ETV Bharat / state

মান্না দে’ৰ গীতত সুবাস বিলোৱা এগৰাকী অসমীয়া লোকশিল্পীৰ মৃত্যু

author img

By

Published : May 27, 2021, 9:49 PM IST

বুধবাৰে নিশা গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে লোকসংগীতৰ শিল্পী-সাহিত্যিক তথা গোৱালপাৰীয়া লোকগীতৰ একনিষ্ঠ সাধক নিখিলেশ বৰুৱাই ৷ সংকটজনক অৱস্থাত বিগত বহুদিন ধৰি চিকিৎসাধীন হৈ আছিল শিল্পীগৰাকী ৷

nikhilesh baruah death
মান্না দে’ৰ গীতত সুবাস বিলোৱা এগৰাকী অসমীয়া লোকশিল্পীৰ মৃত্যু

গুৱাহাটী,27 মে’ : অসমৰ লোকসংগীতৰ শিল্পী-সাহিত্যিক তথা গোৱালপাৰীয়া লোকগীতৰ একনিষ্ঠ সাধক নিখিলেশ বৰুৱাৰ বুধবাৰে নিশা মৃত্যু হয় ৷ সংকটজনক অৱস্থাত গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালত কেইবাদিনো ধৰি চিকিৎসাধীন হৈ থকাৰ পাচত সংসাৰৰ পৰা ইহলীলা সম্বৰণ কৰে শিল্পীগৰাকীয়ে ৷

উল্লেখ্য যে, অসম চৰকাৰৰ ‘শিল্পী বঁটা’ৰে সন্মানিত কণ্ঠশিল্পী-লেখক আৰু তথ্যচিত্ৰ নিৰ্মাতা নিখিলেশ বৰুৱা বিগত কিছুদিনৰ পৰাই আক্ৰান্ত হৈ আছিল যকৃত আৰু আনুসংগিক অন্যান্য জটিল ৰোগত । নিখিলেশ বৰুৱাই 70 দশকত কলকাতাত কিংবদন্তী সংগীত শিল্পী হেমন্ত মুখাৰ্জী আৰু মান্না দে’ই কণ্ঠদান কৰা গীত ৰচনা কৰিছিল ৷ ড৹ ভূপেন হাজৰিকাৰ পাচতে নিখিলেশ বৰুৱা হ’ল অসমৰ দ্বিতীয় বা শেষ ব্যক্তি, যাৰ সংগীত নিৰ্দেশনাত হেমন্ত মুখাৰ্জী আৰু মান্না দে’ই গীত পৰিৱেশন কৰিছিল ।

চলচ্চিত্ৰ জগতৰ অমৰ শিল্পী প্ৰমথেশ বৰুৱাৰ জন্ম শতবাৰ্ষিকীত নিখিলেশ বৰুৱাই ‘দূৰদৰ্শন’ৰ বাবে নিৰ্মাণ কৰা ‘জীৱনশিল্পী প্ৰমথেশ বৰুৱা’ নামৰ তথ্যচিত্ৰখনে ‘প্ৰচাৰ ভাৰতী’ৰ শ্ৰেষ্ঠ চুটি তথ্যচিত্ৰৰ সন্মান লাভ কৰিছিল । নিখিলেশ বৰুৱাৰ মৃত্যু অসমৰ সাংস্কৃতিক জগতৰ বাবে এক অপূৰণীয় ক্ষতি ।

লগতে পঢ়ক : চৰকাৰলৈ কি আহ্বান জনালে কণ্ঠশিল্পী কুসুম কৈলাশে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.