ETV Bharat / state

চেক নকল কৰি কোনে সৰকালে দিছপুৰ মহাবিদ্যালয়ৰ একাউন্টৰ ৭৬ লাখ টকা ?

চেক নকল কৰি দুষ্ট চক্ৰই লুটিলে দিছপুৰ মহাবিদ্যালয়ৰ ৭৬ লাখ টকা ৷ সোধপোচৰ বাবে দিছপুৰ শাখাৰ মুখ্য প্ৰবন্ধক ৰাজেশ কুমাৰ সিনহাৰ লগতে দুই মহিলা বেংক বিষয়াক আটক কৰিছে আৰক্ষীয়ে (Bank official arrested in Dispur college case) ।

author img

By

Published : May 6, 2022, 6:16 PM IST

fraud-stolen-money-from-dispur-college-bank-account-with-fake-cheque
চেক নকল কৰি কোনে সৰকালে দিছপুৰ মহাবিদ্যালয়ৰ একাউন্টৰ ৭৬ লাখ টকা ?

গুৱাহাটী ,৬ মে: দিছপুৰ মহাবিদ্যালয়ৰ একাউন্টৰ ৭৬ লাখ টকা কোনো ছাইবাৰ অপৰাধীৰ কবলত পৰা নাই- এই মন্তব্য মহানগৰ আৰক্ষীৰ আয়ুক্ত হৰমিত সিঙৰ (Fraud stole Dispur college fund) । সংবাদ মাধ্যমৰ আগত তেওঁ কয় যে, দিছপুৰ মহাবিদ্যালয়ৰ টকাখিনি কোনো দুষ্ট চক্ৰই চেক নকল কৰি ওলিয়াই লৈ গৈছে (Scam of Dispur college bank money) । ঘটনা সন্দৰ্ভত ইতিমধ্যে বহু তথ্য পোৱা গৈছে । অতি সোনকালে ঘটনাৰ লগত জড়িত ব্যক্তিক কৰায়ত্ব কৰা হ’ব বুলিও মন্তব্য কৰে তেওঁ ।

ইপিনে, আৰক্ষীয়ে বেংক অব বৰোদাৰ দিছপুৰ শাখাত অভিযান চলোৱাৰ লগতে শুকুৰবাৰে দিছপুৰ শাখাৰ মুখ্য প্ৰবন্ধক ৰাজেশ কুমাৰ সিনহাৰ লগতে দুই মহিলা বেংক বিষয়াক সোধপোচৰ বাবে আটক কৰিছে (Bank official arrested in Dispur college case) । উল্লেখ্য যে, বেংক অব বৰোদাৰ দিছপুৰ শাখাত থকা মহাবিদ্যালয়খনৰ একাউন্টৰ পৰা আৰটিজিএছ যোগে ইউনিয়ন বেংকৰ বৰানগৰ শাখালৈ ট্ৰেন্সফাৰ হোৱা ৭৬ লাখ টকা জাতীয় কম্পিউটাৰ মিছন নামৰ এটা প্ৰতিষ্ঠানে উলিয়াই নিয়ে ।

এই কথা পোহৰলৈ অহাৰ পিছতে এতিয়া মহাবিদ্যালয়খনত হাহাকাৰ লাগিছে । ঘটনা সন্দৰ্ভত দিছপুৰ আৰক্ষী থানাত ১০৯৪/২২ নম্বৰত ১২০ বি/২০৯/৪৬৮/ ৪৬৭/৪২০/৪৭১ ধাৰাত গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ।

লগতে পঢ়ক : দিছপুৰ মহাবিদ্যালয়ৰ নামত ভুৱা mail ID প্ৰস্তুত কৰি ৭৬ লাখ টকা হৰলুকি কৰিলে কোনে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.