ETV Bharat / state

বাহিৰৰ পৰা তেল আনিলে মূল্যবৃদ্ধি হ’বই : অধ্যক্ষৰ অসহায় উত্তৰ - ৰণজিৎ কুমাৰ দাস

মূল্যবৃদ্ধিক লৈ অসহায় চৰকাৰ ৷ জনসাধাৰণৰ প্ৰতি যেন দায়িত্ব নাই চৰকাৰৰ ৷ মূল্যবৃদ্ধিৰ ওচৰত যেন আত্মসমৰ্পণ কৰিছে চৰকাৰে ৷ মূল্যবৃদ্ধিৰ কথা ক’লেই চৰকাৰৰ পক্ষই দিয়ে আজৱ মন্তব্য ৷ বিশ্বজিৎ দৈমাৰীৰ মতে খালে দাম বাঢ়িবই ৷ পেট্ৰ’ল-ডিজেলৰ দাম বৃদ্ধিৰ ক্ষেত্ৰত কি ক’লে চাওক বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে ৷ পিছে বিধানসভাৰ অধ্যক্ষৰ এই মন্তব্যৰ বিপৰীতে কংগ্ৰেছে প্ৰকাশ কৰিছে কেতবোৰ তথ্য ৷

Government helpless over price hike
মূল্যবৃদ্ধিক লৈ অসহায় চৰকাৰ !
author img

By

Published : Jul 20, 2021, 6:34 PM IST

নিউজ ডেস্ক, 20 জুলাই : দেশৰ লগতে ৰাজ্যতো ক্ৰমাগত হাৰত বৃদ্ধি হৈছে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্য (PRICE HIKE) ৷ ৰাজ্যৰ যোগান মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে (RANJIT KUMAR DAS) মূল্যবৃদ্ধিক লৈ শেহতীয়াকৈ বিৰূপ মন্তব্য কৰিছিল ৷ তাৰপাচতে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে মূল্যবৃদ্ধিক লৈ সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত কৈছিল যে, আজিকালি জনসাধৰণে খেতি নকৰে ৷

আগতে জনসাধাৰণে সকলোৱে খেতি কৰিছিল নিজৰ প্ৰয়োজনীয় খাদ্য সামগ্ৰীসমূহৰ বাবে ৷ কিন্তু এতিয়া জনসাধাৰণে খেতি নকৰা হৈছে আৰু সকলোৱে বহি খাব লাগে বা আৰামত খাব লাগে, সেইবাবেই মূল্যবৃদ্ধি হৈছে ৷ বিধানসভাৰ অধ্যক্ষগৰাকীৰ এই মন্তব্যৰ পাচতে ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷

এনেদৰে বিধানসভাৰ অধ্যক্ষগৰাকীয়ে মন্তব্য কৰাৰ পাচতে ৰাজ্যৰ প্ৰধান বিৰোধী দল কংগ্ৰেছে (CONGRESS) ওভতি ধৰিছে বিজেপি চৰকাৰক ৷ অসম প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষা ববিতা শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, ২০১১-১২ বৰ্ষত প্ৰতি বেৰেল খাৰুৱা তেলৰ আন্তৰ্জাতিক বজাৰ মূল্য সৰ্বাধিক বৃদ্ধি হৈছিল ১১২ ডলাৰলৈ ৷ তেতিয়া দেশত পেট্ৰ’লৰ মূল্য আছিল প্ৰতি লিটাৰত 71.51 টকা ৷

