ETV Bharat / state

জাতিৰ আৱেগক বুঢ়া আঙুলি ডনবস্কৰ - গুৱাহাটীৰ ডনবস্ক' বিদ্যালয়

অসমৰ জাতীয় চেতনাক চৰম অৱমাননা গুৱাহাটীৰ ডনবস্ক' বিদ্যালয়ৰ ৷ ৰাজ্যৰ বৰ্তমানৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কামৰূপ জিলা প্ৰশাসনে গুৱাহাটীৰ সকলো শিক্ষানুষ্ঠান বন্ধৰ ঘোষণা কৰিছে যদিও চৰকাৰী নিৰ্দেশক ভেঙুচালি পানবজাৰস্থিত ডনবস্ক' বিদ্যালয়ৰ ৷

GUWAHATI DONBOSCO SCHOOL EXAM CONTROVERSY
জাতিৰ আৱেগক বুঢ়া আঙুলি ডনবস্কৰ
author img

By

Published : Dec 14, 2019, 7:46 PM IST

গুৱাহাটী, ১৪ ডিচেম্বৰঃ ৰাজ্যত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত আছে ৷ ঠায়ে ঠায়ে সান্ধ্য আইন বলৱৎ হৈ আছে যদিও সাময়িকভাৱে গুৱাহাটীকে ধৰি কিছু ঠাইত শিথিল কৰা হৈছে ৷ ইতিমধ্যে ব্যাহত হৈ আছে ইণ্টাৰনেট সেৱাও ৷ ৰাজ্যৰ বৰ্তমানৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কামৰূপ জিলা প্ৰশাসনে গুৱাহাটীৰ সকলো শিক্ষানুষ্ঠান বন্ধৰ ঘোষণা কৰিছে আৰু চৰকাৰৰ সেই ঘোষণাৰ প্ৰতি মহানগৰীৰ সকলো শৈক্ষিক প্ৰতিষ্ঠানে সহাৰি জনাইছে ৷ লগতে সকলো বিশ্ববিদ্যালয় তথা মহাবিদ্যালয়ে নিজৰ পৰীক্ষাসমূহ বাতিল কৰিছে ৷

GUWAHATI DONBOSCO SCHOOL EXAM CONTROVERSY
জাতিৰ আৱেগক বুঢ়া আঙুলি ডনবস্কৰ

সেই সময়তে গুৱাহাটী মহানগৰীৰে এখন অভিজাত বিদ্যালয়ে গ্ৰহণ কৰিছে জাতীয় চেতনাহীন সিদ্ধান্ত ৷ প্ৰাপ্ত তথ্য অনুসৰি ১৬ ডিচেম্বৰৰ পৰা গুৱাহাটীৰ পানবজাৰস্থিত ডনবস্ক' বিদ্যালয়ৰ পৰীক্ষাসমূহ অনুষ্ঠিত হোৱাৰ কথা আছিল । উল্লেখ্য যে কেৱল ডনবস্ক'ই নহয়, আন কেইবাখনো বিদ্যালয়ৰ পৰীক্ষা এই সময়ত অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও সকলোৱে সেয়া বাতিল কৰিছে । কিন্তু আঁকোৰগোজ স্থিতিত ডনবস্ক' কৰ্তৃপক্ষ। বহু অভিভাৱকৰ অনুৰোধ স্বত্বেও বিদ্যালয় কৰ্তৃপক্ষই চৰকাৰী নিৰ্দেশক ভেঙুচালি কৰি সাজু হৈছে ১৬ ডিচেম্বৰৰ পৰা পৰীক্ষা পাতিবলৈ ।

আৰু পঢ়কঃ ক্ৰমাৎ স্বাভাৱিক মহানগৰীৰ জনজীৱন

Intro:Body:

গুৱাহাটী, ১৪ ডিচেম্বৰঃ   যিসময়ত পৰিবৰ্তিত পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কামৰূপ জিলা প্ৰশাসনে গুৱাহাটীৰ সকলো শিক্ষানুষ্ঠান বন্ধৰ ঘোষণা কৰিছে আৰু চৰকাৰৰ সেই ঘোষণাৰ প্ৰতি মহানগৰীৰ সকলো শৈক্ষিক প্ৰতিষ্ঠানে সহাৰি জনাইছে সেই সময়তে খোদ গুৱাহাটী মহানগৰীৰে এখন অভিজাত বিদ্যালয়ে সম্পূৰ্ণ অসমবিৰোধী সিদ্ধান্ত গ্ৰহণ কৰিবলৈ আগবাঢ়িছে ।

প্ৰাপ্ত তথ্য অনুসৰি ১৬ ডিচেম্বৰৰ পৰা গুৱাহাটীৰ পানবজাৰস্থিত ডনবস্ক' বিদ্যালয়ৰ পৰীক্ষাসমূহ অনুষ্ঠিত হোৱাৰ কথা আছিল । মনকৰিবলগীয়া যে কেৱল ডনবস্ক'ই নহয়, আন কেইবাখনো বিদ্যালয়ৰ পৰীক্ষা এই সময়ত অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও সকলোৱে সেয়া বাতিল কৰিছে । কিন্তু আকোৰগোজ ডনবস্ক' কৰ্তৃপক্ষ । ১৬ ডিচেম্বৰৰ পৰা পৰীক্ষা পাতিবই । বহু অভিভাৱকৰ অনুৰোধ স্বত্বেও বিদ্যালয় কৰ্তৃপক্ষই চৰকাৰী নিৰ্দেশক ভেঙুচালি কৰি সাজু হৈছে ১৬ ডিচেম্বৰৰ পৰা পৰীক্ষা পাতিবলৈ ।   Gautam Barua

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.