ETV Bharat / state

ভৰলু-উত্তৰ গুৱাহাটী সংযোগী দলং সম্পূৰ্ণ হ’লেই ঠিকনা সলনি হ’ব ফাঁচী বজাৰৰ - Fancy Bazar relocation

গুৱাহাটীৰ পৰা ফাঁচী বজাৰক চাংসাৰি বা উত্তৰ গুৱাহাটীলৈ স্থানান্তৰৰ বাবে সাজু হৈছে ৰাজ্য চৰকাৰ ৷ অসমৰ বাণিজ্যিক প্ৰাণকেন্দ্ৰ ফাঁচী বজাৰক স্থানান্তৰৰ সন্দৰ্ভত নিশ্চয়তা প্ৰদান কৰিছে মন্ত্ৰী অশোক সিংহলে ৷

relocation of Fancy Bazar to Changsari
Ashok Singhal on relocation of Fancy Bazar
author img

By ETV Bharat Assamese Team

Published : Nov 27, 2023, 5:55 PM IST

ঠিকনা সলনি হ’ব ফাঁচী বজাৰৰ

গুৱাহাটী, ২৭ নৱেম্বৰ: অচিৰেই ইতিহাস হ’ব অসমৰ বাণিজ্যিক ইতিহাসৰ প্ৰাণকেন্দ্ৰ ফাঁচীবজাৰ । দিনক দিনে জনসংখ্যা বাঢ়ি অহা গুৱাহাটী মহানগৰীৰ ভয়ংকৰ যানজঁটৰ পৰা পৰিত্ৰাণৰ বিকল্প ৰূপে ফাঁচীবজাৰখন স্থানান্তৰ কৰা হ’ব চাংসাৰিলৈ ৷ গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষই আগবঢ়োৱা প্ৰস্তাৱ কাৰ্যকৰীকৰণৰ দিশে আগবাঢ়িছে দিছপুৰ ৷

এই বাতৰি প্ৰকাশৰ লগে লগেই হাহাকাৰ লাগিছে ফাঁচীবজাৰৰ ব্যৱসায়ীসকলৰ মাজত ৷ ফাঁচীবজাৰ স্থানান্তৰকৰণৰ কথা নিশ্চিত কৰিলে অসম চৰকাৰৰ মন্ত্ৰী অশোক সিংহলে ৷ সোমবাৰে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰিলে যে সোনকালেই ফাঁচীবজাৰ উত্তৰ গুৱাহাটীলৈ স্থানান্তৰ কৰা হ’ব ৷ ক্ৰমবৰ্ধমান জনসংখ্যাা আৰু যানজঁটৰ ফলশ্ৰুতিত চৰকাৰলৈ GMDA য়ে এই স্থানান্তৰকৰণৰ প্ৰস্তাৱ প্ৰেৰণ কৰা কথাটো স্বীকাৰ কৰিছে মহানগৰ উন্নয়ন পৰিক্ৰমা মন্ত্ৰী অশোক সিংহলে ।

“গুৱাহাটীক লৈ আমাৰ ওচৰত ভালেমান প্ৰস্তাৱ আছে ৷ তাৰ ভিতৰত গুৱাহাটীৰ হোলচেল মাৰ্কেটখন চাংসাৰি নাইবা নৰ্থ গুৱাহাটীলৈ যোৱাৰ প্ৰস্তাৱ আছে ৷ ইয়াৰ ওপৰত আমি সক্ৰিয়তাৰে কাম কৰি আছোঁ ৷ মই ভাবোঁ অহা দিনবোৰত আমি এয়া কৰিব লাগিব ৷ নহ’লে গুৱাহাটীত যান-বাহনৰ যিটো যানজঁট তাৰ পৰা আমি মুক্তি পাব নোৱাৰিম ৷” এইদৰে নিজৰ মন্তব্য প্ৰকাশ কৰে মন্ত্ৰী অশোক সিংহলে ৷

মন্ত্ৰী সিংহলৰ মন্তব্যৰ পৰা এইটো কথা স্পষ্ট হৈ পৰে যে অচিৰেই হয়তো চৰকাৰে ফাঁচীবজাৰ উঠাই নিয়া হ’ব উত্তৰ গুৱাহাটীৰ চাংসাৰি অথবা সমীপৱৰ্তী অঞ্চললৈ ৷ দিছপুৰৰ এক তথ্য অনুসৰি গুৱাহাটীৰ ভৰলু আৰু উত্তৰ গুৱাহাটী সংযোগী ব্ৰহ্মপুত্ৰৰ ওপৰৰ নিৰ্মাণ হৈ থকা দলংখন মুকলি হোৱালৈ অপেক্ষা কৰি আছে চৰকাৰে ৷ তাৰ পিছতেই GMDA য়ে দাখিল কৰা প্ৰস্তাৱ অনুসৰি স্থানান্তৰ কৰা হ’ব ফাঁচীবজাৰ ৷

লগতে পঢ়ক: সাজু মাষ্টাৰ প্লেন! ইতিহাস হৈ পৰিব নেকি ঐতিহ্যপূৰ্ণ ফাঁচী বজাৰ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.