ETV Bharat / state

Bharalu Garbage Disposal Scam: নিলম্বন হ’ল পৌৰ নিগমৰ তদানীন্তন অধীক্ষক

author img

By

Published : Oct 29, 2022, 9:24 PM IST

শনিবাৰে গুৱাহাটী পৌৰ নিগমৰ তদানীন্তন অধীক্ষক মনজিৎ বুজৰবৰুৱাক নিলম্বন কৰা হয় ৷ ভৰলু জাৱৰ নিষ্কাশনৰ নামত সংঘটিত হোৱা কেলেংকাৰিৰ (Bharalu Garbage Disposal Scam) বাবেই যুটীয়া আয়ুক্ত পংকজ চক্ৰৱৰ্তীৰ প্ৰতিবেদনৰ ভিত্তিত নিলম্বন কৰা হয় পৌৰ নিগমৰ তদানীন্তন অধীক্ষকজনক ৷

gmc-superintendent-suspended-over-bharalu-garbage-disposal-scam
নিলম্বন হ’ল পৌৰ নিগমৰ তদানীন্তন অধীক্ষক

গুৱাহাটী, ২৯ অক্টোবৰ: শেহতীয়াকৈ পোহৰলৈ অহা গুৱাহাটী পৌৰ নিগমৰ (Guwahati Municipal Corporation) ভৰলু জাৱৰ নিষ্কাশনৰ নামত সংঘটিত হোৱা কেলেংকাৰিৰে (Bharalu Garbage Disposal Scam) জড়িত আন এক তথ্য ফাদিল হৈছে । এই কেলেংকাৰিৰ সৈতে জড়িত গুৱাহাটী পৌৰ নিগমৰ তদানীন্তন অধীক্ষক মনজিৎ বুজৰবৰুৱাক শনিবাৰে নিলম্বন কৰা হয় ।

GMC Superintendent Suspended over Bharalu Garbage Disposal Scam
নিলম্বন হ’ল পৌৰ নিগমৰ তদানীন্তন অধীক্ষক

যুটীয়া আয়ুক্ত পংকজ চক্ৰৱৰ্তীৰ প্ৰতিবেদনৰ ভিত্তিত গুৱাহাটী পৌৰ নিগমৰ তদানীন্তন অধীক্ষক মনজিৎ বুজৰবৰুৱাক নিলম্বনৰ নিৰ্দেশ দিয়া হয় (GMC Superintendent Suspended) । বৰ্তমান মনজিৎ বুজৰবৰুৱা পৌৰসভাৰ প্ৰশাসনিক বিভাগত কৰ্মৰত (GMC Superintendent Manjit Bujarbaruah) । উল্লেখযোগ্য যে, ভৰলুৰ আৱৰ্জনা নিষ্কাশনৰ নামত অহা বিপুল পৰিমাণৰ ধন আত্মসাৎ কৰিছিল মনজিত বুজৰবৰুৱাই । ৫০ লাখ টকাৰ ৪০ লাখ টকায়ে আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হৈছে মনজিৎ বুজৰবৰুৱাৰ বিৰুদ্ধে ৷

ইয়াৰ পূৰ্বেও গুৱাহাটী পৌৰ নিগমত সংঘটিত বহু কোটি টকাৰ ভুৱা বিল কেলেংকাৰিত নিগমৰ অ’এছডি আৰু ছয়জন কাৰ্যবাহী অভিযন্তাকে ধৰি ৮ জন ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছিল । পৌৰ নিগমৰ বোকা নিষ্কাশনৰ কেলেংকাৰীত গ্ৰেপ্তাৰ হোৱা ৯ বিষয়াক ইতিমধ্যে ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে । বোকা নিষ্কাশন কেলেংকাৰীৰে নাম সাঙোৰ খাই গ্ৰেপ্তাৰ হৈছিল ৯ জন বিষয়া, ঠিকাদাৰ ।

ইতিমধ্যে বাবুলাল শৰ্মা, আছিফ আহমেদ, এলিন বেগম, শংকৰ মেধি, হিৰণ্য বৰ্মন, দিনেশ জয়ছোৱাল, ৰমাকান্ত শইকীয়া, চিত্তৰঞ্জন দত্তক জেললৈ প্ৰেৰণ কৰা হৈছে । ইফালে পূৰ্বতে জেললৈ প্ৰেৰণ কৰা চিএ অভিমন্যু মেধীকো আদালতত হাজিৰ কৰি ১৪ দিনৰ বাবে পুনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে । চলিত বৰ্ষত জি এম চিত বোকা আঁতৰোৱা কামৰ ভুৱা বিল দি প্ৰায় ২ কোটি ২১ লাখ ৬৪ হাজাৰ ৭০০ টকা উলিয়াই নিছিল চক্ৰটোৱে ৷

বোকা আঁতৰোৱা কামৰ দাখিল কৰা নথি-পত্ৰ দেখি গুৱাহাটী পৌৰ নিগমৰ তদানীন্তন আয়ুক্ত দেৱাশিস শৰ্মাৰ সন্দেহ ওপজাত লগে লগে তেওঁ ২ কোটি ২১ লাখ ৬৪ হাজাৰ ৭০০ টকাৰ কাম-কাজৰ তদন্ত কৰিবলৈ পৌৰ নিগমৰ যুটীয়া আয়ুক্ত পংকজ চক্ৰৱৰ্তীক নিৰ্দেশ দিয়ে । এই নিৰ্দেশৰ ভিত্তিতে পংকজ চক্ৰৱৰ্তীয়ে তদন্ত আৰম্ভ কৰে । যুটীয়া আয়ুক্ত পংকজ চক্ৰৱৰ্তীক তদন্ত প্ৰতিবেদন পোহৰলৈ আহিছিল যে ভুৱা বিল দি গুৱাহাটী পৌৰ নিগমৰ বিষয়াকেইজনে কোটি কোটি টকা লুটিছিল ।

পৰৱৰ্তী সময়ত পৌৰ নিগমৰ আয়ুক্ত দেৱাশীষ শৰ্মাই গুৱাহাটী পৌৰ নিগমৰ যুটীয়া আয়ুক্ত পংকজ চক্ৰৱৰ্তীক তদন্ত প্ৰতিবেদনৰ ভিত্তিত মুখ্যমন্ত্ৰীৰ তদাৰকী কোষত এখন এজাহাৰ দাখিল কৰিছিল । সেই এজাহাৰৰ ভিত্তিত মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে ৪/২০২২ নম্বৰত গোচৰ ৰুজু কৰি ৯ জন লোকক গ্ৰেপ্তাৰ কৰিছিল ।

লগতে পঢ়ক: Funeral of Neel Pawan Baruah: কেনভাছ উকা কৰি পঞ্চভূতত বিলীন হ’ল নীলপৱন বৰুৱা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.