ETV Bharat / state

উহ ! সাময়িক সকাহ : দিল্লীৰ পৰা আহি আছে তিনি হাজাৰ কোটি টকা - goi releases fund to states

অসম চৰকাৰ (Assam Govt) লৈ কৰৰ অংশ হিচাপে প্ৰায় তিনি হাজাৰ কোটি টকা মোকলাই দিছে কেন্দ্ৰীয় চৰকাৰে (GOI Releases three thousand crore to Assam Govt) ৷ কৰ’ণাসৃষ্ট পৰিস্থিতিৰ বাবে কেন্দ্ৰই বিগত দুটা মাহৰ ধন কোনো এখন ৰাজ্যকে মোকলাই দিয়া নাছিল । সেয়েহে মঙলবাৰে একেলগে দুমাহৰ কিস্তি অসমৰ লগতে দেশৰ অন্য ৰাজ্যসমূহক মোকলাই দিছে কেন্দ্ৰই ।

govt of india releases fund to assam govt
অসম চৰকাৰলৈ কেন্দ্ৰৰ পুঁজি মুকলি
author img

By

Published : Nov 24, 2021, 4:32 PM IST

গুৱাহাটী, 24 নৱেম্বৰ : শাসনভাৰ চমজি লোৱা এটা বছৰ নৌহওতেই ভাবিব নোৱাৰা ধৰণে বিত্তীয় সংকটত পৰা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (CM Himanta Biswa Sarma) নেতৃত্বাধীন চৰকাৰৰ বাবে এটা সুখবৰ । অন্ততঃ সাময়িকভাৱে হ’লেও বিত্তীয় সংকটৰ পৰা কিছু পৰিমাণে চৰকাৰখনক মুক্তি দিব পাৰিব এই ভাল খবৰটোৱে ।

কিয়নো কেন্দ্ৰীয় চৰকাৰে মঙলবাৰে কৰৰ অংশ হিচাপে অসম চৰকাৰ (Assam Govt) লৈ মোকলাই দিছে প্ৰায় তিনি হাজাৰ কোটি টকা (GOI Releases three thousand crore to Assam Govt) । সৰ্বমুঠ 2,974.16 কোটি টকা কেন্দ্ৰীয় চৰকাৰে কৰৰ অংশস্বৰূপে মোকলাই দিছে ৰাজ্য চৰকাৰলৈ ৷ দুই এদিনতে এই ধন ৰাজ্যৰ ৰাজকোষত সোমাব ।

বিগত 15 নৱেম্বৰত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে এক বৈঠকত মিলিত হৈছিল কেন্দ্ৰীয় চৰকাৰ । উক্ত বৈঠকতে মূলতঃ কেন্দ্ৰীয় কৰৰ অংশ মোকলাই দিয়া বিষয়টো বিশেষভাৱে আলোচিত হৈছিল । উক্ত বৈঠকৰ পাচতে মঙলবাৰে কেন্দ্ৰই অসমকে ধৰি দেশৰ 28 খন ৰাজ্যৰ বাবে কৰৰ অংশ হিচাপে সৰ্বমুঠ 95,082 কোটি টকা মোকলাই দিয়ে ।

আচলতে কৰৰ অংশ ৰাজ্যসমূহক মাহে মাহে কেন্দ্ৰই মোকলাই দিব লাগে । কিন্তু কৰ’ণাসৃষ্ট পৰিস্থিতিৰ বাবে বিগত দুটা মাহৰ ধন কেন্দ্ৰই কোনো এখন ৰাজ্যকে মোকলাই দিয়া নাছিল । সেয়েহে মঙলবাৰে একেলগে দুমাহৰ কিস্তি ৰাজ্যসমূহক মোকলাই দিছে কেন্দ্ৰই । মূলতঃ ৰাজ্যৰ আন্তঃগাঁঠনি উন্নয়নত ব্যয় কৰা হ’ব এই ধন ৷

লগতে পঢ়ক : বঙাইগাঁৱত অনুষ্ঠিত হৈছে অসম চৰকাৰৰ কেবিনেট বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.