গুৱাহাটী,27 মেঃ বহিঃৰাজ্যৰ পৰা অহা লোকসকলক ৰখাৰ বাবে ৰাজ্যৰ কোৱাৰেন্টাইন চেন্টাৰসমূহত অভাৱ হ'ব পাৰে পৰ্যাপ্ত আসনৰ । সেয়েহে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটী বিশ্ববিদ্যালয়ৰ লগতে কটন বিশ্ববিদ্যালয়ৰ আৱাসসমূহো কোৱাৰেন্টাইন চেন্টাৰলৈ ৰূপান্তৰিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।
এই সিদ্ধান্তৰ পিছতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক তাৎক্ষণিকভাৱে আৱাসসমূহ খালী কৰাৰ বাবে জাননী জাৰী কৰিছে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই । ইয়াৰ বিপৰীতে দূৰ-দূৰণিৰ ছাত্ৰ-ছাত্ৰীসকলে সামগ্ৰীসমূহ নিয়াৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হ'লে ৱাৰ্ডেনে সযতনে ৰাখি থ'ব সামগ্ৰী । চৰকাৰী নিৰ্দেশ তথা শিক্ষাৰ্থীৰ অসুবিধাৰ প্ৰতি কৰ্তৃপক্ষই সমানেই গুৰুত্ব দিয়া বুলি জানিবলৈ দিয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড৹ প্ৰতাপজ্যোতি সন্দিকৈয়ে । বিশ্ববিদ্যালয়ৰ আৱাসসমূহ অধিগ্ৰহণ কৰাৰ জাননী দিয়া হৈছে যদিও প্ৰয়োজন সাপেক্ষে ইয়াক কোৱাৰেন্টাইন চেন্টাৰলৈ ৰূপান্তৰিত কৰা হ'ব বুলিও মন্তব্য কৰে উপাচাৰ্য গৰাকীয়ে ।
আনহাতে, জুন মাহত সকলো যাৱতীয় কাম-কাজ সম্পূৰ্ণ কৰি জুলাইৰ পৰা বিশ্ববিদ্যালয়ৰ পাঠদান আৰম্ভ কৰা হ'ব বুলি জনায় উপাচাৰ্যগৰাকীয়ে । সম্প্ৰতি অনলাইন মাধ্যমৰে পাঠদান প্ৰক্ৰিয়া চলি আছে । কিন্তু অনলাইন মাধ্যমৰে শিক্ষাদান সম্পন্ন কৰাত যথেষ্ট অসুবিধা আছে । অনলাইন মাধ্যম শিক্ষা গ্ৰহণৰ একমাত্ৰ আহিলা হ'ব নোৱাৰে । ই শিক্ষা ব্যৱস্থাৰ এক অংশহে বুলি মন্তব্য কৰে উপাচাৰ্য ড৹ প্ৰতাপজ্যোতি সন্দিকৈয়ে ।
লগতে পঢ়ক-কামৰূপত এহাজাৰ লোকৰ বাবে কোৱাৰেন্টাইনৰ ব্যৱস্থা এগৰাকী ব্যৱসায়ীৰ