মূল্যবৃদ্ধিক লৈ চৰকাৰৰ অসহায় স্থিতি

যেতিয়া ২০১৪ ত যেতিয়া বিজেপিয়ে দেশৰ শাসনভাৰ লৈছিল তেতিয়া প্ৰতি বেৰেল খাৰুৱা তেলৰ আন্তৰ্জাতিক বজাৰ মূল্য হৈছিল ১০৫.৫২ ডলাৰ ৷ ২০১৪ ত প্ৰতি বেৰেল খাৰুৱা তেলৰ আন্তৰ্জাতিক বজাৰ মূল্য ১০৫.৫২ ডলাৰ হৈছিল ৷ তেতিয়া দেশৰ শাসনভাৰ লৈছিল বিজেপিয়ে ৷ কিন্তু মোডী চৰকাৰৰ দিনত পেট্ৰ’ পণ্যৰ মূল্যই শতকৰ ঘৰ অতিক্ৰম কৰিছে ৷

লগতে ববিতা শৰ্মাই কয় যে, বৰ্তমান প্ৰতি বেৰেল খাৰুৱা তেলৰ আন্তৰ্জাতিক বজাৰ মূল্য মাত্ৰ ৪৪.৮২ ডলাৰ ৷ কিন্তু তৎস্বত্বেও অভাৱনীয় হাৰত বৃদ্ধি পাইছে পেট্ৰ’ল-ডিজেলৰ মূল্য ৷ ৰাইজক সকাহ দিয়াৰ বিপৰীতে মোডী চৰকাৰে আবকাৰী শুল্ক বৃদ্ধিৰে ৰাজহ সংগ্ৰহত গুৰুত্ব দিয়াৰ অভিযোগ কংগ্ৰেছৰ ৷ কংগ্ৰেছে উল্লেখ কৰা অনুসৰি যোৱা ৭ বছৰত মোডী চৰকাৰে সংগ্ৰহ কৰিছে ২৫ লাখ কোটি টকাতকৈ অধিক আবকাৰী শুল্ক ৷

৭ বছৰত পেট্ৰ'লৰ ওপৰত ২৪৮% আৰু ডিজেলৰ ওপৰত ৮২০% আবকাৰী শুল্ক বৃদ্ধি কৰিছে মোডী চৰকাৰে ৷ অসম প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষা ববিতা শৰ্মাই অভিযোগ তুলিছে যে, বিজেপি চৰকাৰে মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰে, যিহেতু তেওঁলোকক কেৱল ৰাজহ লাগে । আচলতে মূল্যবৃদ্ধি ৰোধ কৰাৰ বাবে বিজেপি চৰকাৰৰ হাতত কোনো ধৰণৰ পৰিকল্পনা নাই ।

এতিয়া প্ৰশ্ন হয় চৰকাৰখন কাৰ কল্যাণৰ বাবে ? চৰকাৰ যদি জনসাধাৰণৰ বাবেই তেন্তে মূল্যবৃদ্ধিক লৈ কিয় গান্ধাৰীৰ বেশ ধাৰণ কৰিছে চৰকাৰে ৷ মূল্যবৃদ্ধিৰ প্ৰসংগ ওলালে উদ্ভট মন্তব্য কৰাতো যেন চৰকাৰৰ অভ্যাসত পৰিণত হৈছে ৷

ইয়াৰ পূৰ্বেও যোগান মন্ত্ৰী ৰণজিৎ কুমাৰ দাসেও কণীৰ মূল্যবৃদ্ধি সন্দৰ্ভত কৈছিল যে, মানুহে কণী বেছিকৈ খাইছে, সেয়ে দাম বাঢ়িছে ৷ সেইদৰে বৰ্তমান বিধানসভাৰ অধ্যক্ষগৰাকীয়েও মূল্যবৃদ্ধিৰ ক্ষেত্ৰত গা এৰা দিয়া মন্তব্য প্ৰকাশ কৰিছে ৷ মুঠৰ ওপৰত মূল্যবৃদ্ধিৰ প্ৰসংগত চৰকাৰৰ অসহায় স্থিতি পৰিলক্ষিত হৈছে ৷

লগতে পঢ়কঃ নাঙলৰ সীৰলুত উদ্ধাৰ কাঁহৰ বাতি....তাৰপিছত ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.