ETV Bharat / state

BJP foundation day: বিশ্বত নীতি নিৰ্ধাৰক ৰাষ্ট্ৰ হিচাপে পৰিণত হৈছে ভাৰত ; সৰ্বানন্দ সোণোৱাল

বিজেপিৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত দলৰ প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হৈছে (foundation day celebration of BJP) । দলৰ প্ৰতিটো বুথ, মণ্ডল আৰু জিলা কার্যালয় সমূহত উলহ-মালহৰে উদযাপন কৰা হৈছে দলৰ প্ৰতিষ্ঠা দিৱস । প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি সামাজিক ক্ষেত্ৰলৈ বিশেষ বৰঙণি আগবঢ়োৱা কেইবাগৰাকী বিশিষ্ট নাগৰিকক দলৰ মুখ্য কাৰ্যালয়ত সম্বৰ্ধনা জ্ঞাপন কৰা হয় ।

foundation day celebration of bjp
বিজেপিৰ ৪৪ সংখ্যক প্ৰতিষ্ঠা দিৱস
author img

By

Published : Apr 6, 2023, 10:36 PM IST

গুৱাহাটী, ৬ এপ্ৰিল: ‘‘ভাৰততেই গণতন্ত্ৰৰ জন্ম হৈছে । ভাৰতৰ পৰাই গণতন্ত্ৰই বিশ্ব যাত্ৰাও কৰিছে । গণতন্ত্ৰক আৰু অধিক শক্তিশালী কৰি ভাৰতীয় সমাজক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে গতিশীল আৰু সবল কৰি ৰাখিছে৷ ’’ এই মন্তব্য কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ । বিজেপিৰ ৪৪ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে বিজেপিৰ অসম প্ৰদেশে আয়োজন কৰা কেন্দ্ৰীয় অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এইদৰে কয় (44th foundation day celebration of BJP) ।

গুৱাহাটীৰ বশিষ্ঠত থকা দলৰ মুখ্য কাৰ্যালয়ত আয়োজন কৰা প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত অংশ গ্ৰহণ কৰি কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে কয় যে, বর্তমান সময়ত ভাৰতে বিশ্বৰ সকলো সমস্যাৰ সমাধান সূত্ৰ আগবঢ়াবলৈ সক্ষম হৈছে । সততা আৰু নিষ্ঠাৰে দেশক সেৱা কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশবাসীক উদ্বুদ্ধ কৰাৰ বাবেই আজি পৃথিৱীত ভাৰতবৰ্ষ নীতি নিৰ্ধাৰক ৰাষ্ট্ৰ হিচাপে পৰিণত হৈছে ।

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ কথা উল্লেখ কৰি ২১ জুনৰ দিনা ৰাজ্যৰ সকলো স্তৰতে যোগাভ্যাস কৰিবলৈ তেওঁ সকলোৰে প্ৰতি আহ্বান জনায় । লগতে তেওঁ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিটো বুথত যোগ দিৱস পালন কৰাৰ ব্যৱস্থা কৰিবৰ বাবে দলীয় কার্যকৰ্তা সকলৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰে ।

উল্লেখ্য যে, বিজেপিৰ কাৰ্যকৰ্তা সকলে দলৰ প্ৰতিটো বুথ, মণ্ডল আৰু জিলা কার্যালয় সমূহতো উলহ-মালহৰে দলৰ প্ৰতিষ্ঠা দিৱস উদযাপন কৰে । প্ৰতিষ্ঠা দিৱস উপলক্ষে প্ৰদান কৰা ভাষণত প্ৰতিষ্ঠা কালৰে পৰা সৰ্বোচ্চ ত্যাগ কৰি দলক শক্তিশালী কৰা প্ৰতিজন কাৰ্যকৰ্তাৰ বিৰল অৱদানৰ কথা দলৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই বর্ণনা কৰে ।

তেওঁ কয় যে, পূৰ্বৰ কাৰ্যকৰ্তা সকলৰ ত্যাগৰ বাবেই দলে আজি সোণালী দিন দেখিবলৈ পাইছে । বিজেপিৰ অসম প্ৰদেশৰ সভাপতি ভৱেশ কলিতাৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা কাৰ্যসূচীত কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী চৌবে, দলৰ প্ৰাক্তন সভাপতি ক্ৰমে নাৰায়ণ বৰকটকী, ৰমেন ডেকা, ৰাজেন গোহাঁই আৰু ৰণজিৎ কুমাৰ দাস আৰু ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰ নাথ শর্মা বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে (foundation day celebration of BJP at state office)।

সভাপতি ভৱেশ কলিতাই দলৰ পতাকা উত্তোলন কৰি প্ৰতিষ্ঠা দিৱসৰ দিনজোৰা কাৰ্যসূচীৰ শুভাৰম্ভ কৰাৰ পিছতেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দলৰ কেন্দ্ৰীয় কাৰ্যালয়ৰ পৰা প্ৰদান কৰা ভাষণ সকলো কার্যকৰ্তাই প্ৰেক্ষাগৃহত ভাৰ্চুৱেলী শ্ৰৱণ কৰে । ৰাষ্ট্ৰীয় সভাপতি জগত প্ৰকাশ নাড্ডাৰ ভাষণৰ পিছতেই দলৰ কাৰ্যকৰ্তা তথা দেশবাসীক প্ৰতিষ্ঠা দিৱস উপলক্ষে প্ৰধানমন্ত্ৰীয়ে সম্বোধন কৰে ।

উল্লেখ্য যে প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি সামাজিক ক্ষেত্ৰলৈ বিশেষ বৰঙণি আগবঢ়োৱা কেইবাগৰাকীও বিশিষ্ট নাগৰিকক দলৰ মুখ্য কাৰ্যালয়ত সম্বৰ্ধনা জনোৱা হয় । দলৰ ৪৪ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰাৰ বাবে বিজেপি অসম প্ৰদেশৰ উপ সভাপতি জয়ন্ত কুমাৰ দাস আৰু সাধাৰণ সম্পাদক পুলক গোহাঁইৰ নেতৃত্বত এটি উদযাপন সমিতি দল গঠন কৰি দিছিল । এই সমিতিৰ তদাৰকতে সমগ্ৰ ৰাজ্যত আজি দলৰ প্ৰতিষ্ঠা দিৱস উলহ-মালহৰে পালন কৰা হয় (BJP foundation day) ।

লগতে পঢ়ক : International Day of Yoga: আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস সন্দৰ্ভত সৰ্বানন্দ সোণোৱালৰ সংবাদমেল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.