ETV Bharat / state

Sonapur road accident:সোণাপুৰত নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰিল গেছ পৰিবাহী টেংকাৰ - Sonapur gas tanker news

সোণাপুৰত বুধবাৰে পুৱা সংঘটিত পথ দুৰ্ঘটনাত আহত এক (Road accident at Sonapur)। গুৱাহাটীৰ পৰা উজনি অভিমুখে গৈ থকা অৱস্থাত সোণাপুৰৰ ৰাজপথত নিয়ন্ত্ৰণ হেৰুৱাই গেছ ভৰ্তি টেংকাৰখন বাগৰি পৰে ।

Sonapur road accident
সোণাপুৰত এক পথ দুৰ্ঘটনা
author img

By

Published : Jun 7, 2023, 4:24 PM IST

সোণাপুৰত এক পথ দুৰ্ঘটনা

সোণাপুৰ, ৭ জুন :সোণাপুৰৰ পাটৰকুছিত বুধবাৰে পুৱা সংঘটিত হয় এক পথ দুৰ্ঘটনা (Sonapur road accident )। গুৱাহাটীৰ পৰা উজনি অভিমুখে গৈ থকা অৱস্থাত সোণাপুৰৰ ৰাজপথত নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে AS 01 FC 5453 নম্বৰৰ এখন গেছ ভৰ্তি টেংকাৰ (Gas filled tanker falls in Sonapur)। ইয়াৰ পিচতেই গেছ পৰিবাহী টেংকাৰখনৰ পৰা অহৰহ নিৰ্গত হয় গেছ ।

সোণাপুৰ পাটৰকুছিৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰাত কেইবাঘণ্টা জুৰি নিৰ্গত হয় গেছ । ফলত অঞ্চলজুৰি তীব্ৰ আতংকৰ সৃষ্টি হয় । ঘটনাৰ বিৱৰণী মতে,সোণাপুৰৰ পাটৰকুছিৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত বুধবাৰে পুৱাই গুৱাহাটীৰ পৰা উজনি অভিমুখে গৈ থকা অৱস্থাতে নিয়ন্ত্ৰণ হেৰুৱাই ১২ চকীয়া বৃহৎ গেছভৰ্তি টেংকাৰখন বাগৰি পৰাত সৃষ্টি হয় এক আতংকময় পৰিস্থিতিৰ । দুৰ্ঘটনাৰ খবৰ পোৱাৰ লগে লগে ততাতৈয়াকৈ সোণাপুৰ আৰক্ষীৰ লগতে অগ্নিনিৰ্বাপক বাহিনীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ টেংকাৰখনৰ পৰা নিৰ্গত হৈ থকা গেছ বন্ধ কৰিবলৈ চেষ্টা কৰে (Sonapur gas tanker news)।

প্ৰায় তিনি ঘণ্টাজোৰা নেৰানেপেৰা প্ৰচেষ্টাৰ অন্ততহে আঠখনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী, এছ ডি আৰ এফ, এন ডি আৰ এফৰ জোৱানৰ বৃহৎ দলৰ ওপৰিও আইঅ'চিএলৰ বিষয়াসকলে নিৰ্গত হোৱা গেছ ৰোধ কৰিবলৈ সক্ষম হয় । আনহাতে, এই দুৰ্ঘটনাৰ ফলত টেংকাৰখনত থকা তিনিজন লোকৰ ভিতৰত এজন গুৰুতৰভাৱে আহত হয় । পিচত আহত লোকজনক সোণাপুৰ আৰক্ষীয়ে দুৰ্ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰি সোণাপুৰ জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰে (Gas tanker accident in Sonapur)।

ইপিনে, এই দুৰ্ঘটনাৰ ফলত সোণাপুৰৰ পৰা গুৱাহাটী অভিমূখি পথচোৱা সম্পূৰ্ণ বন্ধ কৰি কেৱল গুৱাহাটীৰ পৰা উজনী অভিমূখী পথচোৱাৰেহে যাতায়ত মুকলি ৰাখে যদিও বিয়লি ৩ খন ক্ৰেনৰ সহায়ত গেছভৰ্তি টেংকাৰখন ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা উঠাই নিৰাপদ স্থানলৈ লৈ যোৱাৰ ব্যৱস্থা কৰা হয় । ঘটনাস্থলীত আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত হৈ সমগ্ৰ পৰিস্থিতি পৰ্যবেক্ষণ কৰে । উল্লেখ্য যে পশ্চিম বংগৰ হালদিয়াৰ পৰা নগাঁৱৰ চামগুৰি অভিমুখী টেংকাৰ খনত আছিল প্ৰায় ১৭ মেট্ৰিক টন প্ৰজ্বলক গেছ ।

লগতে পঢ়ক:Sonapur road accident: নিয়ন্ত্ৰণ হেৰুৱাই ৰাষ্ট্রীয় ঘাইপথত বাগৰিল গেছ ভৰ্তি টেংকাৰ; অহৰহ নিৰ্গত গেছ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.