ETV Bharat / state

Assam School Amalgamation: বিদ্যালয় একত্রিকৰণৰ তথ্যত ৰাজ্যৰ চৰকাৰী শিক্ষানুষ্ঠানৰ উদ্বেগজনক ছবি; সংখ্যালঘু অঞ্চলত কম প্ৰভাৱ পৰাৰ সম্ভাৱনা - Ranoj Pegu

সংখ্যালঘু বসতিপ্ৰধান জিলাতেহে বৰ্তি থাকিব নেকি চৰকাৰী বিদ্যালয় ! বিদ্যালয় একত্রিকৰণৰ তথ্যত ৰাজ্যৰ চৰকাৰী শিক্ষানুষ্ঠানৰ উদ্বেগজনক ছবি । ধুবুৰী জিলাত ৩০গৰাকীৰ কম শিক্ষার্থী থকা বিদ্যালয়ৰ সংখ্যা ৭৫ খন । দক্ষিণ শালমাৰাত ১৪খন । মাজুলী জিলাত ৩০গৰাকীৰ কম শিক্ষার্থী থকা বিদ্যালয়ৰ সংখ্যা ২৮০খন । ডিমা হাছাওত আছে ৭০৩খন । একত্রীকৰণৰ ফলত নোহোৱা হ'ব এইসমূহ বিদ্যালয় । প্ৰভাৱ পৰিব খিলঞ্জীয়া তথা জনজাতীয় বসতিপ্ৰধান জিলাত ।

Etv Bharat
Etv Bharat
author img

By ETV Bharat Assamese Team

Published : Sep 30, 2023, 7:55 PM IST

Updated : Sep 30, 2023, 8:20 PM IST

গুৱাহাটী,৩০ ছেপ্টেম্বৰ: চৰকাৰে কৈছে কোনো চৰকাৰী বিদ্যালয় বন্ধ নহয় । কিন্তু বিদ্যালয় বন্ধ নহয় যদিও বহনক্ষম ছাত্ৰ-ছাত্ৰীৰ সংখ্যা (Sustainable Enrollment) নথকা বিদ্যালয়সমূহ ওচৰা-উচৰিকৈ থাকিলে একত্ৰীকৰণ কৰা হ’ব ।

১৫ গৰাকী আৰু ৩০ গৰাকীতকৈ কম ছাত্ৰ-ছাত্ৰী থকা বিদ্যালয়সমূহ একত্রীকৰণ কৰা হ'ব । অৰ্থাৎ শিক্ষাৰ্থীৰ সংখ্যা কম থকা বিদ্যালয়সমূহ সমীপৰ বিদ্যালয়ৰ লগত চামিল কৰা হ'ব । এক কথাত ক'বলৈ গ'লে একত্রীকৰণ হোৱা বিদ্যালয়সমূহ বন্ধ হৈ যাব ।

শেহতীয়াকৈ এই সন্দৰ্ভত শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে স্পষ্টিকৰণো দিছে । লগতে তেনে বিদ্যালয়ৰ তালিকাও ৰাজহুৱা কৰিছে । সেই তালিকাৰ পৰা এটা কথা স্পষ্ট হৈ পৰিছে যে প্রাথমিক পৰ্যায়ৰ চৰকাৰী বিদ্যালয়সমূহ সংখ্যালঘু এলেকাতহে বাচি থাকিব ।

লক্ষণীয় বিষয় যে চৰকাৰে ৰাজহুৱা শিক্ষাখণ্ডৰ উত্তৰণৰ বাবে বিভিন্ন পদক্ষেপ আৰু বুজন পৰিমাণৰ পুঁজি ব্যয় কৰি আহিছে যদিও চৰকাৰী বিদ্যালয়ত শিক্ষাৰ্থীৰ সংখ্যা বৃদ্ধি পোৱা নাই । বিশেষকৈ খিলঞ্জীয়া তথা জনজাতীয় বসতি প্ৰধান এলেকাত চৰকাৰী বিদ্যালয়ৰ প্ৰতি অভিভাৱক তথা শিক্ষার্থীৰ আকৰ্ষণ বৃদ্ধি হোৱাৰ পৰিৱর্তে হ্রাস হোৱাহে পৰিলক্ষিত হৈছে ।

