ETV Bharat / state

ৰাজ্যৰ দীৰ্ঘতম মালিগাঁও উৰণীয়া সেঁতুৰ আধাৰশিলা স্থাপন

author img

By

Published : Oct 11, 2020, 9:04 PM IST

মালিগাঁৱৰ পৰা কামাখ্যা গে'টলৈ মুঠ ২.৯৯২ কিঃমিঃ দৈৰ্ঘৰ এই উৰণীয়া সেঁতুৰ নিৰ্মাণত ব্যয় হ'ব ৪২০.৭৫ কোটি টকা ৷ তদুপৰি দুৰ্গা পূজাৰ পিছতে নিৰ্মাণকাৰ্য আৰম্ভ হ'ব লগা মালিগাঁৱৰ উৰণীয়া সেঁতুখন আগন্তুক 30মাহৰ ভিতৰত সম্পূৰ্ণ হৈ উঠিব ৷

foundation stone of the longest Maligaon Flyover in Assam
ৰাজ্যৰ দীৰ্ঘতম মালিগাঁও উৰণীয়া সেঁতুৰ আধাৰশিলা স্থাপন

গুৱাহাটী, 11অক্টোবৰ : মহানগৰী গুৱাহাটীৰ যান-জঁটৰ সমস্যাৰ কথা পুনৰাই নক'লেও হ'ব ৷ বিভিন্ন সময়ত যান-জঁটৰ সমস্যাই বাৰুকৈয়ে জ্বলা-কলা খুৱাই আহিছে মহানগৰবাসীক ৷ কিন্তু এতিয়া আৰু মহানগৰবাসীৰ চিন্তা কৰাৰ কোনো কাৰণ নাই ৷ কাৰণ মহানগৰী গুৱাহাটীৰ মালিগাঁৱত নিৰ্মাণ হ'বলৈ গৈ আছে অসমৰ ভিতৰতে সবাতোকৈ দীঘল উৰণীয়া সেঁতু ৷

দেওবাৰে মালিগাঁও উৰণীয়া সেঁতুৰ আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্তমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৷ মালিগাঁৱৰ পৰা কামাখ্যা গেটলৈ মুঠ ২.৯৯২ কিঃমিঃ দৈৰ্ঘৰ এই উৰণীয়া সেঁতুৰ নিৰ্মাণত ব্যয় হ'ব ৪২০.৭৫ কোটি টকা ৷ তদুপৰি দুৰ্গা পূজাৰ পিছতে নিৰ্মাণকাৰ্য আৰম্ভ হ'ব লগা মালিগাঁৱৰ উৰণীয়া সেঁতুখন আগন্তুক 30 মাহৰ ভিতৰত সম্পূৰ্ণ হৈ উঠিব ৷

ইপিন, এই উৰণীয়া সেঁতুৰ নিৰ্মাণৰ সময়ছোৱাত ৰাইজে যাতায়তৰ ক্ষেত্ৰত সন্মুখীন হ'ব লগা সমস্যাৰ সৈতে মোকাবিলা কৰিবলৈ এতিয়াৰে পৰা মানসিকভাৱে সাজু হৈ থাকিবলৈ সৰ্বসাধাৰণ ৰাইজক আহ্বান জনায় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷

আনহাতে, নিজৰ ভাষণ প্ৰসংগত মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্য চৰকাৰৰ কেইবাটাও নতুন পৰিকল্পনাৰ কথা উল্লেখ কৰে ৷ ৰিহাবাৰী, লখৰা, বশিষ্ঠ, বাইহাটা চাৰিআলিত উৰণীয়া সেঁতু নিৰ্মাণৰ পৰিকল্পনা কৰাৰ কথা জানিবলৈ দি মন্ত্ৰীগৰাকীয়ে ফেব্ৰুৱাৰী মাহৰ ভিতৰত গুৱাহাটীৰ বিভিন্ন স্থানত নিৰ্মাণ কৰা ৯ খনকৈ ফুটপাথ মুকলি কৰা হ'ব বুলিও মন্তব্য কৰে ৷ ইয়াৰোপৰি ব'হাগ মাহৰ প্ৰথম সপ্তাহত দিশপুৰ-ছুপাৰ মাৰ্কেটৰ নিৰ্মিয়মান উৰণীয়া সেঁতু মুকলি কৰা হ'ব বুলি মন্ত্ৰী ডঃ শৰ্মাই জানিবলৈ দিয়ে ৷

উল্লেখ্য যে, দেওবাৰে অনুষ্ঠিত আধাৰশিলা স্থাপনৰ অনুষ্ঠানত সাংসদ বিশ্বজিৎ দৈমাৰীৰ লগতে অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগৰ শীৰ্ষ বিষয়া আৰু মালিগাঁৱৰ স্থানীয় ৰাইজ উপস্থিত থাকে ৷

লগতে পঢ়কঃপঞ্জাৱৰ 29 টা সংগঠনক কৃষক আইন সন্দৰ্ভত আলোচনাৰ বাবে আমন্ত্ৰণ কেন্দ্ৰীয় চৰকাৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.