ETV Bharat / state

বৃদ্ধা মাতৃক শ্মশানৰ সন্মুখত পেলাই থৈ গ‘ল কুলাংগাৰ পুত্ৰই

author img

By

Published : Jan 26, 2021, 7:38 PM IST

গুৱাহাটী মহানগৰীৰ বশিষ্ঠত কুলাংগাৰ পুত্ৰই শ্মশানৰ গেটৰ সন্মুখত পেলাই থৈ গ‘ল বৃদ্ধা মাতৃক ৷ স্থানীয় লোকৰ তৎপৰতাত বৃদ্ধাগৰাকীক শ্মশানৰ সন্মুখৰ পৰা উদ্ধাৰ কৰে মহানগৰীৰ হেল্প এইড নামৰ স্বেচ্ছাসেৱী সংস্থাই ।

guwahati-basishta-story
বৃদ্ধা মাতৃক শ্মশানৰ সন্মুখত পেলাই থৈ গ‘ল কুলাংগাৰ পুত্ৰই

গুৱাহাটী, 26 জানুৱাৰী : মহানগৰীৰ বশিষ্ঠত সংঘটিত হৈছে এক হৃদয়বিদাৰক ঘটনা । এগৰাকী বৃদ্ধা মাতৃক শ্মশানৰ গেটৰ সন্মুখত পেলাই থৈ গ'ল কুলাংগাৰ পুত্ৰই ৷ ৰীতা দাস নামৰ বৃদ্ধাগৰাকীক কণিষ্ঠ পুত্ৰ কৌশিক দাসে এৰি থৈ যায় বশিষ্ঠৰ শ্মশানৰ সন্মুখত । পৰৱৰ্তী সময়ত স্থানীয় লোকৰ তৎপৰতাত বৃদ্ধাগৰাকীক শ্মশানৰ সন্মুখৰ পৰা উদ্ধাৰ কৰে মহানগৰীৰ হেল্প এইড নামৰ এটা স্বেচ্ছাসেৱী সংস্থাই ।

উল্লেখ্য যে, বৃদ্ধাগৰাকীয়ে পাণবজাৰত কণিষ্ঠ পুত্ৰ কৌশিকৰ সৈতে বসবাস কৰিছিল । কিন্তু বোৱাৰী গৰাকীয়ে অকথ্য নিৰ্যাতন চলোৱা বুলি অভিযোগ কৰে বৃদ্ধাগৰাকীয়ে । ইয়াৰ পাচতে কণিষ্ঠ পুত্ৰই এনেদৰে বৃদ্ধাগৰাকীক শ্মশানৰ সন্মুখত এৰি থৈ যায় ৷ ইপিনে এনেদৰে বৃদ্ধাগৰাকীক এৰি থৈ যোৱা কথা জ্যেষ্ঠ পুত্ৰ আৰু দ্বিতীয় পুত্ৰও অৱগত বুলি প্ৰকাশ কৰিছে বৃদ্ধাগৰাকীয়ে । ইতিমধ্যে বৃদ্ধাগৰাকীক উদ্ধাৰ কৰি ক্ষেত্ৰীস্থিত আশ্ৰয়গৃহত আশ্ৰয় প্ৰদানৰ লগতে চিকিৎসাৰো ব্যৱস্থা কৰিছে হেল্প এডে ৷

লগতে পঢ়ক: গোলাঘাটত উৰিল আলফাৰ পতাকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.