গুৱাহাটী,18 অক্টোবৰ : দেওবাৰে একেদিনাই উজনি-নামনিৰ চাৰিখন জিলাত গঠন হ’ল ‘ৰাইজৰ দল’ৰ জিলা আহ্বায়ক সমিতি। 2 অক্টোবৰত অসমৰ 70 টা জাতীয়- জনগোষ্ঠীয় সংগঠন,কৃষক মুক্তি সংগ্ৰাম সমিতি,বীৰ লাচিত সেনা আৰু সংযুক্ত আঞ্চলিক দল অসমৰ উদ্যোগত গঠন হোৱা ৰাইজৰ দলে ইতিমধ্যে আৰম্ভ কৰিছে তেওঁলোকৰ সাংগঠনিক কাম-কাজ। সমগ্ৰ অসমতে দলটোৰ ভেটি শক্তিশালী কৰাৰ উদ্দেশ্যে উজনি অসমৰ তিনিচুকীয়া,ধেমাজি,যোৰহাট আৰু নামনি অসমৰ বজালী জিলাত গঠন কৰা হৈছে ৰাইজৰ দলৰ জিলা আহ্বায়ক সমিতি ৷
তিনিচুকীয়াৰ জিলা আহ্বায়ক সমিতি গঠনৰ সভাত উপস্থিত থাকে ৰাইজৰ দলৰ অন্যতম মুখ্য আহ্বায়ক লোহিত গগৈ,ধেমাজি জিলাত উপস্থিত থাকে মুখ্য আহ্বায়ক অলক নাথ,আহ্বায়ক হৰিকান্ত দাস,অংকুৰ শইকীয়া,ফণীৰাম তায়ে আৰু ৰাজ্যিক সমন্বয়ক সম্বিত শৰ্মা ৷ আনহাতে যোৰহাটত উপস্থিত থাকে ৰাইজৰ দলৰ মুখ্য আহ্বায়ক মহেন্দ্ৰ দিহিঙীয়া,আহ্বায়ক দিব্যজ্যোতি শৰ্মা আৰু প্ৰবীণ দাস । নামনিৰ বজালী জিলাৰ আহ্বায়ক সমিতি গঠনৰ সভাখনত উপস্থিত থাকে ৰাইজৰ দলৰ মুখ্য আহ্বায়ক জিতুল ডেকা, হুছেইন মহম্মদ চাহজাহান, আহ্বায়ক হৰেশ্বৰ বৰ্মন আৰু মনিৰুল জামান ।
কেউখন জিলাতে বৃহৎ সংখ্যক ৰাইজে সভাত উপস্থিত থাকি বিজেপি-আৰএছএছৰ চৰকাৰখনক শাসনৰ গাদীৰ পৰা ওফৰাই পেলোৱাৰ হুংকাৰ দিয়ে । যোৰহাটত 103 জনীয়া,ধেমাজিত 120 জনীয়া,তিনিচুকীয়াত 71 জনীয়া আৰু বজালীত 24 জনীয়া একোখনকৈ শক্তিশালী জিলা আহ্বায়ক সমিতি গঠন কৰা হয় ।
লগতে পঢ়ক : ড্ৰাগছ বিৰোধী অভিযানত ৰণচণ্ডী ৰূপ ধাৰণ মহিলাৰ