ETV Bharat / state

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত আৰম্ভ হ'ল অস্থি মজ্জা সংৰোপণ - apanese Encephalitis Vaccine in Assam

ৰাজ্যৰ চৰকাৰী চিকিৎসা খণ্ডৰ অন্যতম সফলতা ৷ প্ৰথমবাৰৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত সংৰোপণ কৰা হ’ল অস্থি মজ্জা (Bone Marrow Transplant in GMCH)৷ আগন্তুক এবছৰৰ ভিতৰত যকৃত সংৰোপণৰ ব্যৱস্থাও গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত হ'ব বুলি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই জানিবলৈ দিয়ে ৷

Bone Marrow Transplant in GMCH
গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত আৰম্ভ হ'ল অস্থি মজ্জা সংৰোপণ
author img

By

Published : Aug 30, 2022, 6:56 PM IST

গুৱাহাটী, ৩০ আগষ্ট: ৰাজ্যৰ চৰকাৰী চিকিৎসাখণ্ডই আন এক মাইলৰ খুঁটি স্থাপন কৰিলে । অস্থি মজ্জা সংৰোপণৰ ক্ষেত্ৰত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালে লাভ কৰিলে সফলতা (Bone Marrow Transplant in GMCH)। এতিয়াৰে পৰা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত অন্তৰ্ভুক্ত হ'ল অস্থি মজ্জা সংৰোপণৰ চিকিৎসা ।

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত আৰম্ভ হ'ল অস্থি মজ্জা সংৰোপণ

চিকিৎসালয়খনে প্ৰথমটো অস্থি মজ্জা সংৰোপণ সফলতাৰে সম্পন্ন কৰে । মঙলবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত আয়োজন কৰা এখন সংবাদমেলত এই কথা সদৰী কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । তেওঁ কয় যে বিশেষকৈ ব্লাড কেঞ্চাৰ আৰু থেলাচেমিয়া ৰোগৰ ক্ষেত্ৰত অস্থি মজ্জা সংৰোপণ গুৰুত্বপূৰ্ণ । ইয়াৰ বাবে ৰোগী বাহিৰলৈ যাবলগীয়া হয় । এইক্ষেত্ৰত অসম চৰকাৰে ৯৯ গৰাকী ৰোগীৰ চিকিৎসা হৃদয়ালয়ত কৰিছে । বাহিৰত চিকিৎসা কৰাৰ ক্ষেত্ৰত ১০ লাখ টকা পৰ্যন্ত ব্যয় হয় । যাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত অস্থি মজ্জা সংৰোপণৰ ব্যৱস্থা কৰা হৈছে আৰু কমলপুৰৰ এগৰাকী ৪৫ বছৰীয়া ৰোগীৰ সফলতাৰে অস্থি মজ্জা সংৰোপণ কৰা হয় ।

সম্পূৰ্ণ সুস্থ অৱস্থাত থকা ৰোগীজনক আজি ঘৰলৈ যাবলৈ দিয়া হৈছে । এই সফলতাৰ বাবে মুখ্যমন্ত্ৰীয়ে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ হেমাট'ল'জী বিভাগৰ(Haematology department of GMCH) মুৰব্বী অধ্যাপিকা ডাঃ জীনা ভট্টাচাৰ্য আৰু তেওঁৰ সম্পূৰ্ণ টীমটোক ধন্যবাদ জ্ঞাপন কৰে । তেওঁ কয় যে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত অস্থি মজ্জা সংৰোপণৰ ক্ষেত্ৰত ব্যয় হয় ২ লাখ টকা । অসমৰ দুটা কেন্দ্ৰত অস্থি মজ্জা সংৰোপণৰ ব্যৱস্থা হৈছে । গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল আৰু ডাঃ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানত অস্থি মজ্জা সংৰোপণৰ ব্যৱস্থা হৈছে ((Bone Marrow Transplant in B Borooah Cancer institute) ৷

ইয়াৰ দ্বাৰা ব্লাড কেঞ্চাৰ আৰু থেলামেচিয়া ৰোগীসকল উপকৃত হ'ব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই । বৰ্তমান দুটা কেন্দ্ৰত অস্থি মজ্জা সংৰোপণৰ বাবে ৬ খন বিচনাৰ ব্যৱস্থা আছে যদিও ইয়াৰ সংখ্যা বৃদ্ধি কৰা হ'ব বুলি তেওঁ জানিবলৈ দিয়ে । লগতে তেওঁ কয় যে অসমত দুই হাজাৰ থেলামেচিয়া ৰোগী আছে । তেওঁ লগতে কয় যে আয়ুষ্মান ভাৰত আঁচনিত(Ayushman Bharat scheme) ২৭ লাখ পৰিয়াল সাঙোৰ খাই আছে যদিও ৮০ শতাংশ লোকক ইয়াত সামৰি লোৱাৰ চিন্তা-চৰ্চা কৰা হৈছে । যাতে অধিক লোকে স্বাস্থ্য বীমাৰ সুবিধা লাভ কৰিব পাৰে ।

আনহাতে আগন্তুক এবছৰৰ ভিতৰত যকৃত সংৰোপনৰ ব্যৱস্থা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত হ'ব বুলি মুখ্যমন্ত্ৰীয়ে সদৰি কৰে (Liver transplant in Guwahati)৷ সেইদৰে আই ভি এফ চেণ্টাৰো এবছৰৰ ভিতৰত হ'ব বুলি সদৰী কৰে মুখ্যমন্ত্ৰীয়ে । চৰকাৰী চিকিৎসালয়ত ঔষধৰ যোগান সীমিত হোৱাৰ প্ৰসংগত তেওঁ কয় যে চৰকাৰীভাৱে ৭০০ বিধমান ঔষধৰ যোগান ধৰা হয় যদিও ২০ হাজাৰ মান বিধ ঔষধ আছে । যাৰ বাবে চৰকাৰে সকলো লোককে বীমাৰে সামৰি লোৱাৰ ব্যৱস্থা কৰিছে যাতে সকলো ঔষধে সকলোৱে ক্ৰয় কৰিব পাৰে ।

ইফালে জাপানীজ এনকেফেলাইটিজৰ প্ৰসংগত তেওঁ কয় যে জাপানীজ এনকেফেলাইটিজত ২০০ লোকৰ মৃত্যু হোৱা দেখা যায় । বিগত চাৰি-পাঁচ বছৰৰ তুলনাত সেয়া কিছু হ্ৰাস পোৱা পৰিলক্ষিত হৈছে । ভেকচিনৰ ব্যৱস্থা কৰি থকাৰ কথা তেওঁ উল্লেখ কৰে (Japanese Encephalitis Vaccine in Assam)। সংবাদমেলত স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত আৰু নগৰ উন্নয়ন মন্ত্ৰী অশোক সিংঘালৰ উপৰি হাস্পতালখনৰ অধীক্ষক(Superintendent of GMCH) আৰু অধ্যক্ষও উপস্থিত আছিল ।

লগতে পঢ়ক: চিকিৎসালয় ব্যক্তিগতকৰণৰ বিৰোধিতা মানিক সৰকাৰৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.