ETV Bharat / state

Assam Budget 2022 : বাজেট সম্পৰ্কত মহানগৰীৰ ব্যৱসায়ীৰ মতামত - বিত্তমন্ত্ৰী অজন্তা নেওগ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ প্ৰথমখন পূৰ্ণাংগ ৰাজ্যিক বাজেট বুধবাৰে বিত্তমন্ত্ৰী অজন্তা নেওগে বিধানসভাত দাখিল কৰিলে । বিত্তমন্ত্ৰী অজন্তা নেওগে বিধানসভাত দাখিল কৰা ২০২২-২৩ চনৰ পূৰ্ণাংগ ৰাজ্যিক বাজেট সম্পৰ্কত ব্যৱসায়ীৰ মতামত জানো আহক (businessman reactions on Assam budget) ৷

businessman-reaction-about-assam-budget-2022
বাজেট সম্পৰ্কত গুৱাহাটীৰ ব্যৱসায়ীৰ মতামত
author img

By

Published : Mar 16, 2022, 7:55 PM IST

গুৱাহাটী, 16 মাৰ্চ : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ কাৰ্যালয়ৰ প্ৰথমখন পূৰ্ণাংগ ৰাজ্যিক বাজেট বুধবাৰে বিত্তমন্ত্ৰী অজন্তা নেওগে বিধানসভাত দাখিল কৰিলে (Assam Budget 2022)।

বিত্তমন্ত্ৰী অজন্তা নেওগে বিধানসভাত দাখিল কৰা ২০২২-২৩ চনৰ পূৰ্ণাংগ ৰাজ্যিক বাজেট সম্পৰ্কত ই টিভি ভাৰতৰ পৰা গুৱাহাটীৰ কেইগৰাকীমান ব্যৱসায়ীৰ মতামত গ্ৰহণ কৰা হৈছিল । বাজেট সম্পৰ্কত লাখটকীয়া ব্যৱসায়ী সন্থাৰ সাধাৰণ সম্পাদক নেকিব ইমান শইকীয়াই কয় যে, "ক'ভিড মহামাৰীৰ বাবে মানুহৰ আৰ্থিক অৱস্থা একেবাৰে বেয়া হৈছে । বিশেষকৈ কোম্পানীত কাম কৰা ব্যৱসায়ীৰ লগত জড়িত লোকসকল যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে । চৰকাৰে বাজেটত এইখিনি মানুহৰ কথা চিন্তা কৰাৰ প্ৰয়োজন আছিল(businessman reactions on Assam budget 2022) ।"

বাজেট সম্পৰ্কত গুৱাহাটীৰ ব্যৱসায়ীৰ মতামত

লগতে তেওঁ কয় যে, আমাৰ ৰাজ্যখন উদ্যোগৰ ক্ষেত্ৰত বহুখিনি পিছ পৰা । অসমত বিশেষ উদ্যোগ নথকাৰ বাবে বেছিভাগ বস্তু আমদানি কৰিবলগীয়া হয় । সেয়ে বাজেটত অসমত নতুন নতুন উদ্যোগ গঢ়ি তোলাৰ ক্ষেত্ৰত গুৰুত্ব দিয়া উচিত । লগতে বাজেটত শিক্ষা, নিয়োগ আৰু দক্ষতা বিকাশত বিশেষ গুৰুত্ব দিয়া উচিত । ইপিনে মহামাৰীৰ বাবে ব্যৱসায় বেয়া হোৱা হেতুকে ব্যৱসায়ৰ ক্ষেত্ৰখনৰ লগত জড়িত অভিভাৱক সকলে নিজৰ সন্তানক পঢ়ুওৱাৰ ক্ষেত্ৰত বহুখিনি অসুবিধা হৈছে । এই ক্ষেত্ৰত চৰকাৰে চিন্তা কৰা অতি প্ৰয়োজন ।

আনহাতে, বাজেট সম্পৰ্কত চানমাৰীৰ ব্যৱসায়ী কংকন দাসে কয় যে, মহামাৰীৰ বাবে ক্ষুদ্ৰ ব্যৱসায়ীসকল অতিকে জুৰুলা হৈছে । সকলো সামগ্ৰীৰ মূল্য বৃদ্ধিয়ে এইসকল লোকৰ অৱস্থা বেছি বেয়া কৰিছে । চৰকাৰে বাজেটত এইসকল ব্যৱসায়ীক সকাহ দিয়াৰ এক ব্যৱস্থা কৰা উচিত । লগতে বস্তুৰ দাম নিয়ন্ত্ৰণ কৰাটো অতিকৈ প্ৰয়োজন । মূল্য বৃদ্ধি নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে এই বাজেট সাধাৰণ ৰাইজৰ বাবে কোনো উপযোগী নহয় ।

লগতে পঢ়ক : এক লাখ নিযুক্তি সন্দৰ্ভত কি আছে বাজেটত ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.