গুৱাহাটী, 21 জুলাই : টকিঅ'ৰ 32 সংখ্যক অলিম্পিক গেমছলৈ সম্পূৰ্ণৰূপে সাজু অসমৰ বক্সাৰ লাভলীনা বৰগোঁহাই । জাপানৰ ৰাজধানী চহৰত অসমৰ জীয়ৰী লাভলীনা বৰগোঁহাই । কি চৰকাৰ কি বিৰোধী সকলোৱে ব্যতিক্ৰমী চিন্তাৰে শুভেচ্ছা বাৰ্তা দিছে অসম জীয়ৰীক ৷ বুধবাৰে গুৱাহাটীত অনুষ্ঠিত হয় Go for glory: Lovlina শীৰ্ষক চাইকেল ৰেলী ৷
অলিম্পিকলৈ মাজতে মাত্ৰ এটা দিন থকা অৱস্থাত লাভলীনা বৰগোঁহাইক লৈ যথেষ্ট উৎসাহী আৰু আনন্দিত হৈছে ৰাজ্যবাসী । ট'কিঅ অলিম্পিকত ভাৰতক প্ৰতিনিধিত্ব কৰিবলৈ যোৱা বক্সাৰ লাভলীনা বৰগোঁহাইক উৎসাহ যোগোৱাৰ উদ্দেশ্যৰে বুধবাৰে পুৱা গুৱাহাটীত অনুষ্ঠিত হয় এই বিশেষ চাইকেল ৰেলী ৷ এই বিশেষ চাইকেল ৰেলীত অংশগ্ৰহণ কৰে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া সমন্বিতে শাসক-বিৰোধী উভয় পক্ষৰে বহুসংখ্যক সদস্যই ৷ দিছপুৰৰ লাষ্টগেটৰ পৰা আৰম্ভ হোৱা এই চাইকেল ৰেলীৰ সমাপ্তি ঘটে নেহৰু ষ্টেডিয়ামত ।
মুখ্যমন্ত্ৰী ড৹ শৰ্মাই এই চাইকেল ৰেলীৰ শুভাৰম্ভ কৰে । উদ্বোধনী অনুষ্ঠানত সুদক্ষ অসম কন্যা বক্সাৰগৰাকীৰ পিতৃ টিকেন বৰগোহাঁই উপস্থিত থাকে । আজিৰ এই চাইকেল ৰেলীত ভাগ লৈ খেলুৱৈ গৰাকীক উৎসাহ যোগাবলৈ ওলাই আহে বহু সংখ্যক খেলুৱৈ ।
সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনে আয়োজন কৰা এই চাইকেল ৰেলীত মন্ত্ৰী বিমল বৰা, অতুল বৰা, পৰিমল শুক্লবৈদ্য, সঞ্জয় কিষাণ, যোগেন মহন, উৰ্খাও গৌৰা ব্ৰহ্ম, ৰণজিৎ দাসকে ধৰি বহুকেইগৰাকী মন্ত্ৰী, বিধায়ক অখিল গগৈ, জয়ন্ত মল্ল বৰুৱা, দিগন্ত কলিতা, বিশ্বজিৎ ফুকন, মৃণাল শইকীয়া সমন্বিতে শাসক-বিৰোধী ঊভয় পক্ষৰ বিধায়কসকলেও ভাগ লয় । সকলোৱে অসম কন্যা গৰাকীলৈ শুভেচ্ছা জ্ঞাপন কৰে ৷ লগতে বক্সাৰগৰাকীয়ে ভাৰত তথা অসমলৈ গৌৰৱ কঢ়িয়াই আনিব বুলিও সম্পূৰ্ণ আশা প্ৰকাশ কৰে ৷
লগতে পঢ়ক: লাভলীনা বৰগোঁহাইলৈ মন্ত্ৰী-বিধায়কৰ শুভেচ্ছা