ETV Bharat / state

Chemical rich vegetables in Guwahati: ৰাসায়নিক দ্ৰব্যযুক্ত পাচলিৰ বিৰুদ্ধে চলিব অভিযান - FSSIA

ন্যায়ালয়ৰ নিৰ্দেশৰ পাচত ৰাসায়নিক দ্ৰব্যযুক্ত পাচলিৰ বিৰুদ্ধে তৎপৰ ৰাজ্য় চৰকাৰ (State governments action against chemical rich vegetables)। শাক-পাচলিত ৰাসায়নিক দ্রব্যৰ অৱস্থিতিৰ হ'ব পৰীক্ষা । গুৱাহাটীৰ বিভিন্ন প্ৰৱেশ পথত চলিব এই অভিযান । কৃষি বিভাগ, পৌৰ নিগম, আৰক্ষী আয়ুক্তালয়, পৰিবহণ বিভাগ আদিৰ প্ৰতিনিধিক লৈ গঠন হ'ব দল । শাক-পাচলিৰ নমুনা সংগ্ৰহ কৰি কৰা হ'ব পৰীক্ষা । মহানগৰীৰ শাক-পাচলিৰ বজাৰ সমূহত চলিব আকস্মিক অভিযান ।

Chemical rich vegetables in Assam
ৰাসায়নিক দ্ৰব্যযুক্ত পাচলিৰ বিৰুদ্ধে তৎপৰ চৰকাৰ
author img

By

Published : Mar 5, 2023, 2:06 PM IST

গুৱাহাটী, ৫ মাৰ্চ: গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাচতেহে সাৰ পালে ৰাজ্য় চৰকাৰে (Gauhati High Court)। শাক-পাচলিত ৰাসায়নিক দ্ৰব্যৰ মাত্রাধিক ব্যৱহাৰৰ অভিযোগ নতুন নহয় যদিও এই ক্ষেত্রত কোনো ধৰণৰ গুৰুত্ব দিয়া নাছিল অসম চৰকাৰ তথা সংশ্লিষ্ট কৰ্তৃপক্ষই । শেহতীয়াকৈ ন্যায়ালয়ে দিয়া নিৰ্দেশৰ পাচত জনস্বাস্থ্যৰ বাবে ভাবুকি স্বৰূপ ৰাসায়নিক দ্রব্যযুক্ত শাক-পাচলিৰ বিৰুদ্ধে অভিযান চলোৱাৰ ব্যৱস্থা কৰিছে অসম চৰকাৰে ।

এতিয়াৰে পৰা গুৱাহাটী মহানগৰীৰ ভিন্ন প্ৰান্তত শাক-পাচলিৰ ক্ষেত্রত চলিব তালাচী অভিযান (Search operation against chemical rich vegetables)। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ হস্তক্ষেপৰ পিচতে ৰাসায়নিক দ্রব্যযুক্ত শাক-পাচলি বজাৰলৈ অহাত বাধা দিয়াৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ পদক্ষেপ গ্রহণ কৰিছে চৰকাৰে । উল্লেখ্য় যে, শাক-পাচলিত জনস্বাস্থ্যৰ পৰিপন্থী ৰাসায়নিক দ্রব্য ব্যৱহাৰ কৰা সন্দৰ্ভত অধিবক্তা সীমা ভূঞাই দাখিল কৰা ৰাজহুৱা স্বাৰ্থজড়িত আবেদনখনৰ শুনানিকালত গুৱাহাটী উচ্চ ন্যায়ালয়ে কেতবোৰ নীতি-নিৰ্দেশনা জাৰি কৰিছিল (PIL against chemical rich vegetables) । ইয়াৰ পাচতে বিষয়টোক লৈ সৰৱ হৈছে ৰাজ্য চৰকাৰ ।

উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পিচতে ১ মাৰ্চত চৰকাৰী বিভাগসমূহে যৌথভাৱে এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত কৰে (Chemical rich vegetables in Assam)। মুখ্য সচিবৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকতে ৰাসায়নিক দ্রব্যযুক্ত শাক-পাচলি বজাৰলৈ অহাত বাধা দিয়াৰ বাবে কেতবোৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় । উল্লেখ্য় যে, শুকুৰবাৰে ৰাজহুৱা স্বাৰ্থজড়িত আবেদনখনৰ শুনানিকালত অসম চৰকাৰে লোৱা সিদ্ধান্তসমূহ ন্যায়ালয়ক অৱগত কৰে । সেই অনুসৰি ৰাসায়নিকযুক্ত শাক-পাচলিৰ নমুনা সংগ্ৰহৰ বাবে ভাৰতৰ খাদ্য সুৰক্ষা আৰু মান কর্তৃপক্ষৰ (FSSIA) সহযোগত কৃষি বিভাগ, গুৱাহাটী পৌৰ নিগম (GMC), আৰক্ষী আয়ুক্তালয় আৰু পৰিবহণ বিভাগৰ প্ৰতিনিধিক লৈ ছটা দল গঠন কৰা হ'ব । এই দলটোৱে গুৱাহাটীৰ তিনিটা প্রধান প্ৰৱেশ পথত শাক-পাচলিৰ নমুনা সংগ্ৰহ কৰিব ।

একেদৰে কৃষি বিভাগে পৰীক্ষাৰ বাবে প্রয়োজনীয় মোবাইল কিটৰ উৎসৰ সন্ধান কৰিব যাতে দুমাহৰ বাবে শাক-পাচলি পৰীক্ষা কৰিব পৰা যায় । মুখ্য সচিবৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকখনত গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি জি এম চিৰ পৰা গুৱাহাটীৰ প্ৰধান শাক-পাচলিৰ পাইকাৰী বজাৰসমূহৰ তালিকা সংগ্ৰহ কৰা হ'ব । অকল সিমানেই নহয়, নমুনা সংগ্রহ আৰু পৰীক্ষাৰ বাবে অসমত শাক-পাচলিৰ প্ৰধান উৎসসমূহৰ তথ্য লিপিবদ্ধ কৰা হ'ব ।

তদুপৰি কীটনাশক দ্ৰব্যৰ অপকাৰিতা সন্দৰ্ভত ৰাজ্যজুৰি কৃষি বিভাগে ব্যাপক সজাগতা অভিযান চলোৱাৰো সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । ৰাজ্যৰ সকলো জিলাত কৃষকৰ মাজত সাত দিনৰ ভিতৰত এই সজাগতা অভিযান চলাব কৃষি বিভাগে । তদুপৰি সমগ্ৰ অসমত সাৰ আৰু ৰাসায়নিক দ্রব্যৰ ডীলাৰসমূহত সম্ভৱপৰ বিক্ৰী কৰিব পৰা নিষিদ্ধ-সীমাবদ্ধতা আৰোপ কৰা ৰাসায়নিক দ্রব্য সন্দৰ্ভতো পৰীক্ষা কৰিব কৃষি বিভাগে ।

ৰাজ্যত ৰাসায়নিক দ্রব্যৰ ব্যৱহাৰৰ দিশটো নিৰীক্ষণ কৰাৰ বাবে প্ৰযুক্তিগত পদ্ধতি অৱলম্বন কৰা হ'ব । চৰকাৰৰ এনে তথ্যৰ পিচতে ন্যায়ালয়ে নির্দেশনাত উল্লেখ কৰে যে, শাক-পাচলিৰ পৰীক্ষাত যদি গ্রহণযোগ্য ৰাসায়নিক দ্রব্যৰ উপস্থিতি ধৰা পৰে তেন্তে গুৱাহাটী মহানগৰত প্ৰৱেশত সেয়া বাধা দিব লাগিব । আনহাতে, তিনিটা স্থানত পৰীক্ষা কৰাৰ উপৰি গুৱাহাটীলৈ শাক-পাচলি অহা সমগ্ৰ পথত ভিন্ন তাৰিখত ভিন্ন স্থানত পৰীক্ষা কৰি যাৱতীয় ব্যৱস্থা গ্ৰহণৰ পোষকতা কৰে ন্যায়ালয়ে । শুনানিকালত ন্যায়ালয়ে মতপোষণ কৰে যে, ৰাসায়নিক দ্রব্যৰ উপস্থিতি ধৰা পৰা শাক-পাচলিৰ বাহন গুৱাহাটীত প্ৰৱেশ কৰাৰ পৰা ওভতাই পঠিওৱাৰ পিচত বাহনখন কোন স্থানলৈ যাব সেয়া নিৰীক্ষণ কৰিব লাগিব ।

