গুৱাহাটী, ৮ এপ্ৰিলঃ দীঘলীয়া লক ডাউনৰ বাবে ৰাজ্যত অভাৱনীয় ভাৱে হ্ৰাস পাইছে বায়ু প্ৰদূষণ আৰু শব্দ প্ৰদূষণ । যাৰ বাবে কিছু পৰিমাণে হ'লেও স্বস্তিৰ নিশ্বাস পেলাইছে বন্য জীৱ জন্তুৱে ৷ লগতে ভালেসংখ্যক বন্য জীৱ জন্তু অৰণ্যৰ পৰা বাহিৰলৈ ওলাই আহিছে । এই কথা প্ৰকাশ কৰিছে ৰাজ্যখনৰ বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই । এই ক্ষেত্ৰত বন বিভাগৰ সকলো বিষয়া কৰ্মচাৰীক অভিনন্দন জনাই বন মন্ত্ৰী গৰাকীয়ে কয় যে, এনে সংকট কালত প্ৰতিজন বনকৰ্মীয়ে আন্তৰিকতাৰে কাম কৰি আহিছে । বাহিৰলৈ ওলাই অহা বন্যপ্ৰাণীৰ নিৰাপত্তাৰ লগতে সাধাৰণ জনতাৰ মাজত সজাগতা সৃষ্টিৰ বাবে পাৰ্যমানে চেষ্টা চলাবলৈও তেওঁ বন বিষয়া সকলক আহ্বান জনায় ।
লগতে পঢ়কঃকৰ'ণা ভাইৰাছঃ গীতেৰে সজাগতা সৃষ্টিৰ বিনম্ৰ প্ৰয়াস ইটিভি ভাৰতৰ