ETV Bharat / state

মহাৰাজা অগ্ৰসেন চৌক নামেৰে নামাকৰণ কৰাৰ প্ৰস্তাৱ বাতিল জিএমচিৰ

ফাঁচী বজাৰৰ হেমবৰুৱা পথৰ চেম্বাৰ ৰোড সংলগ্ন তিনিআলিটো মহাৰাজা অগ্ৰসেন চৌক নামেৰে নামাকৰণ কৰাৰ প্ৰস্তাৱ দিছিল আগৰৱালা সভাই । কিন্তু বিভিন্নজনে এই ক্ষেত্ৰত আপত্তি দিয়াত তেওঁলোকৰ প্ৰস্তাৱ বাতিল কৰে গুৱাহাটী পৌৰ নিগমে (Guwahati Agarwal sabha proposal rejected by GMC)। ১০০ৰো অধিক লোকে এই ক্ষেত্ৰত আপত্তি দৰ্শাইছিল ।

Fancy bazar Chamber road
মহাৰাজা অগ্ৰসেন চৌক নামেৰে নামাকৰণ কৰাৰ প্ৰস্তাৱ বাতিল জিএমচিৰ
author img

By

Published : Jan 21, 2022, 7:29 PM IST

গুৱাহাটী,২১ জানুৱাৰী : ফাঁচী বজাৰৰ হেমবৰুৱা পথৰ চেম্বাৰ ৰোড সংলগ্ন তিনিআলিটো মহাৰাজা অগ্ৰসেন চৌক কৰিবলৈ গুৱাহাটীৰ আগৰৱালা সভাই গুৱাহাটী পৌৰ নিগমক (জি এম চি) আগবঢ়োৱা প্ৰস্তাত বাতিল কৰিছে (Guwahati Agarwal sabha proposal rejected by GMC)। গুৱাহাটী পৌৰ নিগমৰ এক সূত্ৰই প্ৰকাশ কৰা মতে ফাঁচী বজাৰৰ হেমবৰুৱা পথৰ চেম্বাৰ ৰোড সংলগ্ন তিনি আলিটো মহাৰাজা অগ্ৰসেন চৌক হিচাপে নামাকৰণৰ প্ৰস্তাৱ বৃহস্পতিবাৰে বাতিল কৰা হৈছে । কিয়নো এই ক্ষেত্ৰত বহু লোকে আপত্তি দাখিল কৰিছে ।

বহু লোকে সামাজিক মাধ্যমত আপত্তি কৰাৰ লগতে ই মেইল, পত্ৰ প্ৰেৰণ কৰাৰ লগতে মৌখিক ভাৱেও আপত্তি দৰ্শাইছে । বিষয়টো সন্দৰ্ভত প্ৰায় ১০০ তকৈ অধিক আপত্তি দাখিল কৰিছে । তাৰ বাবে এই প্ৰস্তাৱ বাতিল কৰিবলগীয়া হৈছে বুলি জানিবলৈ দিয়ে পৌৰ নিগমৰ সূত্ৰটোৱে ।

উল্লেখ্য যে ফাঁচী বজাৰৰ হেমবৰুৱা পথৰ চেম্বাৰ ৰোড সংলগ্ন তিনি আলিটো মহাৰাজা অগ্ৰসেন চৌক হিচাপে নামাকৰণ কৰা সন্দৰ্ভত গুৱাহাটী পৌৰ নিগমে বিগত বৰ্ষৰ ১৩ নৱেম্বৰত এক জাননীৰ জৰিয়তে গুৱাহাটীৰ জনসাধাৰণৰ কিবা আপত্তি থাকিলে দাখিল কৰিবলৈ আহ্বান জনাইছিল । উক্ত জাননী মৰ্মে বহু লোকে গুৱাহাটী পৌৰ নিগমক আপত্তি দাখিল কৰিছিল ।

লগতে পঢ়ক :Assam Police Recruitment: কেমেৰাৰ সন্মুখত বঞ্চিত পৰীক্ষাৰ্থীৰ হিয়াভগা কান্দোন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.