ETV Bharat / state

পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধি বিৰুদ্ধে গুৱাহাটী আছুৰ উত্তাল প্ৰতিবাদ - গুৱাহাটী

বৃহস্পতিবাৰে পে’ট্ৰল-ডিজেলৰ মূল্যবৃদ্ধি বিৰুদ্ধে সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ প্ৰতিবাদ ৷ গুৱাহাটীৰ জৰ্জ ফিল্ডৰ সমীপত সাব্যস্ত এই প্ৰতিবাদ ৷ বিজেপি চৰকাৰক ক্ষুৰধাৰ সমালোচনা সংগঠনটোৰ ৷

aasu protest
ছাত্ৰ সন্থাৰ বিক্ষোভ
author img

By

Published : Jan 28, 2021, 6:52 PM IST

Updated : Jan 28, 2021, 7:37 PM IST

গুৱাহাটী,28 জানুৱাৰী : পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধি বিৰুদ্ধে সদৌ গুৱাহাটী ছাত্ৰ সন্থাই বৃহস্পতিবাৰে গুৱাহাটীৰ জৰ্জ ফিল্ডৰ সমীপত গ্ৰহণ কৰে এক প্ৰতিবাদী কাৰ্যসূচী । মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰা বিজেপি চৰকাৰক সমালোচনাৰে প্ৰতিবাদ সাব্যস্ত কৰে আছুৱে ।

পেট্ৰল-ডিজেলৰ মূল্যবৃদ্ধি ৰোধত সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰ চূড়ান্তভাৱে ব্যৰ্থ হোৱাৰ অভিযোগ তুলি সদৌ গুৱাহাটীৰ ছাত্ৰ সন্থাৰ সভাপতি আনোৱাৰ হুছেইনে কয় যে, প্ৰতিশ্ৰুতি কি আছিল আৰু কি হ’লগৈ? পূৰ্বৰ ৰেকৰ্ডসমূহ ভংগ কৰি পেট্ৰ’লে আজি শতকৰ ঘৰ অতিক্ৰম কৰা দিশে । জাতি- মাটি-ভেঁটি ৰক্ষা কৰা কথাৰে গাদীত বহা বিজেপি চৰকাৰে লাজ পাব লাগিছিল বুলি মন্তব্য কৰে সভাপতিগৰাকীয়ে ৷

ছাত্ৰ সন্থাৰ বিক্ষোভ

তেওঁ কয় যে, পেট্ৰ’ল-ডিজেলৰ ওপৰত ৰাজ্য চৰকাৰে লগোৱা অতিৰিক্ত কৰ কৰ্তন কৰি জনতাক সকাহ দিয়াৰ বিপৰীতে চৰকাৰে অতিৰিক্তভাৱে কৰ সংগ্ৰহ কৰি সাধাৰণ জনতাক জুৰুলা কৰিছে ৷ পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধি যদি শীঘ্ৰেই হ্ৰাস নকৰে, তেন্তে অনাগত দিনত ইয়াতকৈ অধিক জংগী আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ প্ৰদান কৰে আছুকর্মী সকলে ।

এই বিক্ষোভ কাৰ্যসূচীত গুৱাহাটীৰ বিভিন্ন শিক্ষানুষ্ঠানৰ প্ৰায় দুই শতাধিক আছুকর্মীয়ে অংশগ্ৰহণ কৰে । সৰ্বানন্দ সোণোৱাল মৰি গ’ল, হিমন্ত বিশ্ব শৰ্মা মূর্দাবাদ, বিজেপি হায় হায়, জনতাক শোষণ কৰা বিজেপি হুচিয়াৰ, মূল্যবৃদ্ধি ৰোধ কৰক আদি বিভিন্ন শ্লোগান দি প্ৰতিবাদস্থলী উত্তাল কৰি তোলে আছুকর্মীসকলে ।

লগতে পঢ়ক : বানপানীত ক্ষতিগ্ৰস্ত কৃষকৰ ক্ষতিপূৰণৰ দাবীৰে উত্তাল হাইলাকান্দিৰ ৰাজপথ

Last Updated : Jan 28, 2021, 7:37 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.