ETV Bharat / state

নলাপৰাত সংঘটিত গুলীচালনাৰ ঘটনাত জড়িত আছিল স্থানীয় যুৱক - Commissioner of Police on Crime in Guwahati

দেওবাৰে সন্ধিয়া মহানগৰীৰ নালাপৰাত সংঘটিত হৈছিল এক গুলীচালনাৰ ঘটনা ৷ দুৰ্বৃত্তৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল জেহেৰুল ইছলাম নামৰ এগৰাকী লোক ৷ হস্তনিৰ্মিত পিষ্টলেৰে জেহেৰুলক গুলীওৱা হৈছিল বুলি জনাইছে মহানগৰীৰ আৰক্ষী আয়ুক্ত দীপক কুমাৰে ৷

সংবাদমেল সম্বোধন আৰক্ষী আয়ুক্ত দীপক কুমাৰৰ
author img

By

Published : Oct 15, 2019, 7:34 AM IST

গুৱাহাটী, 14 অক্টোবৰঃ দেওবাৰে মহানগৰীৰ নালাপৰাত সংঘটিত হোৱা গুলীচালনাৰ ঘটনা সন্দৰ্ভত আৰক্ষী আয়ুক্ত দীপক কুমাৰে সংবাদমাধ্যমক সম্বোধন কৰে ৷ নালাপৰাৰ লোহা ব্যৱসায়ী জেহেৰুল ইছলামক ভৰিত গুলীয়াই নিৰ্বিঘ্নে আঁতৰি গৈছিল দুজনীয়া দুৰ্বৃত্তৰ দলটো ৷ ঘটনা সন্দৰ্ভত সংবাদমাধ্যমক আৰক্ষী আয়ুক্তগৰাকীয়ে কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য উল্লেখ কৰে ৷

লগতে পঢ়কঃ চৰ-কিল খাই গোলঘাটত চহৰৰ মাজমজিয়াত কোন এইজন স্বামী !

দেওবাৰে সন্ধিয়াৰ ভাগত বৰপেটাৰ বাসিন্দা জেহেৰুল ইছলামৰ ব্যৱসায়িক প্ৰতিষ্ঠানত প্ৰৱেশ কৰে দুজনীয়া দুৰ্বৃত্তই ৷ জেহেৰুলে দুবৃত্তই দাৱী কৰা ধন আদায় দিবলৈ অমান্তি নোহোৱাৰ বাবেই গুলীয়াই নিৰ্বিঘ্নে সেই স্থানৰ পৰা আঁতৰি যায় বুলি সন্দেহ কৰিছে আৰক্ষীয়ে ৷ গুলীচালনাত হস্তনিৰ্মিত .32 পিষ্টল ব্যৱহাৰ হৈছিল বুলি প্ৰকাশ কৰে আৰক্ষী আয়ুক্তগৰাকীয়ে ৷ আনহাতে জেহেৰুল ইছলামে আৰক্ষীৰ আগত দুয়োটা দুৰ্বৃত্তই স্থানীয় যুৱক আছিল বুলি চাঞ্চল্যকৰ তথ্য প্ৰকাশ কৰিছে ৷

সংবাদমেল সম্বোধন আৰক্ষী আয়ুক্ত দীপক কুমাৰৰ

অৱশ্যে তদন্তৰ খাতিৰত বহু কথা উল্লেখ কৰাৰ পৰা বিৰত থাকে আৰক্ষী আয়ুক্ত দীপক কুমাৰ ৷ ব্যক্তিগত কাৰণ নে অন্যান্য কিবা কাৰণত জেহেৰুলক গুলীওৱা হৈছিল সেই সন্দৰ্ভে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷

Intro:নালাপৰা গুলীচালনা ঘটনাত হস্তনিৰ্মিত পিষ্টলেৰে চলোৱা হৈছিল .৩২ পিষ্টলৰ গুলী-- আৰক্ষী আয়ুক্ত দীপক কুমাৰ

Body:দেওবাৰে সন্ধিয়া মহানগৰীৰ নালাপৰাত হোৱা গুলীচালনা সন্দৰ্ভত গুৱাহাটী আৰক্ষী আয়ুক্ত দীপক কুমাৰে কয় যে জেৰুল ইছলাম নামৰ লোহা লক্কৰৰ (দেম্প) দোকানত দুজন যুৱকে প্ৰৱেশ কৰি ধন দাবী কৰে। দাবী কৰা ধন দিবলৈ অমান্তি হোৱাত জেৰুলক ভৰিত গুলীয়াই ঘটনাস্থলীৰ পৰা পলায়ন কৰে। এই ঘটনা সম্পৰ্কত বহু চাঞ্চল্যকৰ তথ্য আহি পৰিছে যদিও বৰ্তমানলৈ ফাদিল কৰা নাই। জেৰুল ইছলাম এজন সৰু ব্যৱসায়ী। ধন দাবী নে ধনৰ লেনদেন নে ব্যক্তিগত শত্ৰুতাৰ বাবেই তেওঁক গুলীওৱা হয় সেই সম্পৰ্কে গুৰুত্বসহকাৰে তদন্ত আৰম্ভ অব্যাহত ৰাখিছে আৰক্ষীয়ে।

এই ঘটনা সন্দৰ্ভত আৰক্ষী আয়ুক্ত গৰাকীয়ে কয় যে আক্ৰমনকাৰীয়ে জেৰুলৰ ভৰিত হস্তনিৰ্মিত পিষ্টলেৰে চলোৱা হৈছিল .৩২ পিষ্টলৰ গুলী। ইফালে কিছুদিন পূৰ্বে কুমাৰপাৰাত ব্যৱসায়িক প্ৰতিষ্ঠানৰ মেনেজাৰ শ্যাম সুন্দৰ শৰ্মাক গুলীয়াই হত্যা কৰা ঘটনা আৰু দেওবাৰে নালাপাৰাত হোৱা ঘটনাৰ কোনো মিল নাই বুলি উল্লেখ কৰে। কুমাৰপাৰা ঘটনাটোত বহি ৰাজ্যৰ অপৰাধী জড়িত আছে বুলি দাবী কৰে দীপক কুমাৰে।

Conclusion:উল্লেখযোগ্য যে আঘাতপ্ৰাপ্ত লোকজন ইয়াৰ পূৰ্বেও ৰেলৰ চুৰি কৰা লোহা ক্ৰয় কৰাৰ বাবে গ্ৰেপ্তাৰ হৈছিল। আৰক্ষী আয়ুক্ত দীপক কুমাৰে কয় যে এই গুলীচালনা সন্দৰ্ভত সম্পূৰ্ণ তদন্ত অব্যাহত ৰাখিছে। দোষীক উপযুক্ত শাস্তি প্ৰদান কৰিব বুলিও কয় ।

Asrar Ansari
গুৱাহাটী
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.