ETV Bharat / state

গো-শালা:অসমৰ ভোটাৰক আকৰ্ষিত কৰাৰ বাবে কংগ্ৰেছৰ নতুন কৌশল

অসমৰ বাবে কংগ্ৰেছে প্ৰকাশ কৰিলে নিৰ্বাচনী ইস্তাহাৰ ৷ ৰাজ্যৰ প্ৰতিখন জিলাত গো-শালা স্থাপনৰ প্ৰতিশ্ৰুতিৰে নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰিছে দলটোৱে ৷ নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ বাবে গেৰুৱা দল বিজেপিৰ পাছতে এইবাৰ কংগ্ৰেছেও ল'লে গো-শালা ৷

author img

By

Published : Mar 20, 2021, 10:44 PM IST

Updated : Mar 20, 2021, 11:00 PM IST

নিউজ ডেস্ক,20 মাৰ্চ: শাসকীয় বিজেপিৰ পদাংক অনুসৰণ কৰি অসমত তিনিটা পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া বিধানসভা নিৰ্বাচনৰ বাবে ভোটাৰসকলক আকৰ্ষিত কৰিবলৈ কংগ্ৰেছে 'গৰুগাইৰ পথ' লোৱা পৰিলক্ষিত হৈছে ৷ পৰিৱৰ্তনক লক্ষ্য হিছাপে লৈ শনিবাৰে গুৱাহাটীত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে অসমৰ বাবে মুকলি কৰা দলৰ নিৰ্বাচনী ইস্তাহাৰখনত গেৰুৱা দলটোৰ বহুখিনি প্ৰভাৱ দেখিবলৈ পোৱা গৈছে ৷

কংগ্ৰেছে প্ৰকাশ কৰা নিৰ্বাচনী ইস্তাহাৰ খনত অসমৰ প্ৰতিখন জিলাত গো-শালা নিৰ্মাণৰ এক প্ৰতিশ্ৰুতি প্ৰদান কৰা হৈছে, যিটো বিষয় অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজনৈতিক প্ৰেক্ষাপটত পূৰ্বতে কেতিয়াও শুনিবলৈ পোৱা হোৱা নাই ৷

অসমৰ প্ৰত্যেকখন জিলাতে গো-শালা নিৰ্মাণ কৰাৰ পৰিকল্পনাৰ বিষয়ে জানিবলৈ দি কংগ্ৰেছ নেতা গৰাকীয়ে কয় যে, নিৰ্বাচনী ইস্তাহাৰ চূড়ান্ত কৰাৰ পূৰ্বে দলৰ নেতাসকলে অসমৰ প্ৰত্যেক চুকে-কোণে গৈ ৰাইজক লগ কৰিছে ৷ তেওঁ কয় যে, ৰাজ্যৰ ভিন্ন প্ৰান্তৰ ৰাইজে তেওঁলোকৰ গাইগৰুসমূহে গাখীৰ উৎপাদন কৰিবলৈ অক্ষম হোৱাৰ পাছতো গাইসমূহ ভালদৰে চোৱাচিতা কৰাটো বিচাৰে আৰু ৰাইজৰ এই ইচ্ছাৰ প্ৰতি সন্মান জনাই দলে অসমৰ প্ৰত্যেক জিলাত গো-শালা নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷

অৱশ্যে 'গো-মাতা' ক লৈ কংগ্ৰেছৰ এই আগ্ৰহ বৰ বেছি পুৰণি নহয় ৷ অতি শেহতীয়াকৈ এই পুৰণি দলটোৱে বিজেপিৰ বিকাশক প্ৰতিহত কৰাৰ উদ্দেশ্যে 'গাইগৰুৰ পথ' লৈ পৰীক্ষা-নিৰীক্ষা চলোৱা পৰিলক্ষিত হৈছে ৷ অতি সম্প্ৰতি 2018 ৰ মধ্য প্ৰদেশৰ বিধানসভা নিৰ্বাচনৰ সময়ত দলটোৱে গাইগৰুৰ বিষয়টোক লৈ পৰীক্ষণ চলাইছিল ৷ ৰাজ্যখনৰ প্ৰতিটো পঞ্চায়তত গো-শালা আৰু গৰুৰ সংৰক্ষণথলী গঢ়ি তোলাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ উপৰিও গো-মূত্ৰৰ স্বাস্থ্যজনিত লাভালাভৰ প্ৰতি লক্ষ্য ৰাখি দলটোৱে ৰাজ্যখনত গো-মূত্ৰৰ বাণিজ্যিক উৎপাদনৰ ব্যৱস্থা কৰিব বুলি আশ্বাস দিছিল ৷

