ETV Bharat / state

তৰুণ গগৈৰ স্বাস্থ্য সন্দৰ্ভত জিএমছিএইছ অধ্যক্ষৰ মন্তব্য - গুৱাহাটী মেডিকেল কলেজ হাস্পতাল

gmch chairman reacts on ex cm tarun gogoi health
তৰুণ গগৈৰ স্বাস্থ্য সন্দৰ্ভত জিএমছিএইছ অধ্যক্ষৰ মন্তব্য
author img

By

Published : Nov 22, 2020, 10:26 AM IST

Updated : Nov 22, 2020, 1:20 PM IST

10:22 November 22

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ স্বাস্থ্য সন্দৰ্ভত জিএমছিএইছ অধ্যক্ষ ডাঃ অভিজিৎ শৰ্মাৰ মন্তব্য ৷ বৰ্তমানো সংকটজনক অৱস্থাত আছে তৰুণ গগৈ ৷

নিউজ ডেস্ক,22 নৱেম্বৰ : যোৱা 24 ঘণ্টাত আৰু স্বাস্থ্যৰ অৱনতি ঘটা নাই যদিও এতিয়াও সংকটজনক অৱস্থাত আছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ৷ দেওবাৰে পুৱাৰ ভাগত চকু মেলি চাইছে যদিও প্ৰসাৱৰ ক্ষেত্ৰত কিছু সমস্যা থকা বুলি গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ অধ্যক্ষ ডাঃ অভিজিৎ শৰ্মাই জানিবলৈ দিয়ে ৷ 

প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ স্বাস্থ্য সন্দৰ্ভত এক সংবাদমেল সম্বোধন কৰি তৰুণ গগৈৰ বৰ্তমানৰ অক্সিজেন লেভেল 95ৰ পৰা 97 বুলি সদৰি কৰে ৷ লগতে তেওঁ কয় যে, এটা বৃহৎ চিকিৎসকৰ দলে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীক চলাই আছে চিকিৎসা ৷ প্ৰয়োজনত তেওঁক ডায়েলাইছিছ কৰা হ’ব ৷ 

সম্প্ৰতি তেওঁক মেকানিকেল ভেণ্টিলেশ্যনত চিকিৎসা প্ৰদান কৰি থকা বুলি অধ্যক্ষ ডাঃ অভিজিৎ শৰ্মাই উল্লেখ কৰে ৷

লগতে পঢ়ক : পৰ্যটন মানচিত্ৰত নৱ সংযোজন শোণিতপুৰৰ পানপুৰঘাটৰ

Last Updated : Nov 22, 2020, 1:20 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.