ETV Bharat / state

Landslide in Guwahati: জ্যোতিনগৰত ভূমিস্খলনত খহি পৰিল গাৰ্ড ৱাল

author img

By

Published : Apr 23, 2022, 10:59 PM IST

মহানগৰীত সংঘটিত হৈছে ভূমিস্খলনৰ ঘটনা (Landslide in Guwahati)৷ নিৰ্মীয়মান অৱস্থাতে খহি পৰিল থকা এখন গাৰ্ড ৱাল ৷ মুষলধাৰ বৰষুণৰ পিছতেই সংঘটিত হয় এই ভূমিস্খলনৰ ঘটনা।

Landslide in Guwahati
জ্যোতিনগৰত ভূমিস্খলনত খহি পৰিল গাৰ্ড ৱাল

গুৱাহাটী ২৩ এপ্ৰিল: মহানগৰীৰ নুনমাটিৰ জ্যোতিনগৰ অঞ্চলত সংঘটিত হৈছে ভূমিস্খলনৰ ঘটনা (Landslide in Guwahati)৷ এই ভূমিস্খলনৰ ফলত নিৰ্মীয়মান অৱস্থাত থকা এখন গাৰ্ড ৱাল খহি পৰে ৷ পৰাগ দাস পথৰ 9 নং উপপথত সংঘটিত হৈছে এই ঘটনা ৷ অৱশ্যে নিশাৰ ভাগত হোৱা বাবে এই ভূমিস্খলনৰ ঘটনাত কোনো লোক হতাহত হোৱা নাই যদিও কেইবা লাখ টকা ব্যায়ৰে নিৰ্মান কৰা গাৰ্ড ৱাল খন সম্পূৰ্ণৰূপে খহি পৰে (Guwahati landslide news)৷

উল্লেখ্য যে, ভূমিস্খলন হোৱা ঠাইখিনিত নিৰ্মাণৰত অৱস্থাত আছিল এটা অট্টালিকা ৷ শুকুৰবাৰে নিশাৰ ভাগত অহা এজাক মুষলধাৰ বৰষুণৰ পিছতেই পুৱতি নিশা সংঘটিত হয় এই ভূমিস্খলনৰ ঘটনাটো। স্থানীয় একাংশ লোকে অভিযোগ কৰা মতে পাহাৰৰ মাটি খনন কৰি গাৰ্ড ৱাল নিৰ্মাণ কৰা বাবেই বৰষুণৰ পানীৰ ভৰ সহিব নোৱাৰি উক্ত ঘটনাটো সংঘটিত হয় ৷ জানিব পৰা মতে এটা ঠিকাদাৰী প্ৰতিষ্ঠানে চলাই আছিল এই নিৰ্মাণকাৰ্য ৷

উল্লেখ্য যে, বিগত বৰ্ষত গুৱাহাটী মহানগৰত সংঘটিত হোৱা ভূমিস্খলনৰ ঘটনাত কেইবাজনো লোকে প্ৰাণ হেৰুওৱাৰ লগতে আহত হৈছিল বহু লোক (People died in landslide at Guwahati)৷ তাৰোপৰি ভূমিস্খলনৰ ফলত গৃহহীন হৈছিল কেইবাটাও পৰিয়াল ৷ বাৰিষা আহিলেই মহানগৰীৰ পাহাৰ অঞ্চল আৰু ইয়াৰ দাঁতিত বসবাস কৰা লোকৰ বাবে আহি পৰে আতংকময় সময় ৷

লগতে পঢ়ক: Rape in Guwahati: ৭২ বছৰীয়া বৃদ্ধৰ কামনাৰ বলি ১১ বছৰীয়া নাবালিকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.