উল্লেখ্য যে, বিগত বৰ্ষত উত্তৰ প্ৰদেশৰ কংগ্ৰেছ দলৰ প্ৰধান প্ৰিয়ংকা গান্ধীয়ে ৰাজ্য খনৰ গো-শালাসমূহৰ গৰুৰ দুৰ্দশাৰ বিষয়ে উল্লেখ কৰি ৰাজ্যখনৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথলৈ এখন পত্ৰ প্ৰেৰণ কৰিছিল ৷ তেওঁ আনকি উত্তৰ প্ৰদেশৰ গৰুসমূহ ৰক্ষা কৰাৰ বাবে এক পদ যাত্ৰাৰ কাৰ্যসূচীও গ্ৰহণ কৰিছিল ৷ এই পদযাত্ৰাক দলটোৱে "গাই বচাও, কিষাণ বচাও যাত্ৰা" নামেৰে অভিহিত কৰিছিল আৰু লগতে গৰু গ্ৰাম্য অৰ্থনীতিৰ এক অভিন্ন অংশ বুলি মন্তব্য কৰিছিল ৷

গুৱাহাটীৰ এগৰাকী ৰাজনৈতিক বিশেষজ্ঞ তথা জ্যেষ্ঠ সাংবাদিক হাইদৰ হুছেইনে কয় যে, "অতীজৰে পৰা গৰু ভাৰতীয় সংস্কৃতিৰ এক অভিন্ন অংশ হিছাপে অভিহিত হৈ আহিছে আৰু বিজেপিয়ে সফলতাৰে আৰম্ভণীৰে পৰা গৰুৰ বিষয়টোক নিৰ্বাচনৰ এক অংশ হিছাপে গঢ় দিলে ৷ সম্ভৱতঃ এই বাবেই কংগ্ৰেছেও এইবাৰ 'গাইগৰুৰ পথ' লোৱাৰ সিদ্ধান্ত লৈছে ৷ এই ঘোষণাই কংগ্ৰেছ দলক দুই ধৰণেৰে সহায় কৰাৰ সম্ভাৱনা আছে ৷ প্ৰথমতেই ই অতি নীৰৱে দলটোৰ হিন্দুত্ববাদী আদৰ্শৰ কথা ৰাইজৰ কাষলৈ লৈ যাব আৰু দ্বিতীয়তে কংগ্ৰেছে মুছলমানক সন্তুষ্ট কৰাক লৈ অধিক গুৰুত্ব প্ৰদান কৰা বুলি চলি অহা ধাৰণাটোৰ সৈতে জড়িত অভিযোগ খণ্ডন কৰাত সহায় কৰিব ৷

এইখিনিতে এই কথা উল্লেখ কৰিব লাগিব যে, কংগ্ৰেছে এইবাৰ মুছলমানৰ দল হিচাপে অভিহিত কৰা অল ইণ্ডিয়া ইউনাইটেড ডেম'ক্ৰেটিক ফ্ৰন্ট (এআইইউডিএফ) ৰ সৈতে মিত্ৰতাৰে অসম বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব ৷ সেয়ে, এআইইউডিএফৰ সৈতে মিত্ৰতা থকা সত্বেও 'গো-শালা' ৰ বিষয়টোৱে দলটোক হিন্দু ভোটাৰ সকলৰ মনত আত্মবিশ্বাস গঢ়ি তোলাৰ ক্ষেত্ৰত সহায় কৰাৰ সম্ভাৱনা আছে ৷

অৱশ্যে, লোকসভাৰ সাংসদ তথা দলৰ মুখপাত্ৰ আব্দুল খালেকে এই বিষয়টোক পৃথক ধৰণেৰে বিশ্লেষণ কৰিছে ৷ খালেকৰ মতে কংগ্ৰেছ আৰু বিজেপিৰ দৃষ্টিভংগীৰ মাজত পাৰ্থক্য আছে ৷ তেওঁ কয় যে, "আমি আজি প্ৰকাশ কৰা নিৰ্বাচনী ইস্তাহাৰখন অসমৰ ৰাইজৰ ইচ্ছা তথা আকাংক্ষাৰ এক প্ৰতিফলন ৷ গো-শালাৰ বিষয়টো ইস্তাহাৰত উল্লেখ কৰাৰ কাৰণ হ'ল এইয়ে যে, অসমৰ মানুহৰ জীৱন আৰু জীৱিকাৰ সৈতে গৰু অভিন্নভাৱে জড়িত হৈ আছে ৷ "

অৱশ্যে গো-শালাৰ প্ৰসংগেৰে কংগ্ৰেছ অসমৰ ৰাজনীতিত কেনে পৰিৱৰ্তন আনিবলৈ সক্ষম হ'ব সেয়া লক্ষণীয় হ'ব ৷

লগতে পঢ়ক: দীৰ্ঘদিনৰ অন্তত গৰজি উঠিল আছু: ৰাজ্যজুৰি কা বিৰোধী প্ৰতিবাদ

Last Updated : Mar 20, 2021, 11:00 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.