গুৱাহাটী,12 জানুৱাৰীঃ ভোগালী বিহু সমাগত ৷ চৌদিশে এতিয়া ভোগালীক লৈ ব্যাপক তৎপৰতা ৷ সমান্তৰালকৈ মহানগৰতো বিহুৰ ব্যাপক প্ৰস্তুতি ৷ মহানগৰীৰ প্ৰান্তে প্ৰান্তে উপলব্ধ হৈছে বিহুৰ লাড়ু, পিঠা, গুৰ আদি সকলোধৰণৰ সামগ্ৰী ৷ মহানগৰবাসীয়ে লাভ কৰিছে গাঁৱত উৎপাদিত বিভিন্ন খাদ্য সামগ্ৰীও ৷ আনহাতে, বজাৰত উপলব্ধ সামগ্ৰীসমূহৰো দাম পূৰ্বৰ দৰেই আছে বুলি মন্তব্য বিক্ৰেতাসকলৰ ৷ ইয়াৰ বিপৰীতে গ্ৰাহকসকলে ভোগালীৰ সামগ্ৰীসমূহৰ দাম বৃদ্ধি হোৱা বুলি মন্তব্য কৰে ৷
সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ মাজতে অসমীয়াই আদৰিবলৈ সাজু হেপাঁহৰ ভোগালী বিহু ৷ সেয়েহে এতিয়া পচন্দৰ খাদ্য সামগ্ৰী বিচাৰি বজাৰত ভিৰ কৰিছে গ্ৰাহকসকলে ৷