ETV Bharat / state

পুনৰ ক’ভিডত আক্ৰান্ত GMCH ৰ অধীক্ষক অভিজিৎ শৰ্মা

author img

By

Published : Jul 6, 2022, 5:19 PM IST

পুনৰ ক’ভিড মহামাৰীয়ে লৈছে ভয়াবহ ৰূপ (Covid infection increases in Assam) ৷ প্ৰতিদিনাই ক’ভিড 19 ৰ দ্বাৰা আক্ৰান্ত হৈছে বহু লোক ৷ ইয়াৰ মাজতে তৃতীয় বাৰৰ বাবে ক’ভিডত আক্ৰান্ত হৈছে GMCH ৰ অধীক্ষক অভিজিৎ শৰ্মা (GMCH Superintendent Abhijit Sarma tests positive for Covid 19) ৷

Covid infection increases in Assam
পুনৰ ক’ভিডত আক্ৰান্ত GMCH ৰ অধীক্ষক অভিজিৎ শৰ্মা

গুৱাহাটী, ৬ জুলাই : পুনৰ ক’ভিডত আক্ৰান্ত GMCH ৰ অধীক্ষক অভিজিৎ শৰ্মা ৷ তৃতীয় বাৰৰ বাবে ক’ভিডত আক্ৰান্ত হৈছে GMCH ৰ অধীক্ষকগৰাকী (GMCH Superintendent Abhijit Sarma tests positive for Covid 19)। জানিব পৰা মতে, বৰ্তমান তেওঁ হোম আইচ’লেচ’নত আছে । এগৰাকী ক’ভিড ৰোগীৰ সংস্পৰ্শলৈ আহিছিল অধীক্ষক অভিজিৎ শৰ্মা । তাৰ পাচতে তেওঁ ক’ভিড 19 ত আক্ৰান্ত হোৱাৰ তথ্য লাভ কৰা হৈছে ৷

উল্লেখ্য যে, ৰাজ্যত ভয়াৱহ হাৰত পুনৰ বৃদ্ধি পাব ধৰিছে ক’ভিড সংক্ৰমণ (Covid infection increases in Assam)। চৰকাৰী তথ্য অনুসৰি, ৫ জুলাইত ২০৭০ জন লোকৰ ক’ভিড পৰীক্ষা কৰা হৈছিল । তাৰ ভিতৰত ২১০ জনৰ দেহত ক’ভিডৰ উপস্থিতি ধৰা পৰিছে । ক’ভিড পজিটিভৰ হাৰ ১০.১৪% ।

বৰ্তমান ৰ‍াজ্যত সক্ৰিয় হৈ আছে ৮১০ গৰাকী ক’ভিড ৰোগী ।

তথ্য অনুসৰি, সৰ্বাধিক ক’ভিডত আক্ৰান্ত হোৱা জিলাকেইখন ক্ৰমে কামৰূপ মহানগৰ (৯৮), কামৰূপ গ্ৰাম্য (২৬), ডিব্ৰুগড় (১৯), দৰং (১৪) ৷ চৰকাৰী হিচাপত দৈনিক ক’ভিড পজিটিভ ৰোগীৰ সংখ্যাই শতকৰ ঘৰ স্পৰ্শ কৰিছে ৷ কিন্তু প্ৰকৃতাৰ্থত উক্ত পৰিসংখ্যাতকৈ কেইবাগুণে অধিক লোক দৈনিক কৰ’ণা ভাইৰাচৰ দ্বাৰা সংক্ৰমিত হোৱা বুলি ৰাজ্যৰ চিকিৎসক তথা বিশেষজ্ঞ মহলে সন্দেহ ব্যক্ত কৰিছে ।

ইফালে শেহতীয়াকৈ ৰাজ্যত ক’ভিড সংক্ৰমণৰ হাৰ অস্বাভাৱিকভাৱে বৃদ্ধি পোৱাত উদ্বিগ্ন হৈ পৰিছে ৰাজ্যৰ স্বাস্থ্য বিভাগ (Assan Health department worried about increasing covid infection) ।

লগতে পঢ়ক : ভয়াৱহ হ‍াৰত বৃদ্ধি পোৱা ক'ভিডৰ সংক্ৰমণক লৈ উদ্বিগ্ন চৰকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.