ETV Bharat / state

Emergency alerts : হঠাৎ সকলোৰে ম’বাইলত বাজি উঠিল জৰুৰীকালীন সতৰ্কবাণী - ম’বাইলত বাজি উঠিল জৰুৰীকালীন সতৰ্কবাণী

জৰুৰীকালীন সতৰ্কবাণী ৷ সকলোৰে ম’বাইলে ম’বাইলে বাজি উঠিল এই জৰুৰীকালীন সতৰ্কবাণী ৷ এই সতৰ্কবাণী প্ৰেৰণ কৰিছে দূৰসংযোগ বিভাগ আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই ৷ কিন্তু কিয় ?

Emergency alerts
জৰুৰীকালীন সতৰ্কবাণী
author img

By ETV Bharat Assamese Team

Published : Oct 30, 2023, 4:57 PM IST

গুৱাহাটী, ৩০ অক্টোবৰ : আজি হঠাৎ সকলোৰে হাতে হাতে থকা ম’বাইল ফোনত বাজি উঠিল জৰুৰীকালীন সতৰ্কবাণী । তিনি-চাৰিবাৰকৈ বাজি উঠিল জৰুৰীকালীন সতৰ্কবাণী । আপোনাৰ ম’বাইলত, প্ৰাকৃতিক বিপদৰ আগজাননীৰ বাৰ্তা দিছে এই সতৰ্কবাণীয়ে ৷ ম’বাইলত বাজি উঠা জৰুৰীকালীন সতৰ্কবাণীৰ পিচতে সৰ্বসাধাৰণ ৰাইজ শংকিত হৈ পৰিছে ।

আজি দুপৰীয়া প্ৰায় সংখ্যক লোকৰ ম’বাইললৈ আহিল দূৰ সংযোগ বিভাগৰ নমুনা পৰীক্ষা বাৰ্তা ৷ দূৰ সংযোগ বিভাগ আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই জৰুৰীকালীন অৱস্থাত সতৰ্কবাণী প্ৰেৰণ কৰিবলৈকে আজি এই পৰীক্ষা কৰিছে । আজি দুপৰীয়া ১১.৫২ পৰা এই সতৰ্কবাণী সকলোৰে হাতে হাতে থকা ম’বাইলত বাজে ।

জনসাধাৰণৰ সুৰক্ষা বৃদ্ধি কৰাৰ স্বাৰ্থত কৰা হৈছে এই পৰীক্ষা ৷ বিভিন্ন অঞ্চলত সময়ে সময়ে সম্পন্ন হ'ব এনে পৰীক্ষা ৷ ভূমিকম্প, চুনামি, আকস্মিক বানপানীৰ দৰে আকস্মিক দুৰ্যোগত চৰকাৰে সকলোৰে হাতে হাতে থকা ম’বাইলে ম’বাইলে প্ৰেৰণ কৰিব এনে বাৰ্তা ৷

ম’বাইলে ম’বাইলে অহা জৰুৰীকালীন সতৰ্কবাণীত উল্লেখ আছে যে এইটো ভাৰত চৰকাৰৰ দূৰ সংযোগ বিভাগৰ দ্বাৰা চেল সম্প্ৰচাৰ ব্যৱস্থাৰ জৰিয়তে প্ৰেৰণ কৰা এটা নমুনা পৰীক্ষা বার্তা । অনুগ্ৰহ কৰি এই বাৰ্তাটো আওকাণ কৰক ৷ কাৰণ আপোনাৰ ফালৰ পৰা কোনো ব্যৱস্থা লোৱাৰ প্ৰয়োজন নাই ।

এই বাৰ্তাটো ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই ৰূপায়ণ কৰি থকা প্যান ইণ্ডিয়া ইমাৰজেন্সি এলার্ট চিষ্টেম পৰীক্ষা কৰিবলৈ প্ৰেৰণ কৰা হৈছে । ইয়াৰ উদ্দেশ্য হৈছে জনসাধাৰণৰ সুৰক্ষা বৃদ্ধি কৰা আৰু জৰুৰীকালীন অৱস্থাত সময় মতে সতর্কবাণী প্ৰদান কৰা ।

লগতে পঢ়ক : ULFA I killed cadre : আলফা(স্বা)ই দুজন কেডাৰক মৃত্যুদণ্ড বিহা সন্দৰ্ভত সাংসদ অজিত কুমাৰ ভূঞাৰ প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.