- ক্ৰমাৎ শান্ত হৈছে দক্ষিণ কামৰূপৰ পৰিস্থিতি
- আজি খুলি দিয়া হৈছে ডিব্ৰগড় বিমানবন্দৰ
- কিন্তু বৰ্তমানেও গুৱাহাটীত বিমান চলাচল আংশিকভাৱে বন্ধ হৈ আছে
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰাষ্ট্ৰীয় বিমান বন্দৰ অচল এতিয়াও
- বাতিল কৰা হৈছে কেবাখনো বিমানৰ যাত্ৰা
- এই পৰ্যন্ত বাতিল হৈ থকা বিমান সমূহ হৈছে-
6E 596( KOLKATA)
6E 112( AGARTALA)
6E 119( AGARTALA)
6E 694( DELHI GHY)
KB 541( PARO)
AI 891 , 892( DELHI-GUWAHATI)ৰ
উল্লেখ্য যে বিগত দিনত বৰঝাৰ বিমানবন্দৰৰ কেইবাখনো বিমানৰ উৰণ-অৱতৰণ বাতিল কৰা হৈছিল। ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বাতিল কৰা হৈছিল বিমানৰ চলাচল ৷ নাগৰিকত্ব সংশোধনী আইনক লৈ চলি থকা প্ৰতিবাদৰ ফলত বিমান বন্দৰতে আবদ্ধ হৈ পৰিছিল বহু যাত্ৰী ৷ দক্ষিণ কামৰূপৰ পৰিস্থিতি কিছু শাম কাটিছে যদিও বিমান বন্দৰ কৰ্তৃপক্ষই এই মূহুৰ্তলৈকে কোনো নিৰ্দেশনা জাৰি কৰা নাই বিমান চলাচল সম্পৰ্কত ৷