ত লক্ষণীয় বিষয় ৷

লগতে পঢ়ক: AICC new President : খাৰ্গে সভাপতি হোৱাত অসন্তুষ্ট নহয় প্ৰদ্যুৎ বৰদলৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.