ETV Bharat / state

Formalin in Fish: চালানী মাছত ফৰ্মেলিনৰ অৱস্থিতি; গৱেষণাত ধৰা পৰিছে ভয়ংকৰ তথ্য

সাৱধান ৰাজ্যবাসী ! আমদানিকৃত চালানী মাছত ধৰা পৰিছে বিষাক্ত ফৰ্মেলিনৰ অৱস্থিতি (Formalin in chalani fish) ৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাণী বিজ্ঞান‌ বিভাগ, ৰহাৰ মীন মহাবিদ্যালয় পৰীক্ষাত পোহৰলৈ আহিছে এই উদ্বেকজনক তথ্য ।

author img

By

Published : May 30, 2023, 8:56 PM IST

Formalin in Fish
আমদানীকৃত চালানী মাছ খোৱাৰ ক্ষেত্ৰত সাৱধান

গুৱাহাটী, ৩০ মে’ : ৰাজ্যৰ মাছৰ বজাৰত বিক্ৰী হোৱা আমদানিকৃত চালানী মাছ খোৱাৰ ক্ষেত্ৰত সাৱধান ।‌ কাৰণ অসমত আমদানিকৃত চালানী মাছত মানৱ শৰীৰৰ বাবে বিষাক্ত ফৰ্মেলিনৰ অৱস্থিত ধৰা পৰিছে (Formalin in chalani fish)। গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাণী বিজ্ঞান‌ বিভাগ, ৰহাৰ মীন মহাবিদ্যালয় আৰু খাদ্য সুৰক্ষা বিভাগৰ শেহতীয়া পৰীক্ষাত বজাৰত বিক্ৰী হৈ থকা আমদানিকৃত চালানী মাছত মানৱ শৰীৰৰ বাবে বিষাক্ত ফৰ্মেলিনৰ অৱস্থিত ধৰা পৰিছে (Formalin detected in Fish) ।

বিশেষকৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাণী বিজ্ঞান‌ বিভাগ, ৰহাৰ মীন মহাবিদ্যালয় পৰীক্ষাত উদ্বেকজনক তথ্য ধৰা পৰিছে (Fish laced with formalin)। এই সন্দৰ্ভত মঙলবাৰে গুৱাহাটী বিশ্ববিদ্যালয়ত মীন বিভাগ আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ উদ্যোগত এক সংবাদমেল অনুষ্ঠিত কৰা হয় । এই সংবাদমেলতে এই উদ্বেগজনক তথ্যৰ কথা বিতংকৈ উল্লেখ কৰে আয়োজকসকলে ।

এই সংবাদমেলত গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগৰ অধ্যাপক দণ্ডধৰ শৰ্মাই কয় যে, আমদানিকৃত ফৰ্মেলিন (formalin fish) যুক্ত মাছ পৰীক্ষা কৰাৰ বাবে যোৱা ২৬ এপ্ৰিলত পত্ৰ অসম চৰকাৰৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয়লৈ এখন পত্ৰ প্ৰেৰণ কৰা হৈছিল । সেই মতে বিশ্ববিদ্যালয়ৰ বিশেষজ্ঞসকলৰ জৰিয়তে এই ক্ষেত্ৰত পৰীক্ষা আৰম্ভ কৰা হৈছিল ।

তেওঁ কয় যে, গুৱাহাটীৰ বেতকুছিৰ পৰা আমদানিকৃত মাছৰ ৭ টা নমুনা সংগ্ৰহ কৰা হৈছিল । লগতে মাছ কঢ়িয়াই অনা থাৰ্ম’কল বাকচৰো নমুনা সংগ্ৰহ কৰা হৈছিল । লগতে নগাঁৱৰ পৰা মাছৰ ৩ টা নমুনা সংগ্ৰহ কৰা হৈছিল । মাছৰ সকলো নমুনাতে কম বেছি পৰিমাণে ফৰ্মেলিনৰ অৱস্থিত পোৱা গৈছিল ।

পৰীক্ষাৰ লগত জড়িত থকা গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ অধ্যাপক প্ৰদীপ ফুকনে কয় যে, নমুনাত পোৱা মাছবোৰ শৰীৰৰ বাবে ক্ষতিকাৰক । পৰীক্ষাৰ প্ৰতিবেদন মীন মন্ত্ৰীক জমা দিয়া হৈছে । এই গৱেষণা পৰৱৰ্তী সময়ত বহলভাৱে কৰা হ’ব ।

