ETV Bharat / state

ডিটেনচন কেম্প স্থাপনৰ বাবে গৃহ বিভাগৰ তৎপৰতা কিয় ? - GOVT OF ASSAM

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত তালিকা প্ৰকাশ পাবলৈ মাজত মাত্ৰ কেইটামান দিন থকাৰ পূৰ্বে এতিয়া আৰু দহটা ডিটেনচন কেম্প স্থাপনৰ পূৰ্ণ প্ৰস্তুতি চলাইছে ৰাজ্যৰ গৃহ বিভাগে ৷

ডিটেনচন কেম্প স্থাপনৰ বাবে গৃহ বিভাগৰ তৎপৰতা
author img

By

Published : Jun 17, 2019, 2:29 PM IST

গুৱাহাটী, 17 জুনঃ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত তালিকা প্ৰকাশ পাবলৈ মাজত মাত্ৰ কেইটামান দিন । এনে সময়তে ৰাজ্যৰ গৃহ বিভাগে গ্ৰহণ কৰিছে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত । খুব ততাতৈয়াকৈ ৰাজ্যত আৰু দহটা নতুন ডিটেনচন কেম্প স্থাপনৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে । চৰকাৰৰ এই সিদ্ধান্ত ৰাজহুৱা হ'লে যাতে কোনো পক্ষৰ মাজত উত্তেজনা বা অশান্তিকৰ এক বাতাবৰণ সৃষ্টি হ’ব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি খুব সন্তৰ্পনে আগবঢ়োৱা হৈছে এই প্ৰক্ৰিয়া ।

ডিটেনচন কেম্প স্থাপনৰ বাবে গৃহ বিভাগৰ তৎপৰতা কিয় ?

স্মৰ্তব্য যে ৰাজ্যত বৰ্তমানে আছে ছটাকৈ ডিটেনচন কেম্প আৰু এই কেম্প কেইটাত বন্দী হৈ আছে প্ৰায় ন শতাধিক লোক, যিসকলক ইতিমধ্যে বিদেশী বুলি চিনাক্ত কৰা হৈছে । কিন্তু নাগৰিকপঞ্জী প্ৰকাশ পোৱাৰ সময় যিহেতু ওচৰ চাপি আহিছে আৰু ইয়াৰ প্ৰকাশৰ লগে লগে আৰু বৃহৎসংখ্যক লোক যে বিদেশী বুলি নিশ্চিত হ’ব সেই কথা প্ৰায় পৰিস্কাৰ হৈ পৰিছে । সেয়েহে ৰাজ্য চৰকাৰে খুব তৎপৰতাৰে আৰু দহটা নতুন কেম্প স্থাপনৰ বাবে সাজু হৈছে ।

আনহাতে, প্ৰায় চাৰে চাৰি কোটি টকা ব্যয়ৰে গোৱালপাৰাত ৰাজ্য চৰকাৰে আন এটা বৃহৎ ডিটেনচন কেম্প নিৰ্মাণৰ প্ৰক্ৰিয়া অব্যাহত ৰাখিছে । কেন্দ্ৰীয় চৰকাৰৰ অনুমোদন সাপেক্ষেই নিৰ্মাণ কৰি থকা হৈছে এই কেম্পটো । এই কেম্পটোত একেলগে তিনি হাজাৰ বন্দী ৰাখিব পৰাৰ ব্যৱস্থা কৰা হৈছে । কিন্তু নাগৰিকপঞ্জীৰ চূড়ান্ত তালিকা প্ৰকাশৰ পূৰ্বে যে এই কেম্পটো সম্পূৰ্ণ হৈ উঠিব তাৰ সম্ভাৱনা খুবেই কম ।

Intro:গুৱাহাটী, 17 জুনঃ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চুড়ান্ত তালিকা প্ৰকাশ পাবলৈ মাজত মাত্ৰ কেইটামান দিন। এনে সময়তে ৰাজ্যৰ গৃহ বিভাগে গ্ৰহণ কৰিছে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত । খুব ততাতৈয়াকৈ ৰাজ্যত আৰু দহটা নতুন ডিটেনচন কেম্প স্থাপনৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে । চৰকাৰৰ এই সিদ্ধান্ত ৰাজহুৱা হ'লে যাতে কোনো পক্ষৰ মাজত উত্তেজনা বা অশান্তিকৰ এক বাতাবৰণ সৃষ্টি হব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি খুব সন্তৰ্পনে আগবঢ়োৱা হৈছে এই প্ৰক্ৰিয়া।

Body:স্মৰ্তব্য যে ৰাজ্যত বৰ্তমানে আছে ছটাকৈ ডিটেনচন কেম্প আৰু এই কেম্প কেইটাত বন্দী হৈ আছে প্ৰায় ন শতাধিক লোক, যিসকলক ইতিমধ্যে বিদেশী বুলি চিনাক্ত কৰা হৈছে। কিন্তু নাগৰিকপঞ্জী প্ৰকাশ পোৱাৰ সময় যিহেতু ওচৰ চাপি আহিছে আৰু ইয়াৰ প্ৰকাশৰ লগে লগে আৰু বৃহৎসংখ্যক লোক যে বিদেশী বুলি নিশ্চিত হব সেই কথা প্ৰায় পৰিস্কাৰ হৈ পৰিছে । সেয়েহে ৰাজ্য চৰকাৰ খুব তৎপৰতাৰে আৰু দহটা নতুন কেম্প স্থাপনৰ বাবে সাজু হৈছে।

Conclusion:আনহাতে, প্ৰায় চাৰে চাৰি কোটি টকা ব্যয়ৰে গোৱালপাৰাত ৰাজ্য চৰকাৰে আন এটা বৃহৎ ডিটেনচন কেম্প নিৰ্মাণৰ প্ৰক্ৰিয়া অব্যাহত ৰাখিছে । কেন্দ্ৰীয় চৰকাৰৰ অনুমোদন সাপেক্ষেই নিৰ্মাণ কৰি থকা হৈছে এই কেম্পটো । এই কেম্পটোত একেলগে তিনি হাজাৰ বন্দী ৰাখিব পৰাৰ ব্যৱস্থা কৰা হৈছে। কিন্তু নাগৰিকপঞ্জীৰ চুড়ান্ত তালিকা প্ৰকাশৰ পূৰ্বে যে এই কেম্পটো সম্পূৰ্ণ হৈ উঠিব তাৰ সম্ভাৱনা খুবেই কম।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.