ETV Bharat / state

City Bus in Guwahati: মহানগৰত নতুনকৈ নিৰ্ধাৰণ কৰিব চিটীবাছৰ আস্থানৰ - চিটি বাছ চলাচলৰ অনুমতিৰ ক্ষেত্ৰত লটাৰিৰ ব্যৱস্থা

সলনি হ'ব মহানগৰীৰ চিটীবাছৰ আস্থানৰ(New city bus rule in Guwahati) । সোমবাৰে অতিৰিক্ত উপায়ুক্ত ড° ধ্ৰুৱজ্যোতি হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত হয় আঞ্চলিক পৰিৱহণ কৰ্তৃপক্ষৰ এখনি বিশেষ সভা । চিটি বাছ আৰু মেজিক বাহনসমূহৰ চলাচলক এক বিশেষ আঁওতালৈ অনাৰ উদ্দেশ্যে অনুষ্ঠিত হয় সভাখনি ।

guwahati citybus station to be changed
মহানগৰত নতুনকৈ নিৰ্ধাৰণ কৰিব চিটীবাছৰ আস্থানৰ
author img

By

Published : Nov 7, 2022, 10:33 PM IST

গুৱাহাটী,৭ নৱেম্বৰ: কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তৰ কাৰ্যালয় সভাকক্ষত সোমবাৰে অতিৰিক্ত উপায়ুক্ত ড° ধ্ৰুৱজ্যোতি হাজৰিকা(ADC Dhruvjyoti Hazarika)ৰ সভাপতিত্বত অনুষ্ঠিত হয় আঞ্চলিক পৰিৱহণ কৰ্তৃপক্ষৰ এখন সভা (Regional Transport Authority) । চিটি বাছ আৰু মেজিক বাহনসমূহৰ চলাচলক এক বিশেষ আঁওতালৈ অনাৰ উদ্দেশ্যে অনুষ্ঠিত এই সভাত কামৰূপ মহানগৰ জিলাৰ আঞ্চলিক পৰিবহণ কৰ্তৃপক্ষৰ বিষয়-ববীয়াৰ উপৰি উপ-আৰক্ষী আয়ুক্ত (যান-বাহন) হিৰণ্য বৰ্মন, জিলা পৰিবহণ বিষয়া আৰু সংশ্লিষ্ট বিভাগৰ বিষয়া-বৰ্গ উপস্থিত থাকে (New city bus rule in Guwahati) ।

গুৱাহাটী মহানগৰীৰ কিছুমান পথত মাত্ৰাধিক চিটি বাছ চলাচলৰ প্ৰতি লক্ষ্য ৰাখি এতিয়াৰে পৰা কোন পথেৰে কিমান চিটি বাছ চলে, প্ৰকৃততে সেই পথৰ জনসাধাৰণৰ সংখ্যা অনুযায়ী প্ৰয়োজনীয়তা কিমান আদি তথ্য প্ৰশাসনৰ ওচৰত দাখিল কৰিবলৈ সভাত অতিৰিক্ত উপায়ুক্ত গৰাকীয়ে আঞ্চলিক পৰিবহণ কৰ্তৃপক্ষক দায়িত্ব প্ৰদান কৰে । সভাৰ সিদ্ধান্ত অনুসৰি মহানগৰীৰ প্ৰধান পথসমূহত চিটি বাছ চলাচলৰ অনুমতিৰ ক্ষেত্ৰত লটাৰিৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি সিদ্ধান্ত গ্ৰহণ কৰে ।

আনহাতে, চিটিবাছসমূহৰ পথত চলাচলৰ সাল-সলনি কৰি থকা হ’ব বুলিও উল্লেখ কৰে (Change in route of city bus movement) । সভাত ক্ষেত্ৰীৰ পৰা ভিআইপিলৈ, খানাপাৰাৰ পৰা চন্দ্ৰপুৰলৈ অতিৰিক্তভাৱে চিটি বাছ চলাচল কৰোৱাৰ সিদ্ধান্ত লোৱা হয় । সেইদৰে আৱশ্যক অনুসৰি ঘাইপথৰ লগত সংযুক্ত পথতো চিটিবাছ চলাচল কৰিব । ইয়াৰ উপৰি বাছ আস্থানসমূহ নতুনকৈ নিৰ্ধাৰণৰ ব্যৱস্থা লোৱা হ’ব ।

লগতে পঢ়ক: ABSU protest at Bodoland University: তৃতীয় ষান্মাসিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলত বিসংগতিৰ অভিযোগ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.