ETV Bharat / state

কামৰূপ মহানগৰৰ পৰিৱহণ বিষয়া ৰূপে দায়িত্বভাৰ গ্ৰহণ গৌতম দাসৰ

শনিবাৰে কামৰূপ মহানগৰ জিলাৰ পৰিৱহণ বিষয়া ৰূপে কাৰ্যভাৰ গ্ৰহণ কৰে গৌতম দাসে। পৰিৱহণ বিভাগৰ বিষয়া-কৰ্মচাৰীৰ উপস্থিতিত আদৰণি জনোৱা হয় নৱনিযুক্ত বিষয়াগৰাকীক ।

author img

By

Published : Nov 29, 2020, 7:02 AM IST

কামৰূপ মহানগৰৰ পৰিবহন বিষয়া ৰূপে দায়িত্বভাৰ গ্ৰহণ গৌতম দাসৰ

গুৱাহাটী, 29 নৱেম্বৰ : কামৰূপ মহানগৰ জিলাৰ পৰিৱহণ বিভাগৰ দায়িত্ব গ্ৰহণ গৌতম দাসৰ ৷ পূৰ্বৰ বিষয়া অৰুণ বৰাক বদলিৰ পিছত বিগত কিছুদিনৰ পৰা খালী হৈ আছিল ৷ যোৱা দুদিন পূৰ্বে অতি দক্ষ আৰু সৎ বিষয়া হিচাপে সুনাম থকা গৌতম দাসক পুনৰ এই পদত নিযুক্তি দিয়া হয় । ইয়াৰ পূৰ্বে গৌতম দাস কামৰূপ গ্ৰাম্য জিলাৰ পৰিৱহণ বিষয়া হিচাপে কৰ্মৰত হৈ আছিল । শনিবাৰে কামৰূপ মহানগৰ জিলাৰ পৰিৱহণ বিষয়া ৰূপে কাৰ্যভাৰ গ্ৰহণ কৰে গৌতম দাসে । পৰিৱহণ বিভাগৰ বিষয়া-কৰ্মচাৰীৰ উপস্থিতিত নৱনিযুক্ত বিষয়াগৰাকীক উষ্ম আদৰণি জনোৱা হয় ।

বিষয়াগৰাকীৰ কৰ্ম দক্ষতাৰ বাবেই কামৰূপ মহানগৰৰ দায়িত্ব পুনৰ তেখেতক অৰ্পন কৰা হৈছে । উল্লেখযোগ্য যে কামৰূপ গ্ৰাম্য জিলাৰ পৰিৱহণ বিষয়া হিচাপে কৰ্মৰত থকাৰ সময়চোৱাত পথ সুৰক্ষা অভিযান, দুৰ্ঘটনা ৰোধ আদি বিভিন্ন সজাগতামূলক অনুষ্ঠান অনুষ্ঠিত কৰিছিল তেখেতে । ইফালে দায়িত্ব গ্ৰহণ কৰিয়ে পূৰ্বৰ দৰেই সততাৰে ৰাইজৰ সেৱা কৰি যাব বুলি প্ৰতিশ্ৰুতি দিয়ে গৌতম দাসে ।

লগতে পঢ়ক: নলবাৰী হৰিমন্দিৰত তিনিদিনীয়াকৈ অনুষ্ঠিত হ'ব ৰাস মহোৎসৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.