ETV Bharat / state

গুৱাহাটী পৌৰ নিগমৰ মহানগৰী চেনিটাইজ অভিযান - গুৱাহাটী পৌৰ নিগমৰ মহানগৰী চেনিটাৰাইজ অভিযান

এই কঠিন সময়ছোৱাত সেৱা আগবঢ়াই যোৱা চিকিৎসকসকলৰ বিৰোদ্ধে যদি কোনো ব্যক্তিয়ে সমস্যাৰ সৃষ্টি কৰে তেন্তে চৰকাৰে বিহীত ব্যৱস্থা গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে ।

চেনিটাইজ অভিযান
চেনিটাইজ অভিযান
author img

By

Published : Mar 25, 2020, 9:27 PM IST

গুৱাহাটী, 25 মাৰ্চ : ক'ৰণাৰ আতংকই ছানি ধৰিছে সমগ্ৰ বিশ্বক। কেন্দ্ৰীয় চৰকাৰে 24 মাৰ্চৰ সন্ধিয়া 6 বজাৰ পৰা 14 এপ্ৰিললৈ লক ডাউনৰ নিৰ্দেশৰ পাছত প্ৰায় স্থবিৰ হৈ পৰিছে গুৱাহাটীৰ জনজীৱন । বুধবাৰে গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত লক ডাউন হোৱাৰ পাছতে গুৱাহাটী পৌৰ নিগমে মহানগৰীৰ বিভিন্ন স্থানৰ লগতে গুৱাহাটী মেডিকেল কলেজ হাস্পতালক বীজাণু মক্ত কৰিবলৈ চেনিটাইজৰ ছটিয়াই ৷

ক'ৰণা ভাইৰাছৰ পৰা মহানগৰবাসীক মুক্ত কৰিবলৈ প্ৰশাসনৰ লগতে গুৱাহাটী পৌৰ নিগমে চলোৱা এই চেনিটাইজ অভিযানত উপস্থিত হৈ ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীযুষ হাজৰিকাই কয় যে, এই কঠিন সময়ত নিজক সুৰক্ষিত কৰাটো আটাইতকৈ জৰুৰী। লগতে দূৰত্ব বজাই ৰাখি ঘৰৰ পৰা বাহিৰ নোলাবলৈ ৰাইজক আহ্বান জনাই মন্ত্ৰীগৰাকীয়ে।

চেনিটাইজ অভিযান

লগতে পঢ়কঃ শতাধিক গহৰিয়ে কৰ'ণা আতংকৰ সৃষ্টি কৰিছে মৰিয়নীত

লগতে মহানগৰীৰ বিভিন্ন স্থানত এনেদৰে প্ৰতিদিনে চেনিটাইজ কৰা হব বুলি জানিবলৈ দিলে মন্ত্ৰী পীযুছ হাজৰিকাই। এই কঠিন সময়ছোৱাত সেৱা আগবঢ়াই যোৱা চিকিৎসকসকলৰ বিৰোদ্ধে যদি কোনো ব্যক্তিয়ে সমস্যাৰ সৃষ্টি কৰে তেন্তে চৰকাৰে বিহীত ব্যৱস্থা গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.