ETV Bharat / state

লতাশিলত চিটিবাছ-ডি.আই-অলট’ৰ মাজত সংঘৰ্ষ

author img

By

Published : Jan 23, 2021, 2:26 PM IST

শনিবাৰে পুৱা ৭.৩০ মান বজাত লতাশিল খেলপথাৰৰ চাৰিআলিত তিনিখন বাহনৰ মাজত সংঘটিত হয় ভয়ংকৰ দুৰ্ঘটনা । চিটিবাছ, ডি.আই আৰু অলট’ বাহনৰ মাজত সংঘটিত হয় দুৰ্ঘটনাটো । জালুকবাৰী দিশৰ পৰা উজান বজাৰ দিশে গৈ থকা AS 01MC 1338 চিটিবাছত উজানবজাৰ দিশৰ পৰা যোৱা গৰু কঢ়িয়াই নিয়া AS-25DC-7402 ডি.আই গাড়ীখনে খুন্দা মাৰে।

লতাশিলত চিটিবাছ আৰু ডি.আই-অল'ট দুৰ্ঘটনাত পতিত

গুৱাহাটী,23 জানুৱাৰী : গুৱাহাটী লতাশিলত ভয়ংকৰ পথ দুৰ্ঘটনা । শনিবাৰে পুৱা ৭.৩০ মান বজাত লতাশিল খেলপথাৰৰ চাৰিআলিত তিনিখন বাহনৰ মাজত সংঘটিত হয় ভয়ংকৰ দুৰ্ঘটনাটো । চিটিবাছ, ডি.আই আৰু অলট‘ বাহনৰ মাজত সংঘটিত হয় দুৰ্ঘটনাটো । জালুকবাৰী দিশৰ পৰা উজান বজাৰ দিশে গৈ থকা AS 01MC 1338 চিটিবাছত উজানবজাৰ দিশৰ পৰা যোৱা গৰু কঢ়িয়াই নিয়া AS 25 DC 7402 ডি.আই গাড়ীখনে খুন্দা মাৰে । ডি.আই খুন্দাত নিয়ন্ত্ৰণ হেৰুৱাই চিটবাছ খনে পদপথৰ ৰেলিং ভাঙি এখন ব্যৱসায়ী প্ৰতিষ্ঠানত খুন্দা মাৰে । ইফালে চিটিবাছৰ একে দিশত থকা AS-01BS-3041 নম্বৰ অল'ট বাহনখনে প্ৰচণ্ড যোৰত চিটিবাছত খুন্দা মাৰে ।

ইপিনে লতাশিল আৰক্ষীৰ ভাষ্য অনুসৰি দুৰ্ঘটনা সময়ত অলট’ আৰু ডি. আই বাহন দুখনত তিনিজনকৈ আৰোহি আছিল । ডি.আই খনৰ দুজন আৰোহী সামান্য আঘাত প্ৰাপ্ত হয় যদিও সৌভাগ্যক্ৰমে ৰক্ষা পৰে দুৰ্ঘটনাত বেয়াকৈ ক্ষতিগ্ৰস্ত অলট’ বাহনৰ তিনি আৰোহী । ডি.আই বাহনৰ ভুলৰ বাবে দুৰ্ঘটনা সংঘটিত হোৱা বুলি লতাশিল থানা যান-বাহন আৰক্ষীয়ে জানিব দিয়ে ৷

আনহাতে দুৰ্ঘটনা সংঘটিত কৰি ডি.আই চালকজন ঘটনাস্থলী পৰা পলায়ন কৰে । দুৰ্ঘটনা সংঘটিত হোৱা সময়ত চিটিবাছখনত ৪-৫ জন যাত্ৰী থকা বুলি জানিবলৈ দিয়ে বাছ কৰ্তৃপক্ষই । ইফালে দুৰ্ঘটনা সংঘটিত কৰা তিনিওখন বাহন জব্দ কৰিছে লতাশিল আৰক্ষীয়ে।

লগতে পঢ়কঃ ঐতিহাসিক জেৰেঙা পথাৰত কি ক’লে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.