গুৱাহাটী,14 ফেব্ৰুৱাৰীঃ দেওবাৰে গুৱাহাটী মহানগৰীত মুকলি কৰা হ’ল তিনিখনকৈ উৰণীয়া সেঁতু ৷ পদপথৰ নৱনিৰ্মিত তিনিখন উৰণীয়া সেঁতু উদ্বোধন কৰে বিত্ত মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷
লোক নিৰ্মাণ বিভাগে নিৰ্মাণ কৰি থকা মহানগৰৰ নখন পদপথৰ উৰণীয়া সেঁতুৰ ভিতৰত দেওবাৰে কামাখ্যা গেট, গণেশগুৰি আৰু তাজ ভিভান্তাৰ সন্মুখত অৱস্থিত সেঁতু কেইখন ৰাইজৰ সুবিধাৰ্থে মুকলি কৰা হয় ৷ তাজ ভিভান্তা সন্মুখৰ উৰণীয়া সেঁতুখন আন উৰণীয়া সেঁতুৰ ভিতৰত অন্যতম উৰণীয়া সেঁতু হিচাপে চিহ্নিত হৈছে ৷ উক্ত উৰণীয়া সেঁতুখন বাঁহেৰে সৌন্দৰ্যবৰ্ধন কৰি তোলা হৈছে ৷ মেঘালয়-শ্বিলঙৰ পৰা অহা লোকে যাতে গুৱাহাটী মহানগৰৰ মূল দুৱাৰৰূপে থকা উৰণীয়া সেঁতুখনৰ সৌন্দৰ্য উপভোগ কৰিব পাৰে, তাৰ বাবে সজাই পৰাই তোলা হৈছে এই সেঁতুখন ৷
![মহানগৰীত মুকলি হ’ল তিনিখনকৈ ফুট অভাৰব্ৰীজ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-foot-over-bridge-innogoration-7209319_14022021113150_1402f_1613282510_448.jpg)
ইয়াৰ উপৰিও এবিচি পইণ্ট, খৃষ্টানবস্তিৰ পাছতে পুনৰ পথচাৰীৰ বাবে মুকলি কৰিবলগীয়া গণেশগুৰি আৰু খানাপাৰাৰ উৰণীয়া সেঁতুখন হ’ব অন্যতম ৷ মহানগৰীত নখন উৰণীয়া সেঁতুৰ নিৰ্মাণ কৰি থকা হৈছে ৷ বাকীকেইখন উৰণীয়া সেঁতু নিৰ্বাচন বিধি অনুসৰি ৩১ মাৰ্চৰ ভিতৰত সম্পূৰ্ণ হ’ব বুলি আনুষ্ঠানিকভাৱে ঘোষণা কৰে মন্ত্ৰীগৰাকীয়ে ৷
ইয়াৰ লগতে আগন্তুক এসপ্তাহৰ ভিতৰত চেৰাপভাটিৰ উৰণীয়া সেঁতুখনৰ আধাৰশিলা নিৰ্মাণ কৰা হ’ব বুলিও মন্তব্য কৰে অসম চৰকাৰৰ মন্ত্ৰীগৰাকীয়ে ৷ ২১-২২ ৰ বাজেটত ইয়াৰ কাম আৰম্ভ হ’ব বুলি উল্লেখ কৰে মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷
সমান্তৰালভাৱে গুৱাহাটীবাসী ৰাইজে সঘনাই সন্মুখীন হোৱা ট্ৰেফিক জামৰ সন্দৰ্ভতো মন্তব্য প্ৰকাশ কৰে মন্ত্ৰী শৰ্মাই ৷ ফুট অভাৰব্ৰীজৰ ১০০ মিটাৰ আশে-পাশে গাড়ী ৰখাব যাতে নোৱাৰে, তাৰ বাবে যান-বাহন নিয়ন্ত্ৰণ শাখাক আৰু কিছু সজাগ হ’বলৈ সকীয়নি প্ৰদান কৰে মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷
লগতে পঢ়কঃ শিৱসাগৰত ৰাহুল গান্ধীৰ নিৰ্বাচনী ৰণডংকা