ETV Bharat / state

ৰাজ্যজুৰি প্ৰথমবাৰৰ বাবে দেশভক্তি দিৱস পালন

author img

By

Published : Jul 28, 2021, 7:31 PM IST

অসম চৰকাৰৰ কেবিনেটৰ সিদ্ধান্ত অনুসৰি দেশভক্ত তৰুণৰাম ফুকনৰ মৃত্যু দিৱসটো দেশভক্তি দিৱস হিচাপে পালন কৰা হৈছে । গুৱাহাটীৰ ভৰলুমুখস্থিত দেশভক্ত তৰুণৰাম ফুকন উদ্যানত ৰাজ্যিক ভিত্তিত দেশভক্তি দিৱস পালন কৰা হয় । অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই দেশভক্ত তৰুণৰাম ফুকনৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে তেওঁৰ মহান অৱদানৰ বিষয়ে উল্লেখ কৰে । অনুষ্ঠানত দেশভক্ত তৰুণৰাম ফুকনৰ পৰিয়ালৰ লোক উপস্থিত আছিল ।

ৰাজ্যজুৰি প্ৰথমবাৰৰ বাবে দেশভক্তি দিৱস পালন
ৰাজ্যজুৰি প্ৰথমবাৰৰ বাবে দেশভক্তি দিৱস পালন

গুৱাহাটী, ২৮ জুলাই : ৰাজ্যজুৰি বুধবাৰে দেশভক্ত তৰুণৰাম ফুকনৰ মৃত্যু দিৱস 'দেশভক্তি দিৱস' (deshbhakti divas) হিচাপে পালন কৰা হয় । ৰাজ্যিক কেবিনেটত দেশভক্ত তৰুণৰাম ফুকনৰ (tarun ram phukan) মৃত্যু দিৱসটো দেশভক্তি দিৱস হিচাপে ৰাজ্যজুৰি পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল । সেই অনুসৰি আজি প্ৰথমবাৰৰ বাবে ৰাজ্যজুৰি ক'ভিড প্ৰটক'ল মানি চলি দেশভক্তি দিৱস প‍ালন কৰা হয় । গুৱাহাটীৰ ভৰলুমুখস্থিত দেশভক্ত তৰুণৰাম ফুকন উদ্যানত ৰাজ্যিক ভিত্তিত দেশভক্তি দিৱস উদযাপন কৰা হয় ।

এই উপলক্ষে আয়োজন কৰা অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই (himnta biswa sarma) দেশভক্ত তৰুণৰাম ফুকনৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি অৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি নিবেদন কৰে । ভাষণ প্ৰসংগত মুখ্যমন্ত্রী শৰ্মাই দেশভক্ত ফুকনৰ মহান অৱদানৰ বিষয়ে উল্লেখ কৰি কয়- "দেশৰ স্বাধীনতা সংগ্ৰামত অসমক নেতৃত্ব দিয়াসকলৰ ভিতৰত অগ্ৰণী স্বাধীনতা সেনানী আছিল তৰুণৰাম ফুকন । তেওঁৰ জীৱন আৰু আদৰ্শক আগত ৰাখি জাতিটোক আগুৱাই নিয়াৰ বাবে পৰৱৰ্তী দিনত আমি ব্যাপক কাৰ্যসূচী গ্ৰহণ কৰিম"।

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই লগতে কয়, সেই সময়ত তৰুণৰাম ফুকন, দেৱেশ্বৰ শৰ্মা, অম্বিকাগিৰি ৰায়চৌধুৰী, গোপীনাথ বৰদলৈ আদি মহান নেতাই কৈ যোৱা কথাৰ আজি ৫০ শতাংশ ক'লেই মোক সাম্প্ৰদায়িক বুলি কোৱা হয় ।

চৈয়দ ছাদুল্লা (বৃটিছ শাসনকালৰ) অসমৰ প্ৰধানমন্ত্রী হোৱাৰ লগে লগে বহু সিদ্ধান্ত লোৱা হৈছিল আৰু যাৰ ক্ষতিপূৰণ আজিও জাতিটোৱে দিবলগীয়া হৈছে । দুবছৰীয়া শাসনত ছাদুল্লা চৰকাৰে অসমৰ ৰূপৰেখা সলনি কৰি পেলাইছিল ৷ যাৰ প্ৰভাৱ অসমৰ ভাষা-কৃষ্টি-সংস্কৃতিৰ ওপৰত পৰিছিল ।

সেই সময়ত তৰুণৰাম ফুকনকে ধৰি অসমৰ মহান নেতাসকলে যি কথা কৈছিল, আজি সেয়া বাস্তৱ হৈছে । গৰুৰ সুৰক্ষাৰ বাবে আইনৰ কথা ১৯৫০ চনতে লোকপ্ৰিয় গোপীনাথ বৰদলৈয়ে কৈছিল ৷ ভাষণ প্ৰসংগত মুখ্যমন্ত্রীয়ে অসম বুৰঞ্জীৰ পাত লুটিয়াই সাম্প্ৰতিক প্ৰেক্ষাপটৰ ওপৰত বিশ্লেষণাত্মক ব্যাখ্য‍ আগবঢ়ায় । অনুষ্ঠানত তথ্য আৰু জনসংযোগ বিভাগৰ মন্ত্রী পীযুষ হাজৰিকাই কয়- অষ্টমখন কেবিনেটৰ সিদ্ধান্ত অনুসৰি দেশভক্ত তৰুণৰাম ফুকনৰ মৃত্যু দিৱস দেশভক্তি দিৱস হিচাপে পালন কৰা হৈছে ।

এইগৰাকী মহান দেশভক্তৰ অৱদানৰ কথা আমি পাহৰিব নোৱাৰো । দেশভক্ত তৰুণৰাম ফুকনৰ পৰামৰ্শ মনা হ'লে চৈয়দ ছাদুল্লা অসমৰ প্ৰথমজন প্ৰধানমন্ত্রী নহ'লহেতেন আৰু অসমে আজিৰ বিদেশী সমস্যাৰে যুঁজিবলগীয়া নহ'লহেতেন । অনুষ্ঠানত দেশভক্ত তৰুণৰাম ফুকনৰ নাতি হেমেন্দ্ৰৰাম ফুকনে কয়-' আমি ফুকন পৰিয়াল মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত চিৰ কৃতজ্ঞ হৈ থাকিম । তৰুণৰাম ফুকনৰ নামত এটা দিৱস পালন কৰাৰ বাবে তেওঁ চৰকাৰক কৃতজ্ঞতা জনায় ।

লগতে পঢ়কঃ অসম-মিজোৰাম সীমান্ত সংঘাত: তিনি আৰক্ষী অধীক্ষকৰ সাল-সলনি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.