ETV Bharat / state

ৰাজ্যৰ ৩৯.৬৩ লাখ শিক্ষার্থীক সামৰি ৩ জানুৱাৰীৰ পৰা গুণোৎসৱ - তিনিটা পৰ্যায়ত গুণোৎসৱ অনুষ্ঠিত হ’ব

তিনি জানুৱাৰীৰ পৰা তিনিটা পৰ্যায়ত অনুষ্ঠিত হ’ব গুণোৎসৱ ২০২৪ । প্ৰথম পৰ্যায়ত ৩ জানুৱাৰীৰ পৰা ৬ জানুৱাৰীলৈ ১২খন জিলাত গুণোৎসৱ । ৯ জানুৱাৰীৰ পৰা ১২ জানুৱাৰীলৈ ১৩খন জিলাত হ’ব গুণোৎসৱ । তৃতীয় পৰ্যায়ৰ গুণোৎসৱ ৫ ফেব্ৰুৱাৰীৰ পৰা ৮ ফেব্ৰুৱাৰীলৈ ১০ খন জিলাত অনুষ্ঠিত হ’ব । ৩৫ খন জিলাক সামৰি মুঠ ৪৩৪৯৮ খন বিদ্যালয়ত অনুষ্ঠিত হ’ব গুণোৎসৱ (Upcoming Gunotsav From January 3 In Assam)।

Gunotsav To Held From January 3 In Assam
গুণোৎসৱৰ বাবে পুনৰ সাজু ৰাজ্যৰ শিক্ষা বিভাগ
author img

By ETV Bharat Assamese Team

Published : Dec 12, 2023, 9:43 PM IST

গুৱাহাটী, ১২ ডিচেম্বৰ : গুণোৎসৱৰ বাবে পুনৰ সাজু হৈছে ৰাজ্যৰ শিক্ষা বিভাগ । তিনি জানুৱাৰীৰ পৰা ৰাজ্যৰ ৩৫ খন জিলাক সামৰি মুঠ ৪৩৪৯৮ খন বিদ্যালয়ত তিনিটা পৰ্যায়ত গুণোৎসৱ অনুষ্ঠিত হ’ব । এই গুণোৎসৱে চৰকাৰী, প্ৰাদেশীকৃত, আদৰ্শ আৰু বাগিচাৰ আদৰ্শ বিদ্যালয়সমূহৰ লগতে চাহ বাগিচা কৰ্তৃপক্ষৰ দ্বাৰা পৰিচালিত বিদ্যালয়ক সামৰি ল’ব ।

প্ৰথম শ্ৰেণীৰ পৰা নৱম শ্ৰেণীলৈ মুঠ ৩৯,৬৩,৫৪২ গৰাকী শিক্ষাৰ্থীয়ে গুণোৎসৱত অংশ গ্ৰহণ কৰিব । প্ৰথম পর্যায়ত তিনি জানুৱাৰীত বহিঃমূল্যায়নৰ পৰা আৰম্ভ কৰি ৬ জানুৱাৰীলৈ ১২ খন জিলা ক্ৰমে বৰপেটা, বজালী, হোজাই, কৰিমগঞ্জ, কামৰূপ, কাৰ্বি আংলং, কোকৰাঝাৰ, লখিমপুৰ, নগাঁও, শিৱসাগৰ, দক্ষিণ শালমাৰা-মানকাচৰ আৰু ওদালগুৰি জিলাত গুণোৎসৱ অনুষ্ঠিত হ’ব ।

Gunotsav To Held From January 3 In Assam
গুণোৎসৱৰ বাবে পুনৰ সাজু ৰাজ্যৰ শিক্ষা বিভাগ

আনহাতে, ৯ জানুৱাৰীৰ বহিঃমূল্যায়নৰ পৰা ১২ জানুৱাৰীলৈ দ্বিতীয় পর্যায়ত ১৩ খন জিলা ক্ৰমে বাক্সা, বিশ্বনাথ, চিৰাং, চৰাইদেউ, ধেমাজি, ধুবুৰী, গোলাঘাট, হাইলাকান্দি, যোৰহাট, কামৰূপ মহানগৰ, শোণিতপুৰ, তিনিচুকীয়া আৰু তামুলপুৰত অনুষ্ঠিত হ'ব গুণোৎসৱ ।

