ETV Bharat / state

মহানগৰীৰ পদপথত থকা দুই শতাধিক দোকানত পৌৰ নিগমৰ উচ্ছেদ অভিযান - Guwahati Municipal Corporation eviction drive

পুনৰ মহানগৰীৰ পদপথৰ ব্যৱসায়ীৰ ওপৰত পৌৰ নিগমৰ ৰাম টাঙোন । দুই শতাধিক পদপথৰ দোকানত চলিল গুৱাহাটী পৌৰ নিগম(Guwahati Municipal Corporation)ৰ উচ্ছেদ অভিযান । ৬ জুনৰ পৰা ১০ জুনলৈ চলিল এই অভিযান ।

gmc evicted at 200 street vendors in guwahati
মহানগৰীৰ পদপথত থকা দুই শতাধিক দোকানত পৌৰ নিগমৰ উচ্ছেদ অভিযান
author img

By

Published : Jun 10, 2022, 9:31 PM IST

গুৱাহাটী,১০ জুন: গুৱাহাটী পৌৰ নিগমে গুৱাহাটীৰ ভঙাগড়, উলুবাৰীৰ বি কে কাকতি পথ, কালাপাহাৰৰ কলনি বজাৰ, লাচিত নগৰৰ পদপথত দখল কৰি ব্যৱসায়ী কৰি থকা ব্যৱসায়ীৰ বিৰুদ্ধে উচ্ছেদ অভিযান চলায়(Guwahati Municipal Corporation eviction drive) । অভিযানত ভঙাগড়, উলুবাৰীৰ বি কে কাকতি, কালাপাহাৰৰ কলনি বজাৰ, লাচিত নগৰত প্ৰায় দুই শতাধিকখন অস্থায়ী দোকান উচ্ছেদ কৰে ।

gmc evicted at 200 street vendors in guwahati
পদপথৰ ব্যৱসায়ীৰ ওপৰত পৌৰ নিগমৰ ৰাম টাঙোন

গুৱাহাটী পৌৰ নিগমৰ বিষয়া দীপশিখা গগৈয়ে জনায় যে যোৱা ৬ জুনৰ পৰা ১০ জুনলৈ গুৱাহাটীৰ ভঙাগড়, উলুবাৰীৰ বি কে কাকতি পথ, কালাপাহাৰৰ কলনি বজাৰ, লাচিত নগৰৰ পদপথ দখল কৰি ব্যৱসায় কৰি থকা শাক পাচলি আৰু মাংসৰ অস্থায়ী দোকান উচ্ছেদ কৰা হৈছে । তেওঁ জনায় যে পৰৱৰ্তী সময়তো গুৱাহাটী পৌৰ নিগমে মহানগৰীৰ পদপথ দখল কৰি ব্যৱসায় কৰি থকা ব্যৱসায়ীৰ বিৰুদ্ধে উচ্ছেদ অভিযান অব্যাহত ৰাখিব ।

৬ জুনৰ পৰা ১০ জুনলৈ চলিল এই অভিযান

ইপিনে পথপদত ব্যৱসায় কৰি জীৱন নিৰ্বাহ কৰি থকা সাধাৰণ পদপথৰ ব্যৱসায়ী সকলক পৌৰ নিগমে যধেমধে উচ্ছেদ কৰা বুলি সদৌ গুৱাহাটী পদপথ ব্যৱসায়ী সংস্থাই অভিযোগ উত্থাপন কৰে । পৌৰ নিগম কৰ্তৃপক্ষই মহানগৰীত পদপথৰ ব্যৱসায়ী সকলৰ বাবে পৰ্য্যাপ্ত ভেণ্ডিং জ'ন নিৰ্মাণ নকৰাকৈ পথপদত ব্যৱসায় কৰি জীৱন নিৰ্বাহ কৰি থকা সাধাৰণ পদপথৰ ব্যৱসায়ী সকলক এনেদৰে যধেমধে উচ্ছেদ কৰা বন্ধ কৰিবলৈ সদৌ গুৱাহাটী পদপথ ব্যৱসায়ী সংস্থাই দাবী জনাইছে ।

লগতে পঢ়ক: Dacoit arrest : নগাঁৱৰ কচুৱাত কুখ্যাত ডকাইত গ্ৰেপ্তাৰ

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.