ETV Bharat / state

চন্দ্ৰপুৰত বন বিভাগৰ অভিযানত জব্দ বলেৰ’ পিক আপ ভান

author img

By

Published : Apr 26, 2022, 11:58 AM IST

অবৈধ বালি খনন তথা পলি(পলস) মাটি খননৰ বিৰুদ্ধে কঠোৰ বন বিভাগ । কিন্তু ভূ-মাফিয়াই চলাই গৈছে খনন কাৰ্য(Land mafia is carrying out excavations) । এইবাৰ নাৰেংগী খণ্ড বন বিষয়াৰ নেতৃত্বত চলা অভিযানত জব্দ পলি মাটি কঢ়িয়াই অনা বলেৰ' পিক আপ ভান(Forest department seized bolero pickup van) ।

forest department seized bolero pikup van
চন্দ্ৰপুৰত বন বিভাগৰ অভিযানত জব্দ পলি মাটি কঢ়িওৱা বলেৰ পিক আপ ভেন

গুৱাহাটী, 26 এপ্ৰিল : বাৰিষাৰ প্ৰাকক্ষণত নৈ কাষৰ মাটিৰ খননত নিষেধাজ্ঞা জাৰি কৰিছে বন বিভাগে । কিন্তু ভূ-মাফিয়াই অবাধে চলাই গৈছে খনন কাৰ্য(Land mafia is carrying out excavations) । এইবাৰ আৰক্ষীৰ চকুত ধুলি দি ভূ-মাফিয়াই চলাই গৈছে পলি মাটিৰ অবৈধ বেহা ।

ভূ-মাফিয়াৰ বিৰুদ্ধে নাৰেংগী বন বিষয়াৰ কাৰ্যালয়ে অভিযান চলাই মহানগৰীৰ বোন্দা অঞ্চলৰ পৰা জব্দ কৰে পলি মাটি কঢ়িওৱা বলেৰ' পিক আপ ভান(Forest department seized bolero pickup van) । গোপন তথ্যৰ ভিত্তিত দেওবাৰে নিশা প্ৰায় ১১ মান বজাত পানীখাইতি আৰু বোন্দাৰ মাজত পূৰ্বৰ পৰা খাপ পিটি থকা অৱস্থাত বন বিভাগৰ এটা দলে জব্দ কৰে উক্ত বলেৰ’ পিক আপ ভানখন ।

জব্দ কৃত বাহনখন পৰৱৰ্তী সময়ত অভিযানকাৰী দলটোৱে বন বিভাগৰ বশিষ্ঠস্থিত কাৰ্যালয়লৈ লৈ যায় ।

উল্লেখ্য যে, বন বিভাগৰ চকুত ধূলি দি বোন্দা, পানীখাইতি, চন্দ্ৰপুৰ আদি অঞ্চলত দীৰ্ঘদিন ধৰি ডাম্পাৰ আৰু বলেৰ' পিক আপ ভানেৰে অবৈধভাৱে বালি, পলিমাটিৰ সৰবৰাহ চলাই আহিছিল ভূ- মাফিয়াই । জব্দ কৃত বাহনখনৰ নম্বৰ AS 25 CC 7399 ।

লগতে পঢ়ক: Drugs seized in Nagaon : নগাঁৱত ড্ৰাগছসহ আটক স্বামী-স্ত্ৰী

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.