ইফালে, সংখ্যালঘু অধ্যুষিত জিলাসমূহত থকা চৰকাৰী বিদ্যালয়সমূহত শিক্ষাৰ্থীৰ সংখ্যা তুলনামূলকভাৱে সন্তোষজনক হৈ আছে । চৰকাৰী বিদ্যালয়ৰ প্ৰতি খিলঞ্জীয়া লোকৰ অনিহা বৃদ্ধি পোৱাৰ বিষয়টোৱে স্বাভাৱিকতে বিভিন্ন প্ৰশ্নৰ অৱতাৰণা কৰিছে ।

লক্ষণীয় বিষয় যে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেণ্ডৱে ৰাজহুৱা কৰা তালিকা অনুসৰি ৰাজ্যত এজনৰ পৰা ১৫ জন শিক্ষার্থী থকা প্রাথমিক বিদ্যালয়ৰ মুঠ সংখ্যা হৈছে ৩৫৩৬ খন । আনহাতে ১৬ৰ পৰা ৩০ জন শিক্ষার্থী থকা বিদ্যালয়ৰ সংখ্যা হৈছে ৭৭৩৬ খন । অর্থাৎ ১১ হাজাৰৰো অধিক প্রাথমিক বিদ্যালয়ত প্রয়োজনীয় সংখ্যক শিক্ষাৰ্থী নাই । তেনেস্থলত এই বিদ্যালয়সমূহক একত্রীকৰণ কৰা হ'ব ।

Assam School Amalgamation
জিলা অনুসৰি বিদ্যালয়সমূহত থকা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা

উল্লেখ্য যে বিদ্যালয়সমূহ একত্ৰীকৰণ কৰাৰ ফলত খিলঞ্জীয়া তথ‍া জনজাতীয় লোক থকা জিলাসমূহতে অধিক সংখ্যক বিদ্যালয় বন্ধ হৈ পৰিব । প্ৰয়োজনীয় শিক্ষাৰ্থী নথকা বিদ্যালয়ৰ তালিকা অনুসৰি এটা কথা স্পষ্ট হৈ পৰিছে যে সংখ্যালঘু জনবসতি থকা জিলাসমূহত ৩০জনৰ তলত শিক্ষার্থীৰ সংখ্যা থকা বিদ্যালয়ৰ সংখ্যা কম । অর্থাৎ সংখ্যালঘু অধ্যুষিত জিলাসমূহৰ চৰকাৰী বিদ্যালয়সমূহত শিক্ষাৰ্থীৰ সংখ্যা সন্তোষজনক হৈয়ে আছে ।

এই ক্ষেত্রত ৫টা বিধানসভা সমষ্টি থকা ধুবুৰী জিলাত ৩০জনৰ কম শিক্ষার্থী থকা প্ৰাথমিক বিদ্যালয়ৰ সংখ্যা ৭৫খন । সেইদৰে দক্ষিণ শালমাৰাত কম শিক্ষার্থী থকা বিদ্যালয়ৰ সংখ্যা ১৪খন । এনে জিলাসমূহত থকা চৰকাৰী বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা এতিয়াও যথেষ্ট পৰিমাণে আছে ।

ইফালে, খিলঞ্জীয়া তথা জনজাতীয় লোকৰ বসতি থকা জিলাসমূহৰ চৰকাৰী বিদ্যালয়সমূহত শিক্ষাৰ্থীৰ সংখ্যা যথেষ্ট কম । অৰ্থাৎ খিলঞ্জীয়া তথা জনজাতীয় লোকৰ বসতিপ্ৰধান জিলাসমূহৰ বেছিসংখ্যক চৰকাৰী বিদ্যালয় বন্ধ হ'ব ।