সেইদৰে তৃতীয় পৰ্যায়ত ৫ ফেব্ৰুৱাৰীত বহিঃমূল্যায়নেৰে আৰম্ভ হৈ ৮ ফেব্ৰুৱাৰীত গুণোৎসৱ অন্ত পৰিব । তৃতীয় পর্যায়ত ১০ খন জিলা ক্ৰমে বঙাইগাঁও, দৰং, ডিব্ৰুগড়, গোৱালপাৰা, কাছাৰ, নলবাৰী, মৰিগাঁও, ডিমা হাছাও, মাজুলী আৰু পশ্চিম কাৰ্বি আংলং জিলাত গুণোৎসৱ অনুষ্ঠিত হ’ব ।

উল্লেখ্য যে, শিক্ষানুষ্ঠানৰ শিক্ষাৰ মান উন্নত কৰিবলৈ ৰাজ্য চৰকাৰে অনুষ্ঠিত কৰি অহা গুণোৎসৱত বহিঃনিৰীক্ষণকাৰী হিচাপে মুখ্যমন্ত্ৰী আৰু মন্ত্ৰীসভাৰ সদস্যসকল, মুখ্য সচিবৰ পৰা আৰম্ভ কৰি সকলো আই পি এছ, আই এ এছ, এ চি এছ আৰু প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ আন আন বিষয়াসকলে অংশগ্ৰহণ কৰি শিক্ষানুষ্ঠানৰ মান মূল্যায়ন কৰে ।

প্ৰাথমিক শিক্ষাৰ মান উন্নত কৰিবলৈ সৰ্বশিক্ষা অভিযানে গুণোৎসৱ অনুষ্ঠিত কৰিছিল যদিও গুণোৎসৱ এতিয়া টেট উত্তীর্ণ ঠিকাভিত্তিক শিক্ষকৰ চাকৰি নিয়মীয়াকৰণৰ অন্যতম অর্হতা হিচাপে গণ্য হৈ পৰিছে । উল্লেখ্য যে, গুণোৎসৱত যিবোৰ বিদ্যালয়ে এ প্লাছ গ্ৰেড লাভ কৰে, সেই বিদ্যালয়সমূহত নিয়োজিত ঠিকাভিত্তিক শিক্ষকৰ চাকৰি নিয়মীয়াকৰণ কৰাৰ বাবে চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে ।

আনহাতে, বছৰেকীয়া পৰীক্ষাৰ ফলাফলত গুণোৎসৱৰ ১০ শতাংশ নম্বৰ যোগ দিয়াৰ সিদ্ধান্তও সৰ্বশিক্ষা অভিযানে গ্ৰহণ কৰিছিল । ২০২৩ বৰ্ষৰ গুণোৎসৱত ৰাজ্যৰ ৪৪,৫৩১ খন বিদ্যালয়ে অংশগ্ৰহণ কৰিছিল । ইয়াৰ ভিতৰত শিক্ষাৰ্থীৰ সংখ্যা আছিল ৪১,৩৫, ১৪৩ গৰাকী ।

গুণোৎসৱত মুখ্য সচিবৰ পৰা আৰম্ভ কৰি উচ্চপদস্থ ১৮,০৯৭ গৰাকী বহিঃমূল্যায়নকাৰীয়ে অংশ লৈছিল । এ প্লাছ লাভ কৰা বিদ্যালয়ৰ সংখ্যা আছিল ১১,৮৮৬খন । সেইদৰে এ গ্ৰেড লাভ কৰিছিল ১৯,১৭২ খন বিদ্যালয়ে, বি গ্ৰেড লাভ কৰিছিল ১৯,১৭২ খন বিদ্যালয়ে, চি গ্ৰেড লাভ কৰিছিল ১১৯৭২ খন বিদ্যালয়ে আৰু ডি গ্ৰেড লাভ কৰিছিল ৭৬৭ খন বিদ্যালয়ে ।

লক্ষণীয় বিষয় যে, গুণোৎসৱৰ যোগেদি শিক্ষানুষ্ঠান আৰু শিক্ষা ব্যৱস্থাৰ বহু দিশ উন্মোচিত হয় যদিও পৰৱৰ্তি সময়ত সেই দিশত বিশেষ কোনো গুৰুত্ব দিয়া পৰিলক্ষিত নহয় ।

লগতে পঢ়ক : মহিলাৰ উচ্চ শিক্ষাৰ বাটকটীয়া সন্দিকৈ মহাবিদ্যালয়

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.