ETV Bharat / state

পৰিত্যক্ত গুৱাহাটীৰ অভিলাষী বৈদ্যুতিক শ্মশান

author img

By

Published : Aug 31, 2020, 2:24 PM IST

গুৱাহাটী মহানগৰীৰ নাগৰিকলকলৰ আত্মীয়ৰ কোনো লোক স্বৰ্গগামী হ’লে তেওঁৰ মৃতদেহ সৎকাৰৰ সুবিধাৰ বাবে ৰাজ্য চৰকাৰে মহানগৰীৰ কেইবাটাও প্ৰান্তত স্থাপন কৰিছিল বৈদ্যুতিক শ্মশান ৷ কিন্তু দিন বাগৰাৰ লগে লগে ৰাজ্য চৰকাৰৰ এই অভিলাষী আৰু ব্যয়বহুল প্ৰকল্পৰ পঁয়া লাগিবলৈ ধৰিলে৷ যাৰ বাবে নাগৰিকসমাজে মৃতদেহ সৎকাৰ কৰিব নুখোজা হ’ল এই গেচ চালিত শ্মশানত

Guwahati Electronic Crematory poor condition
পৰিত্যক্ত গুৱাহাটীৰ অভিলাষী বৈদ্যুতিক শ্মশান

গুৱাহাটী, 31 আগষ্টঃ পৰিত্যক্ত গুৱাহাটীৰ কেইবাখনো অভিলাষী গেছ চালিত শ্মশান ৷ গুৱাহাটী মহানগৰীৰ নাগৰিকলকলৰ আত্মীয়ৰ কোনো লোক স্বৰ্গগামী হ’লে তেওঁৰ মৃতদেহ সৎকাৰৰ সুবিধাৰ বাবে ৰাজ্য চৰকাৰে মহানগৰীৰ কেইবাটাও প্ৰান্তত স্থাপন কৰিছিল বৈদ্যুতিক শ্মশান ৷ যাৰ সহায়ত অতি কম মূল্যত আৰু একেবাৰে কম সময়ৰ ভিতৰত সৎকাৰ কৰিব পাৰে মৃতদেহ ৷ সেই উদ্দেশ্যেৰে ২০১২ বৰ্ষতে তেতিয়াৰ কংগ্ৰেছ চৰকাৰৰ দিনত মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে শিলপুখুৰীৰ নৱগ্ৰহ শ্মশানত কেইবালক্ষাধিক টকাৰ ব্যয় সাপেক্ষে মুকলি কৰিছিল গেছ চালিত শ্মশানৰ ৷

আৰম্ভণিতে চেগাচোৰোকাকৈ দুই এক মৃতদেহো সৎকাৰ কৰা হৈছিল শ্মশানখনত ৷ কিন্তু দিন বাগৰাৰ লগে লগে ৰাজ্য চৰকাৰৰ এই অভিলাষী আৰু ব্যয়বহুল প্ৰকল্পৰ পঁয়া লাগিবলৈ ধৰিলে ৷ যাৰ বাবে নাগৰিকসমাজে মৃতদেহ সৎকাৰ কৰিব নিবিচৰা হ’ল গেছ চালিত শ্মশানত ৷ ফলত দীৰ্ঘদিনে অব্যৱহৃত হৈ আজি এবছৰৰো অধিক কালে বিকল হৈ পৰি আছে ৰাজ্য চৰকাৰৰ কেইবালাখ টকীয়া এই অভিলাষী শ্মশান ৷

কিছুদিন পূৰ্বে উলুবাৰীত বৰ্তমান ৰাজ্য চৰকাৰৰ মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই আনুষ্ঠানিকভাৱে মুকলি কৰিছিল প্ৰায় কোটি টকীয়া এক বৈদ্যুতিক শ্মশান ৷ উদ্দেশ্য একেই ৷ পাছে হ’লে কি হ’ব ৷ আছে গৰু নাবাই হাল ৷ এইখন ব্যয়বহুল বৈদ্যুতিক শ্মশানৰো একেই অৱস্থা ৷ উদ্বোধনহে হ’ল ৷ ব্যৱহাৰ পাছে আজিলৈকে হোৱাই নাই ৷

এতিয়া প্ৰশ্ন হয় সাধাৰণ শ্ৰেণীৰ নাগৰিকৰ কল্পনাৰো অগোচৰ এনে ব্যয়বহুল তথা বিজ্ঞানসন্মত বৈদ্যুতিক শ্মশানৰ প্ৰয়োজনেই বা মহানগৰত এতিয়া কিমান? নাগৰিকসকলৰ মৃতদেহ সৎকাৰৰ প্ৰথম পচন্দ পূৰ্বৰ পৰম্পৰাগত সৎকাৰ বুলি জানিও ৰাজ্য চৰকাৰে কিয় নিৰ্মাণ কৰিছে এনেকুৱা অভিলাষী তথা ব্যয়বহুল বৈদ্যুতিক শ্মশান৷ ৷

লগতে পঢ়ক-মঙলদৈৰ আউলাচৌকাত পথ দুৰ্ঘটনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.