গুৱাহাটী, 11 এপ্ৰিলঃ কৰ'ণা ভাইৰাছ প্ৰতিৰোধৰ বাবে দেশজুৰি চলি আছে লক ডাউন । এনে সময়ত সাধাৰণ ৰাইজ যাতে অসুবিধাত নপৰে তাৰ বাবে বিশেষ ব্যৱস্থা লৈছে ৰাজ্য চৰকাৰে ।
শেহতীয়াকৈ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে গ্ৰহণ কৰিছে কেতবোৰ বিশেষ পদক্ষেপ । তৃণমূল পৰ্যায়ত কৰ'ণাৰ ভয়াৱহতা সম্পৰ্কে তৃণমূল পৰ্যায়ত ৰাইজক সজাগ কৰাৰ চেষ্টা অব্যাহত ৰাখিছে বিভাগটোৱে । ইফালে এই জটিল সময়চোৱাৰ প্ৰতি লক্ষ্য ৰাখি বিভাগটোৱে মুকলি কৰি দিছে ইন্দিৰা মিৰি সাৰ্বজনীন বিধৱা পেঞ্চন আঁচনি । এই আঁচনিৰ জৰিয়তে প্ৰথম পৰ্যায়ত ১,৪৩,৩১৮ গৰাকী বিধৱা মহিলাই বেংক একাউন্টত ১২০০ টকাকৈ অগ্ৰিম পেঞ্চন দিয়া হৈছে বুলি জনাইছে মন্ত্ৰী নব কুমাৰ দলে । তাৰোপৰি খাদ্য সুৰক্ষাৰ কাৰ্ড নথকা ৰাজ্যৰ ৩ লাখ দৰিদ্ৰ লোকক ১০০০ কৈ টকা দিয়া হৈছে বুলিও কয় মন্ত্ৰীগৰাকীয়ে । আনহাতে শ্বহীদ কুশল কোঁৱৰ বৃদ্ধ পেঞ্চন আঁচনিৰ ধনো হিতাধিকাৰীক আগতীয়াকৈ দিয়াৰ ব্যৱস্থা কৰিছে চৰকাৰে । তদুপৰি ৰাজ্যৰ আত্মসহায়ক গোটসমূহক মাক্স প্ৰস্তুত কৰিবলৈ আহ্বান জনাই মন্ত্ৰী নব কুমাৰ দলে ।