গুৱাহাটী, 7 ডিচেম্বৰ : অসম ক্ৰিকেট সন্থাৰ উদ্যোগত মহানগৰীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হৈছে ১৪ দিনীয়া মহিলাৰ শাৰীৰিক তথা দক্ষতা বিকাশ শিবিৰ । এই শিবিৰত ৰাজ্যৰ ৫১ গৰাকী মহিলা ক্ৰিকেটাৰে অংশগ্ৰহণ কৰিছে ।
ৰাজ্যিক ক্ৰিকেট একাডেমীৰ কাৰিকৰী সঞ্চালক গণেশ দত চোগ আৰু তিলক দাসে ক্ৰিকেটাৰ সকলক অনুশীলন প্ৰদান কৰে। চলিত মাহৰ ৫ তাৰিখৰ পৰা অনুষ্ঠিত হোৱা এই শিবিৰৰ জৰিয়তে খেলুৱৈসকল যথেষ্ট উপকৃত হ'ব বুলি ধাৰণা কৰা হৈছে । ইফালে সম্পূৰ্ণ ক'ভিড বিধি মানি এই শিবিৰ অনুষ্ঠিত কৰা হৈছে বুলি জানিবলৈ দিছে অসম ক্ৰিকেট সন্থাই ।
উল্লেখযোগ্য যে কৰ'ণা অতিমাৰীৰ বাবে প্ৰায় স্তব্ধ হৈ আছিল ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰ । একেদৰে ক্ৰিকেটৰ অনুশীলন তথা সকলো ধৰণৰ শাৰিৰীক শিবিৰ অনুষ্ঠিত হোৱা নাছিল । বৰ্তমান পৰিস্থিতি সুস্থিৰ হোৱা হেতুকে পৰ্যায়ক্ৰমে ক্ৰিকেটাৰসকলৰ অনুশীলন স্বাভাৱিকভাৱে কৰাৰ ব্যৱস্থা কৰিছে অসম ক্ৰিকেট সন্থাই।
লগতে পঢ়ক: নটৰাজনক 'মেন অৱ দা মেচ' ঘোষণা কৰিব বুলি ভাবিছিলো : হাৰ্ডিক