ETV Bharat / state

আগন্তুক বৰ্ষত দুটা পর্যায়ত ৰাজ্যত অনুষ্ঠিত হ’ব গুণােৎসৱ - দ্বিতীয় পর্যায়ত গুণােৎসৱ অনুষ্ঠিত হ'ব

এক পৰ্যালোচনা বৈঠকত গুণোৎসৱৰ পৰীক্ষা আৰু মূল্যাংকন পদ্ধতি অধিক শক্তিশালী কৰাৰ ওপৰত মুখ্যমন্ত্ৰীৰ গুৰুত্ব । ২০২২ চনৰ ৫, ৬ আৰু ৭ এপ্রিলত প্রথম পর্যায় আৰু ২০, ২১ আৰু ২২ এপ্রিলত দ্বিতীয় পর্যায়ত গুণােৎসৱ অনুষ্ঠিত হ'ব (Gunatsav to be held in two phases in Assam)।

Gunatsav to be held in Assam
দুটা পর্যায়ত ৰাজ্যত অনুষ্ঠিত হ’ব গুণােৎসৱ
author img

By

Published : Dec 12, 2021, 9:52 PM IST

গুৱাহাটী, ১২ ডিচেম্বৰ : শিক্ষাৰ গুণগত মান উন্নীতকৰণৰ বাবে আগন্তুক বৰ্ষত ৰাজ্যখনত অনুষ্ঠিত হ'বলগীয়া গুণােৎসৱৰ বিভিন্ন দিশ পর্যালােচনা কৰাৰ উদ্দেশ্যৰে দেওবাৰে জনতা ভৱনস্থিত মুখ্যমন্ত্ৰীৰ সভাকক্ষত মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পৌৰােহিত্যত এক বৈঠক অনুষ্ঠিত হয় । বৈঠকত দুটা পর্যায়ত গুণােৎসৱ আয়ােজন কৰাৰ বাবে সিদ্ধান্ত গ্রহণ কৰা হয় (Gunatsav to be held in two phases in Assam) । ২০২২ চনৰ ৫, ৬ আৰু ৭ এপ্রিলত প্রথম পর্যায় আৰু ২০, ২১ আৰু ২২ এপ্রিলত দ্বিতীয় পর্যায়ত গুণােৎসৱ অনুষ্ঠিত হ'ব ।

Gunatsav to be held in Assam
দুটা পর্যায়ত ৰাজ্যত অনুষ্ঠিত হ’ব গুণােৎসৱ

ইয়াৰ জৰিয়তে প্রথম শ্রেণীৰ পৰা দশম শ্রেণীলৈ ৰাজ্যখনৰ ৪২,৫১,৫২৪ গৰাকী ছাত্ৰ-ছাত্ৰীক সামৰি লােৱা হ'ব । ৰাজ্যখনৰ চৰকাৰী, প্রদেশীকৃত আৰু চাহ বাগিচা ব্যৱস্থাপনাৰে সামৰি লােৱা ৪৬,২৫১ খন বিদ্যালয়ত গুণােৎসৱ অনুষ্ঠিত হ'ব । বৈঠকত মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনত শিক্ষাৰ গুণগত মান অধিক উন্নীতকৰণৰ বাবে গুণােৎসৱ সফলভাৱে অনুষ্ঠিত কৰাৰ ওপৰত গুৰুত্ব আৰােপ কৰে ছাত্র-ছাত্রীসকলে অর্জন কৰা জ্ঞানৰ সঠিক মূল্যায়নৰ বাবে পৰীক্ষা আৰু মূল্যাংকন পদ্ধতি অধিক শক্তিশালী কৰাৰ বাবে শিক্ষা বিভাগৰ বিষয়াসকলক নির্দেশ দিয়ে ।

বৈঠকত শিক্ষা বিভাগৰ শীর্ষ বিষয়াসকলে গুণােৎসৱৰ বাবে বিভাগে গ্ৰহণ কৰা বিভিন্ন ব্যৱস্থাৰাজীৰ সম্পৰ্কত মুখ্যমন্ত্ৰীক অৱগত কৰে । বৈঠকত শিক্ষা বিভাগৰ উপদেষ্টা ড৹ ননী গােপাল মহন্ত, শিক্ষা বিভাগৰ প্ৰধান সচিব বি কল্যাণ চক্ৰৱৰ্তীকে ধৰি শিক্ষা বিভাগৰ শীর্ষ বিষয়াসকল উপস্থিত আছিল ।

লগতে পঢ়ক: Congress training camp: কংগ্ৰেছৰ আকৌ নতুন প্ৰভাত হ'ব

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.