তালিকা অনুসৰি এটা বিধানসভা সমষ্টিৰে গঠিত মাজুলী জিলাত ৩০ জনতকৈ কম ছাত্র-ছাত্রী থকা প্ৰাথমিক বিদ্যালয়ৰ সংখ্যা হৈছে ২৮০খন । সেইদৰে ডিমা হাছাওত তেনে বিদ্যালয় আছে ৭০৩খন । তেনেদৰে কোকৰাঝাৰ জিলাত আছে ৫৮৭খন বিদ্যালয় ।

ইয়াৰ দ্বাৰা স্পষ্ট হৈ পৰিছে যে খিলঞ্জীয়া তথা জনজাতীয় অধ্যুষিত জিলাৰ চৰকাৰী বিদ্যালয়সমূহত শিক্ষার্থীৰ সংখ্যা ক্ৰমাৎ কমি আহিছে । যাৰ ফলত বৃহৎ সংখ্যক বিদ্যালয় একত্ৰীকৰণৰ নামত বন্ধ হ'ব । বিভিন্ন সা-সুবিধাৰ লগতে বিদ্যাঞ্জলি আঁচনি, মধ্যাহ্ন ভোজন, বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে নিয়মীয়াকৈ আর্থিক সাহায্য প্রদানৰ উপৰি শিক্ষক নিযুক্তি দি শিক্ষকৰ অভাৱ দূৰ কৰাৰ বাবে ৰাজ্য চৰকাৰে প্ৰচষ্টা অব্যাহত ৰাখিছে যদিও খিলঞ্জীয়া তথা জনজাতীয় বসতিপ্রধান জিলাসমূহৰ চৰকাৰী প্ৰাথমিক বিদ্যালয়ৰ অস্তিত্বৰ প্ৰতি ক্ৰমাৎ ভাবুকি আহিছে ।

ইয়াৰ বিপৰীতে সংখ্যালঘু এলেকাতহে ভবিষ্যতে চৰকাৰী বিদ্যালয়সমূহ বৰ্তি থকাৰ সম্ভাৱনা একত্রীকৰণৰ তালিকাত স্পষ্ট হৈ পৰিছে ।

তালিকা অনুসৰি ৩০ৰ কম শিক্ষাৰ্থী থকা খিলঞ্জীয়া তথা জনজাতীয় বসতিপ্ৰধান জিলাৰ বিদ্যালয়ৰ সংখ্যা হৈছে ক্ৰমে বাক্সাৰ ৫২০খন, চিৰাঙৰ ৪২০খন, ডিমা হাছাওৰ ৭০৩খন, কাৰ্বি আংলঙৰ ৫৬৪খন, পশ্চিম কাৰ্বি আংলঙৰ ৩১৮খন, কোকৰাঝাৰৰ ৫৮৭খন, ওদালগুৰিৰ ৫১৭খন, মাজুলীৰ ২৮০খন, চৰাইদেউৰ ২০২খন, ধেমাজিৰ ৪৫৩খন, শিৱসাগৰৰ ৫৪৬খন আৰু যোৰহাটৰ ৪৩৫খন ।

ইফালে, সংখ্যালঘু বসতিপ্রধান জিলাৰ তেনে বিদ্যালয়ৰ সংখ্য‍া হৈছে ধুবুৰীৰ ৭৫খন, বৰপেটাৰ ১৬২খন, বঙাইগাঁৱৰ ১৬৯খন, গোৱালপাৰাৰ ৩৩৬খন, হাইলাকান্দিৰ ২৬২খন, হোজাইৰ ৪৮খন, কৰিমগঞ্জৰ ১৮৫খন, নগাঁৱৰ ২৩৪খন, দক্ষিণ শালমাৰাৰ ১৪খন, মৰিগাঁৱৰ ১৮১খন, দৰঙৰ ২১৯খন আৰু বিশ্বনাথৰ ২৬১খন ।

লগতে পঢ়ক: Ranoj Pegu: অক্টোবৰ মাহৰ পৰা বাধ্যতামূলক হ’ব শিক্ষা সেতু পৰ্টেলৰ ব্যৱহাৰ; শিক্ষামন্ত্ৰীৰ ঘোষণা

Last Updated : Sep 30, 2023, 8:20 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.