ৰাসায়নিক দ্রব্যযুক্ত শাক-পাচলিৰ ক্ষেত্ৰত গ্ৰহণ কৰা ব্যৱস্থাৱলীৰ ফলাফলৰ ‘ডাটা বেছ’ সময়ে সময়ে আদালতত দাখিল কৰিব লাগিব । এই নির্দেশনাত ন্যায়ালয়ে শাক-পাচলি অহা গুৱাহাটী মহানগৰীৰ সৰু সৰু প্ৰৱেশ পথসমূহ চিনাক্ত কৰি অনুৰূপ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে । লগতে জলপথেৰে গুৱাহাটী মহানগৰীলৈ অহা শাক-পাচলিৰ ক্ষেত্ৰতো আলোচনা কৰি সিদ্ধান্ত ল'বলৈও নির্দেশনাত উল্লেখ কৰে ন্যায়ালয়ে ।

সমগ্র বিষয়টোৰ ওপৰত অধিক গুৰুত্ব প্রদান কৰি ন্যায়ালয়ে গ্ৰহণ কৰিবলগীয়া পদক্ষেপসমূহক অধিক ফলপ্রসূ কৰাৰ বাবে কৃষি বিভাগ, গৃহ বিভাগ, জি এম চি কর্তৃপক্ষ আৰু অন্যান্য বিজ্ঞানসন্মত কৰ্তৃপক্ষৰে ক্ষুদ্ৰ ভ্ৰাম্যমাণ গোট গঠন কৰি মহানগৰীৰ শাক-পাচলিৰ বজাৰসমূহত আকস্মিক পৰীক্ষাৰ পোষকতা কৰে । লগতে ন্যায়ালয়ে স্পষ্ট কৰি দিয়ে যে, এনে প্ৰক্ৰিয়াৰ মাজত কোনো ক্ষুদ্ৰ ব্যৱসায়ীক হাৰাশাস্তি কৰিব নোৱাৰিব ।

যদি ক্ষুদ্র ব্যৱসায়ীৰ শাক-পাচলিত ৰাসায়নিক দ্রব্যযুক্তশাক-পাচলি ধৰা পৰে তেন্তে কোন উৎসৰ পৰা ক্ষুদ্র ব্যৱসায়ীজনৰ দোকানলৈ শাক-পাচলি আহিছিল সেয়া উলিয়াই সঠিক কাৰ্যব্যৱস্থা গ্ৰহণৰ নির্দেশ দিয়ে ন্যায়ালয়ে । ন্যায়ালয়ে গুৱাহাটী মহানগৰীৰ পাইকাৰী শাক-পাচলিৰ বজাৰতো আকস্মিক পৰীক্ষাৰ নিৰ্দেশ দিয়ে । উল্লেখ্য় যে, ন্যায়ালয়ৰ নিৰ্দেশৰ পাচত অসম চৰকাৰ ৰাসায়নিক দ্ৰব্যযুক্ত শাক-পাচলিৰ বিৰুদ্ধে তৎপৰ হৈছে যদিও কিমানদূৰ ফলপ্ৰসূ হ'ব সেয়া সময়েহে ক'ব । কাৰণ বহু সময়ত চৰকাৰে প্ৰথম অৱস্থাত তৎপৰতা অৱলম্বন কৰে যদিও পাচত শিথিল হৈ পৰে ।

লগতে পঢ়ক:Clean village competition: গোলাঘাটত দেশৰ প্ৰথমখন স্বচ্ছ গাঁও প্ৰতিযোগিতা

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.