গুৱাহাটী,6 জুলাই: কৰ’ণা ভাইৰাছৰ বৰ্ধিত ভয়াৱহ সংক্ৰমণৰ পিছতে মহানগৰীত তৎকালীনভাৱে জাৰি কৰা হৈছিল চৈধ্যদিনীয়া লক ডাউন ৷ এই লক ডাউনৰ এসপ্তাহ পাৰ হোৱাৰ পিছত প্ৰশাসনে জাৰি কৰিছে কিছু শিথিলতা ৷ চৰকাৰে কৰ’ণা ভাইৰাছৰ বাবে জাৰি কৰা সকলো নিৰ্দেশনা মানি গেলামালৰ দোকানৰ লগতে শাক-পাচলিৰ হোম ডেলিভাৰী দিয়াৰ বাবে অনুমতি প্ৰদান কৰাৰ লগতে নিৰ্ধাৰণ কৰিছে পাচলিৰ মূল্য ৷ প্ৰশাসনৰ এই নিৰ্দেশনাৰ পিছতে মহানগৰীত লক ডাউন ধোৱাচাঙত তুলি গেলামালৰ দোকানত অভাৱনীয় ভিৰ কৰিলেহে গ্ৰাহকসকলে ৷ বিক্ৰেতাসকলে চৰকাৰে নিৰ্ধাৰণ কৰা মূল্য অনুযায়ী সামগ্ৰী বিক্ৰী কৰা পৰিলক্ষিত হৈছে ৷
ইফালে, লক ডাউনৰ সময়ছোৱাত অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাংশলংঘী মূল্যই জলা-কলা খুৱাইছিল ৰাইজক ৷ কিন্তু চৰকাৰে বৰ্তমান এই মূল্য নিৰ্ধাৰণ কৰি দিয়াৰ বাবে কিছু পৰিমাণে সকাহ লাভ কৰে সাধাৰণ ৰাইজে ৷ তৎসত্বেও বহিঃৰাজ্যৰ পৰা ৰাজ্যলৈ অত্য়াৱশ্যকীয় আমদানি বন্ধ থকাত নাটনি সৃষ্টিৰ সম্ভাৱনাই দেখা দিছে ৷ মহানগৰীৰ সদাব্যস্ত অঞ্চল বিশেষকৈ গণেশগুৰি, বামুণীমৈদাম আদিত গ্ৰাহকৰ ভিৰ সৰ্বাধিক হোৱা পৰিলক্ষিত হয় ৷
লগতে চাওকঃ অসমত অব্যাহত আছে বানৰ সংহাৰ: মৃত্যু 37 জনৰ