ইপিনে গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষক হেমেন কলিতাই ফৰ্মেলিন থকা মাছ চিনাক্ত কৰাৰ বাবে বায়’ ছেনছৰ গৱেষণাই উদ্ভাৱন কৰিছে । তেওঁ কয় যে, এই ছেনছৰ মাছৰ কাষত নিলে মাছত ফৰ্মেলিনৰ অৱস্থিতি পোৱা যায় । এই গৱেষণা বৰ্তমান প্ৰাৰম্ভিক পৰ্যায়তে আছে ।

ইপিনে সংবাদমেলত নগাঁৱৰ ৰহাৰ মীন মহাবিদ্যালয়ৰ ডীন বিনোদ কলিতাই কয় যে, মাছত ফৰ্মেলিনৰ পৰীক্ষা কৰাৰ বাবে মহাবিদ্যালয়লৈ মীন বিভাগৰ পৰা পত্ৰ প্ৰেৰণ কৰিছিল । তেওঁ কয়, ‘‘আমি ৪ দিনত নগাঁৱৰ ৰহা বজাৰ, মৰিগাঁৱৰ বজাৰৰ পৰা, জাগীৰোডৰ পৰা মুঠ ছয়খন বজাৰৰ আমদানিকৃত ৰৌ, কচ, ইলিচ, ৰূপ চান্দা, মীৰগা, কাটল মাছৰ মুঠ ২১ টা নমুনা সংগ্ৰহ কৰা হৈছিল । এই নমুনাসমূহ কেৰালাৰ কোচীত থকা বিশ্বমানৰ গৱেষণাৰত পৰীক্ষা কৰা হৈছিল । এই পৰীক্ষাত মাছৰ সকলো নমুনাত ফৰ্মেলিনৰ অৱস্থিতি পোৱা গৈছে ।

আনহাতে, সংবাদমেলত খাদ্য সুৰক্ষা বিভাগৰ খাদ্য বিশ্লেষণ বিষয়া অনুপম কুমাৰ গগৈ কয় যে, ৰাজ্যৰ মাছৰ বজাৰত বিক্ৰী হোৱা আমদানিকৃত চালানী মাছত ফৰ্মেলিন পোৱা ১০ টা গোচৰ বিভাগত পঞ্জীয়ন কৰা হৈছে । তেওঁ কয় যে, যোৱা সময়ছোৱাত প্ৰতিখন জিলাৰ পৰা ৮৬ নমুনা সংগ্ৰহ কৰা হৈছিল ।

পৰীক্ষাগাৰত ৮৬ টা নমুনা পৰীক্ষা কৰা হৈছিল । ১০ টা নমুনাত ফৰ্মেলিনৰ অৱস্থিতি পোৱা গৈছিল । ইয়াৰে ধেমাজিত ১ টা, ২ টা বৰপেটাত, নগাঁৱত ২ টা, বিজনীত ১ টা, দৰং ২ টা, ‌ধুবুৰী ১‌টা, বঙাইগাঁৱত এটা নমুনাত ফৰ্মেলিনৰ অৱস্থিতি পোৱা গৈছিল । ইয়াৰে বেছিভাগ ৰৌ আৰু ৰূপচান্দা মাছ ।

তেওঁ জনায় যে, নমুনা পৰীক্ষা কৰা কীট প্ৰতিখন জিলাৰ‌ খাদ্য সুৰক্ষা কাৰ্যালয়ত উপলব্ধ কৰা হৈছে । তেওঁ জনায় যে, গুৱাহাটীত ৮ টা নমুনা পৰীক্ষা কৰি তাত ফৰ্মেলিনৰ অৱস্থিতি পোৱা নাই । সংবাদমেলত মীন বিভাগৰ মীন সঞ্চালক ৰমেন্দ্ৰ চন্দ্ৰ বৰ্মন আৰু ফীজফেডৰ পৰিচালন সঞ্চালক ধ্ৰুৱজ্যোতি শৰ্মাই কয় যে, পৰৱৰ্তী এই ক্ষেত্ৰত চৰকাৰৰ লগত আলোচনা কৰি ব্যৱস্থা গ্ৰহণ কৰা হ’ব । এই ক্ষেত্ৰত সজাগতাৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব । ৰাইজ সজাগ হ’ব লাগিব ।

লগতে পঢ়ক : Formalin in Fish: চালানী মাছত ফৰ্মেলিনৰ উপস্থিতি পৰীক্ষাৰ বাবে বিশেষজ্ঞ কমিটি গঠন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.